নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ১৫ বছৰীয়া শাসন কালত দুর্নীতিৰ দোকান খোলা হৈছিল

মাজুলীত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ অধিকাৰ সাব্যস্তকৰণৰ বাবে আজি ৰাজ্য চৰকাৰে দ্বিতীয় পর্যায়ত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা আৰু ভূমি আবণ্টন পত্র প্রদান কৰে৷ মাজুলীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা মাজুলী জিলা প্রশাসনৰ সহযোগত দৰীয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত জিলাখনৰ খিলঞ্জীয়া ৩,৫৭৮টা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা আৰু আবণ্টন পত্র আনুষ্ঠানিকভাৱে প্রদান কৰে৷ দ্বিতীয় পর্যায়ৰ এই কার্যসূচী ৰূপায়ণ হোৱাৰ ফলত সমগ্র ৰাজ্যখনত ১ লাখতকৈও অধিক খিলঞ্জীয়া ভূমিহীন পৰিয়ালে মাটিৰ ওপৰত নিজৰ অধিকাৰ লাভ কৰাৰ পথ প্রশস্ত হয়৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে ভাষণত কয় যে খিলঞ্জীয়া সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত হ’ব৷ অসম চৰকাৰে থলুৱা তথা খিলঞ্জীয়া পৰিয়ালৰ জাতি–মাটি–ভেটি সুৰক্ষাৰ বাবে যি প্রতিশ্রুতি দিছিল, সেয়া নতুন ভূমি নীতি হাতত লৈ ৰাজ্যখনৰ ১ লাখৰো অধিক ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা প্রদান কৰি আজি সেই প্রতিশ্রুতি পূৰণ কৰিলে৷ এই পদক্ষেপে অসম আন্দোলনৰ অন্যতম দাবী পূৰণ কৰাৰ লগতে থলুৱা খিলঞ্জীয়া পৰিয়ালৰ জাতি–মাটি–ভেটি সুৰক্ষিতকৰণৰ দিশত বৃহৎ ভূমিকা পালন কৰিব৷ মাটিৰ ওপৰত অধিকাৰ নাথাকিলে এটা জাতিৰ ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি উল্লেখ কৰি সোণোৱালে কয় যে ইয়াৰ বাবেই ২০১৬ চনত বর্তমানৰ ৰাজ্য চৰকাৰে শাসনভাৰ লৈয়েই থলুৱা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদানৰ সিদ্ধান্ত লৈছিল৷ বর্তমানৰ ৰাজ্য চৰকাৰে অসম চুক্তিৰ সকলো দফাৰ ফলপ্রসূ ৰূপায়ণৰ দিশত অবিৰতভাৱে পদক্ষেপ লৈ যাব৷ এন আৰ চিৰ প্রসংগ উল্লেখ কৰি সোণোৱালে কয় যে এখন ত্রুটিহীন এন আৰ চি প্রস্তুত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰ দায়বদ্ধ৷ জনসাধাৰণৰ সক্রিয় সহযোগত বর্তমানৰ চৰকাৰে অসম তথা অসমীয়াৰ স্বার্থ সুৰক্ষিতকৰণৰ দিশত কোনো ত্রুটি কৰা নাই৷ বৰং নিষ্ঠা সহকাৰে আত্মনিয়োগ কৰিছে৷ সেইদৰে অসম চুক্তিৰ ৬নং দফা ফলপ্রসূ ৰূপায়ণৰ দিশতো চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ লৈছে৷ ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰাৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰৰ সহযোগত বর্তমানৰ ৰাজ্য চৰকাৰে ফলপ্রসূ ব্যৱস্থা লৈছে৷ অসমৰ কৃষ্টি–সংস্কৃতিৰ পৰিচয় বহন কৰা সত্রসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও বর্তমানৰ চৰকাৰখনে আন্তৰিকতাৰে পদক্ষেপ লৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক–সাংস্কৃতিক ঐতিহ্য সুৰক্ষিতকৰণৰ বাবে অসম চৰকাৰে অসম সাহিত্য সভাকে ধৰি ৩৩খন সাহিত্য সভালৈ কৰপাছ ফাণ্ড গঠনৰ বাবে পুঁজি আগবঢ়োৱাৰ লগতে সত্র তথা নামঘৰসমূহলৈ বিত্তীয় সাহায্য আগবঢ়াইছে৷ উল্লেখ্য যে আজি মাটিৰ পট্টা বিতৰণকে ধৰি মাজুলীত বর্তমানৰ চৰকাৰখনে মুঠ ৮,৪৮৯টা খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা আৰু আবণ্টন পত্র প্রদান কৰে৷ অহা দুটা মাহত মাজুলীত আৰু ৫ হাজাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা তথা ভূমি আবণ্টন পত্র প্রদান কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া মাধৱ দেউৰী, দুলীয়াজান–নুমলীগড়্ পাইপলাইন লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামী, মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰীয়েও বক্তব্য প্রদান কৰে৷

