এই পূজা সেই পূজা নহয়
আগৰ দৰেই এইবাৰো কঁহুৱা ফুলিছে৷ দিনৰ উত্তপ্ত গৰম নিশালৈ ক্রমশঃ নিস্তেজ হৈছে৷ এটা ফুৰফুৰীয়া উছাহ বতাহত উৰি ফুৰিছে৷ জলমলাই উঠিছে সেউজীয়া গছ আৰু পাহাৰবোৰ৷ পোহৰত জিলিকিছে পথ আৰু পথৰ দাঁতিৰ দোকানবোৰ৷ ভিন্নৰঙী নানা তৰহৰ পোছাকেৰে ভৰি পৰিছে শ্বপিং মলবোৰ৷ শৰতক আদৰাৰ সকলো প্রস্তুতিয়ে পূর্বৰ বছৰৰ দৰে এইবাৰো একেই আছে৷ একেই আছে প্রকৃতি আৰু মানুহবোৰ৷ একেই আছে দোকান–পোহাৰ আৰু বজাৰবোৰ৷ চিৰাচৰিতভাৱে একেদৰেই কালি সন্ধিয়া ষষ্ঠীৰ বেদীত দেৱীক প্রতিষ্ঠা কৰা হৈ গৈছে৷ মাথোঁ একেই নাই পূজাৰ সেই উছাহ, পূজাৰ সেই আনন্দ৷ একেই নাই আৱেগ… আজি যে শিল্পী নাই৷ এক দুর্ভাগ্যজনক পৰিস্থিতিত সুদূৰ বিদেশত ৰহস্যজনকভাৱে চিৰদিনৰ বাবে অজান দেশলৈ গুচি গৈছে অসমীয়াৰ হিয়াৰ আমঠু৷ ৯টা দিন পাৰ হৈ গ’ল, কিন্তু এতিয়াও অমৃতকণ্ঠক হেৰুওৱাৰ সেই দুখ সাগৰত আকণ্ঠ ডুব গৈ আছে সমগ্র ৰাজ্য৷ যি পূজাৰ আগমনত উদ্বেল্লিত হৈ উঠে অসমীয়া, সেই পূজাক লৈ যেন এইবাৰ নাই কোনো উছাহ৷ শুনা যোৱা নাই ঢাকৰ অবিৰাম শব্দ৷ ৰাস্তাৰ দুয়োকাষে জলমলাই জ্বলি উঠা নাই চকু চাট মৰা লাইটবোৰ৷ পূজাৰ মণ্ডপবোৰতো নাই এইবাৰ শ্রেষ্ঠত্বৰ অঘোষিত প্রতিযোগিতা৷ বহু ঠাইত আটকধুনীয়াকৈ মণ্ডপবোৰ সজোৱা হৈছে যদিও সেই মণ্ডপৰ প্রচাৰৰ নাই ব্যাপক আয়োজন৷ কোনে কিমান ডাঙৰ–বৃহৎ দেৱী–অসুৰৰ মূর্তি স্থাপন কৰিছে, কি হৰেকৰকমৰ স্থাপত্যৰে মণ্ডপ সাজিছে সেই খবৰ এইবাৰ প্রচাৰ হোৱা নাই সংবাদ মাধ্যমত৷ দোকান আৰু বজাৰবোৰ সেই আগৰ দৰেই খোলা ৰৈছে যদিও পূজাৰ বজাৰত বিৰ দি বাট পাবলগীয়া অৱস্থাৰ সৃষ্টি হোৱা নাই৷ পূর্বৰ বছৰবোৰৰ তুলনাত এইবাৰ এতিয়ালৈকে প্রায় ৩০ শতাংশ ব্যৱসায় কমকৈ হৈছে৷ কেৱল কাপোৰেই যে কমকৈ বিক্রী হৈছে তেনে নহয়, বিক্রী হ্রাস পাইছে গাড়ীৰো৷ হ্রাস পাইছে বেলুন–হৰেকৰকমৰ খেলনাৰ চাহিদাও৷ জুবিনবিহীন বিষাদত বুৰ গৈ আছে সর্বত্র৷ এই বিষাদৰ ছবি দেখা পোৱা গৈছে পূজা সমিতিৰ বিষয়ববীয়াসকলৰ মুখত আৰু মণ্ডপবোৰত৷ বহু মণ্ডপতে জুবিনৰ স্মৰণত বিশেষ আয়োজন কৰা হৈছে৷ ক’ৰবাত যদি শিল্পীগৰাকীৰ বিশালাকাৰ এখন ফটো ৰাখি শ্রদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে, তেন্তে আন ক’ৰবাত পূজাৰ কেউটা দিন অমৃতকণ্ঠৰ গান অহর্নিশে বজোৱাৰ দিহা কৰা হৈছে৷ কার্যতঃ এইবাৰ পূজা জুবিনময়ে হৈ থাকিব৷
