নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত লাঠীচালনা মঙলদৈত আৰক্ষীৰ কন্দুৱা গেছ

এছ আই কেলেংকাৰিৰ তদন্তৰ দাবীত ৰাজ্যজুৰি কংগ্রেছৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ প্রতিবাদত অসম প্রদেশ কংগ্রেছ কমিটীৰ আহ্বানমর্মে আজি ৰাজ্যজুৰি জিলাই জিলাই কংগ্রেছে এক প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী কর্মৰত ন্যায়াধীশৰ জৰিয়তে এই কেলেংকাৰিৰ তদন্ত কৰাৰ দাবীত আজি প্রতিখন জিলা কংগ্রেছ কমিটীয়ে আৰক্ষী অধীক্ষকৰ কার্যালয় ঘেৰাওৰ বাবে এক কার্যসূচী গ্রহণ কৰে৷ এই কার্যসূচী ৰূপায়ণত আৰক্ষী–র্ধসামৰিক বাহিনীয়ে বাধা প্রদান কৰাত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ বিভিন্ন স্থানত প্রতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হোৱাত আৰক্ষীয়ে প্রতিবাদকাৰীসকলক্ লাঠীচালনা, চোঁচৰাই আটক কৰিবলৈ বাধ্য হয়৷ গুৱাহাটী মহানগৰীতো মহানগৰ জিলা কংগ্রেছ কমিটীৰ উদ্যোগত মেঘদূত ভৱনৰ সন্মুখত কংগ্রেছ কর্মীসকল সমৱেত হৈ আৰক্ষী আয়ুক্তৰ কার্যালয় ঘেৰাওৰ বাবে উদ্যত হয়৷ বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পদত্যাগ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ অৱশ্যে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে সেই স্থানত বেৰিকেড স্থাপন কৰি প্রতিবাদকাৰীসকলক্ আৰক্ষী আয়ুক্তৰ কার্যালয় ঘেৰাওত বাধা প্রদান কৰি আটক কৰে৷
মঙলদৈত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ
আৰক্ষী উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিক লৈ কংগ্রেছে মঙলদৈত উলিওৱা প্রতিবাদৰ সময়তে আজি উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ ক’ভিড, ১৪৪ ধাৰা সকলো একাষৰীয়া কৰি ৰাজপথতে প্রতিবাদী আৰু আৰক্ষীৰ মাজত বেৰিকেড ঠেলা–হেঁচাক লৈ সৃষ্টি হয় এখন ৰণ৷ আনকি এই উত্তেজনাৰ মাজত সোমাই পৰা দৰং কংগ্রেছৰ সভানেত্রীগৰাকী মাটিত ঢ়লি পৰে আৰু চিকিৎসা কৰাব লগা হয়৷ এনে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰা বুলি একাংশ কংগ্রেছীয়ে অভিযোগ কৰে যদিও আৰক্ষীয়ে অস্বীকাৰ কৰিছে৷ লক্ষণীয় যে উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰি আৰু উত্তৰ প্রদেশত কংগ্রেছ নেতা ৰাহুল গান্ধীক প্রহাৰ কৰাৰ প্রতিবাদত আজি দৰং জিলা কংগ্রেছে এক বিশাল প্রতিবাদী সমদল উলিয়ায়৷ দিনৰ ১১ বজাত মঙলদৈ ৰাজীৱ ভৱনৰ পৰা উলিওৱা সমদলটো চহৰৰ মাজেৰে গৈ আৰক্ষী অধীক্ষকৰ কার্যালয় ঘেৰাও কৰিবলৈ আগবাঢ়ে যদিও বিশাল আৰক্ষী বাহিনীয়ে ১৫নং ৰাষ্ট্রীয় ঘাইপথত বাধা দিয়ে৷ ৰাজীৱ ভৱনৰ সমীপতে ১৪৪ ধাৰাৰ বাবে দণ্ডাধীশে সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰে যদিও প্রতিবাদীসকল আগবাঢ়ে৷ যাৰ বাবে ৪/৫খনকৈ আইৰন বেৰিকেড বহুৱাই বাধা দিয়ে আৰক্ষীয়ে৷ কিন্তু কংগ্রেছীসকলে প্রতিবাদ কোনো কাৰণতে স্তব্ধ নকৰি জিলা পুথিভঁৰাল চৌহদ পর্যন্ত আগুৱায় আৰু ইয়াতে আটক কৰি মঙলদৈৰ ভেবাৰঘাট ৰাজহুৱা বাছ আস্থানত অৱস্থান কৰোৱায়৷ মঙলদৈৰ প্রাক্তন সাংসদ মাধৱ ৰাজবংশী, প্রাক্তন মন্ত্রী বসন্ত দাস, বিধায়ক