ইপিনে, সেই অনুষ্ঠানৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী সোণোৱালে কয় যে বর্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ পাছতেই বিগত চাৰে চাৰিটা বছৰত বিভিন্ন বিভাগত প্রায় ৮০ হাজাৰ যুৱক–যুৱতীক সম্পূর্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত নিয়মীয়া তথা ঠিকাভিত্তিক নিযুক্তি প্রদান কৰা হৈছে৷ এই নিযুক্তিসমূহৰ ক্ষেত্রত কেতিয়াও কোনেও চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ আঙুলি উঠাবলৈ সুযোগ পোৱা নাই৷ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ ক্ষেত্রত কোনো দুষ্টচক্রই চৰকাৰখনৰ নিকা ভাবমূর্তিত চেকা লগাবলৈ অপচেষ্টা কৰিছিল৷ কিন্তু চৰকাৰৰ এই কথা দৃষ্টিগোচৰ হোৱাৰ পাছতেই অতি তৎপৰতাৰে এই পৰীক্ষা বাতিল কৰা হয়৷ এই অপকর্মত জড়িত কোনো লোককেই চৰকাৰে সাৰি যাবলৈ নিদিয়ে৷ সন্দেহৰ আঙুলি উঠা আপোন–পৰ কাকো ৰেহাই দিয়া নহ’ব বুলি সোণোৱালে স্পষ্ট কৰি দিয়ে৷ সেইদৰে কংগ্রেছে দুর্নীতিৰ প্রতিবাদ কৰা কার্যক তীব্র কটাক্ষ কৰি সোণোৱালে কয় যে কংগ্রেছ হৈছে দুর্নীতিৰ সদাগৰ৷ যোৱা ১৫ বছৰীয়া শাসনকালত কংগ্রেছে পর্বতসম দুর্নীতি কৰি গৈছে৷ শাসনকালত কংগ্রেছে ৰাজ্যত দুর্নীতিৰ দোকান খুলি লৈছিল৷ প্রায় প্রতিটো বিভাগতে নিযুক্তি, ঠিকা–ঠুকলিৰ নামত দলটোৰ নেতা–পালিনেতাই অবাধ কেলেংকাৰিৰ বেহা চলাইছিল৷ দুর্নীতিক তেওঁলোকে চৰকাৰী প্রশাসনযন্ত্রৰ এক অভিন্ন অংগ কৰি পেলাইছিল৷ এতিয়া সেই কংগ্রেছে দুর্নীতিৰ প্রতিবাদ কৰা আৰু বাঘে নিৰামিষভোজী হ’বলৈ চেষ্টা কৰা একেই কথা৷ নিজে ডিঙিলৈকে বোকাত ডুবি থাকি আনৰ পোছাকত বোকাৰ দাগ দেখি হঁহাৰ দৰেই এই দলটোৱে দুর্নীতিৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে৷ লোকসেৱা আয়োগৰ কেলেংকাৰি, আনটাইড ফাণ্ডৰ খেলিমেলি, ভূমি অধিগ্রহণ কেলেংকাৰি, আবকাৰী বিভাগৰ ব’ণ্ডেড ৱেৰহাউছ কেলেংকাৰি, কৃষি বিভাগৰ সাৰ আৰু বীজ কেলেংকাৰি আদিকে ধৰি কংগ্রেছৰ ১৫ বছৰীয়া অপশাসনত সংঘটিত দুর্নীতিৰ তালিকাখন খুচুৰিবলৈ গ’লে ই অসমৰ ইতিহাসত সর্বকালৰ সর্ববৃহৎ তালিকাত পৰিণত হ’ব৷ দুর্নীতি সংঘটিত কৰাৰ ক্ষেত্রত কংগ্রেছ দলটো ইমানেই অসংবেদনশীল আৰু অমানৱীয় আছিল যে তেওঁলোকে আনকি শিশুৰ মুখৰ পুষ্টিকৰ আহাৰো চান কাঢ়ি খাবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ভুৱা ৰেচন কার্ডৰ জৰিয়তে দুখীয়া ৰাইজৰ বাবে অহা চাউল, আটা আদি সুলভ মূল্যৰ খাদ্য–সামগ্রীও কংগ্রেছে আত্মসাৎ কৰিছিল৷ ইন্দিৰা আৱাস যোজনাৰ নামত দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে অহা ঘৰকেইটা আবণ্টনৰ নামতো কংগ্রেছে দুর্নীতিৰ পোহাৰ মেলিছিল৷ কিন্তু বর্তমানৰ ৰাজ্য চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে প্রথমৰ পৰাই শূন্য সহনশীল নীতি গ্রহণ কৰি আহিছে৷ দুর্নীতিত জড়িত ভাৰতীয় অসামৰিক সেৱাৰ সচিব পর্যায়ৰ বিষয়াকে ধৰি মুখ্য অভিযন্তা, উপায়ুক্ত, ডি এফ অ’, অতিৰিক্ত উপায়ুক্ত, সঞ্চালক, চক্র বিষয়াৰ দৰে লোককো ৰঙাঘৰলৈ পঠিওৱাৰ ক্ষেত্রত বর্তমানৰ চৰকাৰে কুণ্ঠাবোধ কৰা নাই৷

You might also like