অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন জুবিন গার্গ জনতাৰ হৃদয়ত জীয়াই থাকিব
১২৬সংখ্যক ‘মন কী বাত’ত৷ অনাতাঁৰযোগে সম্প্রচাৰিত অনুষ্ঠানটোত প্রধানমন্ত্রী মোদীয়ে অসমক বিশ্ব দৰবাৰলৈ লৈ যোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু জুবিন গার্গক সশ্রদ্ধ সোঁৱৰণ কৰে৷
অসমবাসীক শোকাহত কৰি ৰখা প্রাণৰ শিল্পী জুবিন গার্গ-ৰ বিয়োগৰ প্রসংগই স্থান পালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ১২৬সংখ্যক ‘মন কী বাত’ত৷ অনাতাঁৰযোগে সম্প্রচাৰিত অনুষ্ঠানটোত প্রধানমন্ত্রী মোদীয়ে অসমক বিশ্ব দৰবাৰলৈ লৈ যোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু জুবিন গার্গক সশ্রদ্ধ সোঁৱৰণ কৰে৷
দুয়োগৰাকী দুর্দান্ত সংগীত প্রতিভাৰ অডিঅ’ ক্লিপ সংলগ্ন কৰি ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে কয় যে এই কণ্ঠস্বৰে প্রমাণ কৰে, কেনেকৈ ড০ ভূপেন হাজৰিকাৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সেতু গঢ়িছে৷ প্রকৃততে শ্রীলংকাত এক অতি প্রশংসনীয় প্রচেষ্টা কৰা হৈছে৷
ভূপেনদাৰ এটা কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ শ্রীলংকাৰ শিল্পীসকলে অনুবাদ কৰিছে সিংহলী আৰু তামিল ভাষালৈ৷ মই আপোনালোকক অডিঅ’টো শুনাইছোঁ৷ কেইদিনমান পূর্বে অসমত তেওঁৰ জন্ম শতবার্ষিকী উদ্যাপনত অংশগ্রহণ কৰাৰ মোৰ সৌভাগ্য হৈছিল৷ এইটো সঁচাকৈ আছিল অতি স্মৰণীয় কার্যসূচী৷
যি সময়ত অসমত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন কৰা হৈছে, তেনে সময়তে কেইদিনমান আগতে এক দুখৰ সময়ো আহিল৷ জুবিন গার্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰিছে৷ জুবিন গার্গ এগৰাকী প্রখ্যাত গায়ক আছিল, যিয়ে সমগ্র দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল৷ অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ সম্পর্ক আছিল গভীৰ৷
জুবিন গার্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্রজন্মকো মন্ত্রমুগ্ধ কৰি ৰাখিব৷ জুবিন গার্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন৷ জনতাৰ হূদয়ত তেওঁ সদায় জীয়াই থাকিব৷ প্রধানমন্ত্রী মোদীয়ে ‘মন কী বাত’ত জন্মদিন উপলক্ষে দুই মহান ভাৰতীয় শ্বহীদ ভগৎ সিং আৰু লতা মংগেশকাৰকো শ্রদ্ধাসহকাৰে সোঁৱৰণ কৰে৷ তেওঁ কয় যে অমৰ শ্বহীদ ভগৎসিং প্রত্যেক ভাৰতবাসী বিশেষকৈ যুৱপ্রজন্মৰ বাবে প্রেৰণা৷