ইলিয়াছ আলী, জিলা সভানেত্রী ৱাহিদা আহমেদৰ নেতৃত্বত প্রতিবাদীসকলে ৰাজ্য চৰকাৰে দুর্নীতি নির্মূল কৰিব বুলি ক্ষমতালৈ আহি নিজেই দুর্নীতি কৰাৰ অভিযোগ আনে৷ মুখ্যমন্ত্রী হায়, হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দিয়া সহস্রাধিক কংগ্রেছীক আবেলি ৩ বজাত মুকলি কৰি দিয়া হয়৷ কার্যসূচীত কংগ্রেছৰ সাধাৰণ সম্পাদক জয়ন্ত শর্মা, সেৱা দলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা, ব্লক সভাপতি কুমাৰ ৰাকেশ বৰুৱা, কমলা শইকীয়া, লুতফুৰ ৰহমান, কুলদীপ বৰুৱা, ৰঞ্জিত ৰাজবংশীসহ ভালেকেইগৰাকী নেতাই ভাগ লয়৷
নগাঁৱত লাঠীচালনা, কান্ধত নাঙল–যুৱলি লৈ ওলাল ৰকিবুল–দুর্লভ চমুৱা
উপ–পৰিদর্শক পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ প্রতিবাদত আৰু কৃষি আইন প্রত্যাহাৰৰ দাবীত আজি নগাঁও চহৰত নগাঁও জিলা কংগ্রেছৰ উদ্যোগত এক বিশাল প্রতিবাদী সমদল উলিওৱা হয়৷ প্রতিবাদী কংগ্রেছ নেতা–কর্মীসকলে চৰকাৰীবিৰোধী বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, প্রাক্তন বিধায়ক দুর্লভ চমুৱা, নগাঁও জিলা কংগ্রেছৰ সভাপতি তপন কুমাৰ শর্মাৰ নেতৃত্বত কংগ্রেছৰ নেতা–কর্মীয়ে নগাঁও জিলা কংগ্রেছ কার্যালয়ৰ পৰা প্রতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কার্যালয় অভিমুখে আহে৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে কান্ধত নাঙল লৈ আৰু প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱাই যুৱলি লৈ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে৷ উল্লেখ্য যে প্রতিবাদী সমদলটো নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সন্মুখেদি উপায়ুক্ত কার্যালয়লৈ অগ্রসৰ হোৱাৰ সময়তে আৰক্ষীয়ে বাধা দিয়ে৷ ইয়াক কেন্দ্র কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ আৰক্ষীৰ বেৰিকেড অতিক্রম কৰিব বিচৰা প্রতিবাদকাৰীসকলক্ আৰক্ষীয়ে লাঠীচালনা কৰে৷ ফলত কেইবাজনো কংগ্রেছ কর্মী আহত হয়৷ আৰক্ষীৰ এনে ভূমিকাত প্রতিবাদী কংগ্রেছীসকল ক্ষুণ্ণ হৈ পৰে৷ নগাঁও জিলা কংগ্রেছে অভিযোগ কৰা মতে, গণতান্ত্রিকভাৱে প্রতিবাদ কৰা কংগ্রেছী কর্মীক আৰক্ষীয়ে অপ্রৰোচিতভাৱে প্রহাৰ কৰি আহত কৰিছে৷ ইপিনে, প্রতিবাদকাৰী সমদলক আৰক্ষীয়ে প্রহাৰ কৰা ঘটনাত সুখমাই বসুমতাৰী, ৰূপালী শইকীয়া নামৰ মহিলা কংগ্রেছী দুগৰাকীৰ লগতে ইন্দ্র দাস, মনোজ ভূঞা, আমিৰ হামজা, আজাহাৰ আলী নামৰ কংগ্রেছৰ কর্মীকেইজন আহত হয়৷
ধুবুৰীত আৰক্ষীৰ লাঠীচালনাত আহত জিলা কংগ্রেছৰ সভাপতি
ৰাজ্যখনৰ অন্যান্য স্থানৰ দৰে আজি ধুবুৰী জিলা কংগ্রেছৰ উদ্যোগত স্থানীয় ৰাজীৱ ভৱনৰ পৰা শতাধিক কংগ্রেছ কর্মীয়ে জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ সমদল কৰি ঘেৰাওৰ বাবে অগ্রসৰ হোৱাৰ সময়তে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ এক বিশাল বাহিনীৰ বাধাৰ সন্মুখীন হয়৷ জিলা কংগ্রেছৰ সভাপতি উত্তম সৰকাৰৰ নেতৃত্বত উলিওৱা কংগ্রেছৰ প্রতিবাদী সমদলটোৰ মাজত এটা সময়ত ঠেলা–হেঁচা আৰম্ভ হয়৷ ইয়াৰ মাজতে একাংশক আৰক্ষীয়ে আটক কৰি লৈ যায় যদিও আন একাংশই