উল্লেখনীয় যে একে সময়তে বিষাদ আৰু আনন্দৰ এনে অনাহূত পৰিস্থিতিৰ সন্মুখীন ইতিপূর্বে ৰাজ্যবাসী হোৱা নাছিল৷ এনে পৰস্পৰবিৰোধী অভিজ্ঞতা হয়তো সমগ্র ৰাজ্যখনৰ বাবে এইবাৰেই প্রথম৷ স্বাভাৱিকভাৱে অসমৰ প্রাণৰ শিল্পীৰ চিৰবিদায়ৰ মর্মান্তিক আঘাতৰ বিষাদে পূজাৰ আনন্দক অতিক্রমি গৈছে৷ আন বছৰবোৰত যি আৱেগৰ ঢৌৱে এই সময়ত ৰাজ্যবাসীক ধুৱাই নিয়ে সেই আৱেগৰ ঢৌৰ পৰিৱর্তে বিষাদৰ জোৱাৰত ভাহি আছে ৰাজ্যখনৰ তিনি কোটি বাসিন্দা৷ অৱশ্যে বুকুত সেই হাহাকাৰ লৈয়ে পৰম্পৰাগতভাৱে দেৱী দুর্গা পূজাভাগ আয়োজন কৰি মাক বিদায় দিব ভক্তসকলে৷ উছাহ–উলাহ নাথাকিলেও পূজা আয়োজনৰ মাংগলিক ৰীতি–নীতিৰ কোনো হেৰফেৰ নহ’ব৷ ষষ্ঠীৰ পিছত আজি সপ্তমী পূজাৰ পৰাই ভক্তসকলে তেওঁলোকৰ দেৱী চেতনা নিজকে মনেপ্রাণে সপি দিব৷ ৰাজ্যখনৰ প্রায় সকলো বাসিন্দাই এবুকু হাহাকাৰ লৈয়ে এইবাৰৰ পূজা আয়োজন কৰি সামৰিব৷ অৱশ্যে এই পূজা চলি থকাৰ সময়তো ৰাজ্যবাসীয়ে নিঃসন্দেহে চকু ৰাখিব জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ অগ্রগতিত৷ কিয়নো প্রাণৰ শিল্পীৰ মৃত্যুৰ ৰহস্য উদঘাটনেই এতিয়া অসমীয়াৰ মূল ইছ্যু৷ নিকট ভৱিষ্যতত এই ৰহস্য উন্মোচন নোহোৱালৈ অসমীয়াই ক্ষান্ত হোৱাৰ প্রশ্ণই নুঠে৷ ইয়াৰ প্রমাণ পোৱা গৈছে পূজা আয়োজনৰ সমান্তৰালকৈ জুবিনৰ তদন্তৰ গতিবিধি লক্ষ্য কৰি থকা তথা দোষীক কৰায়ত্ত কৰাৰ বাবে উঠি থকা দাবীৰ পৰাই৷ নিশ্চিতভাৱে পূজাৰ দিনচেৰেকত সাময়িকভাৱে প্রাণৰ শিল্পীৰ তদন্তৰ প্রক্রিয়া তথা ৰাইজৰ হেঁচা কিছু শিথিল হ’ব যদিও পূজাৰ পিছতেই কিন্তু ৰাইজে তদন্তৰ পৰিণতিৰ হিচাপ বিচাৰিব৷ এই সময়তে পূজাৰ মণ্ডপৰ চৌহদত জুবিনক চিৰ যুগমীয়া কৰি ৰখাৰ বাবে লোৱা এক পদক্ষেপে লক্ষ লক্ষজনৰ দৃষ্টি আকর্ষণ কৰিছে৷ বহু পূজা কমিটীয়ে এইবাৰৰ পূজাৰ মণ্ডপত জুবিনৰ প্রিয় নাহৰৰ পুলি এজোপা ৰোৱাৰ বাবে সিদ্ধান্ত লৈছে৷ সমান্তৰালকৈ বহু জুবিনপ্রেমীয়ে ৰাজ্যৰ প্রতিখন পূজামণ্ডপত এজোপাকৈ নাহৰৰ পুলি ৰোপণ কৰাৰ বাবে আহ্বান জনাইছে৷ প্রাণৰ শিল্পীগৰাকীক যুগমীয়া কৰি ৰখাৰ বাবে তথা তেওঁক উচিত সন্মান জনোৱাৰ বাবে এই নাহৰ পুলি ৰোপণৰ সিদ্ধান্ত নিঃসন্দেহে এক প্রকৃত শ্রদ্ধাঞ্জলি তর্পণ হ’ব৷ এই পূজাক প্রকৃতার্থত স্মৰণীয় কৰি ৰখাৰ বাবে এজোপা নাহৰ পুলি ৰোপণ কৰাটো হ’ব প্রাণৰ শিল্পীগৰাকীক আমি এই মুহূর্তত দিব পৰা শ্রেষ্ঠতম শ্রদ্ধার্ঘ্য৷