তেওঁৰ স্বভাৱত আছিল নির্ভীকতা৷ দেশৰ বাবে ফাঁচিকাঠত ওলোমোৱাৰ পূর্বে ইংৰাজসকললৈ এক পত্র লিখিছিল৷ তেওঁ কৈছিল– মোৰ লগতে মোৰ সংগীসকলক যেন যুদ্ধবন্দীৰ দৰে ব্যৱহাৰ কৰক৷ সেইবাবেই আমাৰ ফাঁচি দি নহয় বন্দুকেৰে গুলীয়াই মাৰি পেলাওক৷ এয়াই আছিল তেওঁৰ অদম্য সাহসৰ প্রমাণ৷ ভগৎ সিং মানুহৰ কষ্টৰ প্রতি সংবেদনশীল আছিল আৰু সকলোকে সহায়ৰ হাত আগবঢ়াইছিল৷ মই শ্বহীদ ভগৎ সিঙক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷
সেইদৰে দেশবাসীক শোকাহত কৰি চিৰদিনৰ বাবে অজান্তি মুলুকলৈ গতি কৰা লতা মংগেশকাৰক সুঁৱৰি প্রধানমন্ত্রী মোদীয়ে কয়, আজি লতা মংগেশকাৰৰো জন্মবার্ষিকী৷ ভাৰতীয় সংস্কৃতি তথা সংগীতৰ প্রতি আগ্রহীসকল তেওঁৰ গীত শুনি অভিভূত হয়৷ তেওঁৰ গীতে চুই যায় মানৱীয় সংবেদনশীলতাক৷ তেওঁ গোৱা দেশভক্তিমূলক গীতে সকলোকে প্রেৰণা যোগায়৷
ভাৰতীয় সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পর্ক আছিল৷ মই লতা দিদিক সহৃদয়তাৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ লতা দিদিয়ে অনুপ্রেৰণা লাভ কৰা ব্যক্তিসকলৰ ভিতৰত বীৰ সাৱৰকাৰো অন্যতম৷ তেওঁক লতা দিদিয়ে ‘তাত্যাঁ’ অর্থাৎ পিতা সম্বোধন কৰিছিল৷ বীৰ সাৱৰকাৰৰ বহু গীতত তেওঁ সুৰ নিগৰাইছে৷ লতা দিদিৰ সৈতে মোৰ স্নেহৰ বান্ধোন সদায়ে অটুট আছিল৷ প্রতিবছৰেই তেওঁ মোলৈ ৰাখী পঠিয়াবলৈ নাপাহৰিছিল৷ মোৰ মনত আছে, মাৰাঠী সুগম সংগীতৰ মহান শিল্পী সুধীৰ ফড়কে মোক লতা দিদিৰ সৈতে পৰিচয় কৰাই দিছিল আৰু মই লতা দিদিক কৈছিলোঁ যে তেওঁ গোৱা সুধীৰজীৰ দ্বাৰা সংগীতবদ্ধ গীত ‘জ্যোতি কলশ ছলকে’ মোৰ প্রিয়৷
প্রধানমন্ত্রী মোদীয়ে ‘মন কী বাত’ত ভকেল ফৰ লোকেলৰ প্রসংগ দোহাৰে৷ সেইদৰে তেওঁ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ স্থাপনৰ ১০০ বছৰ পূর্ণ হোৱাৰ কথাও উল্লেখ কৰি কয় যে কেইদিনমানৰ পিছতে আমি বিজয়া দশমী উদ্যাপন কৰিম৷ এইবাৰ বিজয়া দশমী এটা কাৰণত বিশেষ৷ কিয়নো এই দিনটোতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ স্থাপন হোৱাৰ ১০০ বছৰ পূর্ণ হ’ব৷
অহা ৭ অক্টোবৰত মহর্ষি বাল্মীকি জয়ন্তী৷ মহর্ষি বাল্মীকিয়ে আমাৰ ৰাম অৱতাৰ সম্পর্কীয় কাহিনীৰ মাজেৰে বিশদভাৱে পৰিচয় কৰাইছিল৷ তেওঁ মানৱ জাতিক ৰামায়ণৰ দৰে বিস্ময়কৰ গ্রন্থ দি গৈছে৷ প্রধানমন্ত্রী মোদীয়ে শেহতীয়াকৈ প্রাণ হেৰুওৱা দেশৰ অন্যতম মহান বিশ্লেষক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ প্রসংগ ‘মন কী বাত’ত উল্লেখ কৰে৷ প্রধানমন্ত্রী মোদীৰ মতে, এছ এল ভৈৰপ্পাৰ সৃষ্টিয়ে যুৱপ্রজন্মক চিন্তাধাৰাৰ বাট দেখুৱাই থাকিব৷ শেষত প্রধানমন্ত্রী মোদীয়ে দেশবাসীক দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে আমি আত্মনির্ভৰশীল হ’ব লাগিব৷ দেশক আত্মনির্ভৰশীল কৰি তুলিবই লাগিব আৰু স্বদেশীৰ চিন্তাৰেহে আগবাঢ়িব পৰা যাব এই পথত৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