আৰক্ষীৰ বাধা নেওচি উত্তাল প্রতিবাদ কৰাত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়৷ এই লাঠীচালনাত জিলা কংগ্রেছৰ সভাপতি সৰকাৰকে ধৰি কেইবাগৰাকীও প্রতিবাদকাৰী আহত হয় আৰু তেওঁলোকক চিকিৎসালয়লৈ নিবলগীয়া হয়৷ ইয়াৰ মাজতে ঘটনাস্থলীত ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্র উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে চৰকাৰৰ অনুমতি অবিহনে আৰু ক’ভিড প্রট’কল মানি নচলাৰ বাবে প্রতিবাদকাৰীসকলক্ আটক কৰা বুলি জানিবলৈ দিয়ে৷ ধুবুৰীৰ এই প্রতিবাদী কার্যসূচীত জিলা মহিলা কংগ্রেছৰ সভানেত্রী বেবী বেগম, জিলা যুৱ কংগ্রেছৰ সভাপতি আলতাফ হোছেন মণ্ডল, জিলা এনএছইউআইৰ সভাপতি ৰফিকুল ইছলাম চৌধুৰী, গোলকগঞ্জৰ প্রাক্তন বিধায়ক আবুতাহেৰ বেপাৰী আদিয়ে অংশগ্রহণ কৰে৷
বৰপেটাত বিধায়কক টানি চোঁচৰাই গাডীত উঠালে আৰক্ষীয়ে
অসম আৰক্ষীৰ এছ আই পৰীক্ষা কেলেংকাৰিৰ ন্যায়িক তদন্ত বিচাৰি আজি বৰপেটা জিলা কংগ্রেছ দলে আৰক্ষী অধীক্ষকৰ কার্যালয় ঘেৰাও কার্যসূচী ৰূপায়ণ কৰে৷ বৰপেটা ৰাজীৱ ভৱনৰ পৰা দিনৰ প্রায় ১২ বজাত সৰুক্ষেত্রী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কংগ্রেছ নেতা–কর্মীসকলে হাতে হাতে বেনাৰ–প্লেকার্ড লৈ আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ ৰাওনা হয়৷ আৰক্ষীয়ে প্রথমে ৰাজীৱ ভৱনৰ ওচৰত বাধা প্রদান কৰে৷ আৰক্ষীৰ বাধাক আওকাণ কৰি প্রতিবাদী দলটো পুনৰ ৰাওনা হোৱাত আৰক্ষীয়ে পুনৰ প্রতিবাদী দলটোক বাধা প্রদান কৰে৷ আৰক্ষীয়ে বিধায়ক জাকিৰ হুছেইন শিকদাৰক টানি–আঁজুৰি গাডীত উঠাই লৈ যায়৷ কংগ্রেছ নেতা–কর্মীসকলে এছ আই কেলেংকাৰিৰ ন্যায়িক তদন্ত দিয়ক, নিবনুৱাক লৈ হেতালি খেলা বন্ধ কৰক, সর্বানন্দ সোণোৱালক গ্রেপ্তাৰ কৰক, বিজেপি হায় হায় আদি শ্লোগান দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ মাজতে সংবাদ মাধ্যমৰ আগত এছ আই পৰীক্ষা কেলেংকাৰিৰ ন্যায়িক তদন্ত দিলেহে প্রকৃত অপৰাধী জালত পৰিব বুলি বিধায়ক জাকিৰ হুছেইন শিকদাৰে মন্তব্য কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক এই তদন্তৰ আওতালৈ অনাৰো দাবী তোলে কংগ্রেছ দলে৷ পাছত বিধায়কসহ প্রতিবাদকাৰীসকলক্ আৰক্ষীয়ে আটক কৰে৷
এছ আই কেলেংকাৰিৰ তদন্ত চি বি আইক অর্পণ কৰাৰ দাবীত মৰিগাঁও কংগ্রেছৰ প্রতিবাদী কার্যসূচী
অসম আৰক্ষীৰ এছ আই নিযুক্তিত সংঘটিত ভয়াৱহ কেলেংকাৰিৰ চি বি আই তদন্ত আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পদত্যাগ দাবী কৰি আজি মৰিগাঁও জিলা কংগ্রেছৰ উদ্যোগত এক প্রতিবাদী ধর্ণা কার্যসূচী ৰূপায়ণ কৰে জিলাখনৰ কংগ্রেছ কর্মীসকলে৷ মৰিগাঁও জিলা কংগ্রেছৰ সভানেত্রী জোনজোনালী বৰুৱা, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন মন্ত্রী ডাঃ নজৰুল ইছলাম, ৰাষ্ট্রীয় কংগ্রেছ কমিটীৰ সদস্য ইমদাদ হুছেইন আদিৰ নেতৃত্বত এই কার্যসূচী মৰিগাঁও জিলা কংগ্রেছ কার্যালয়ৰ পৰা মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ আহিছিল যদিও আৰক্ষীয়ে মৰিগাঁও চহৰৰ বিহুতলীৰ সমীপত বেৰিকেড স্থাপন কৰি প্রতিবাদকাৰীসকলক্ আবদ্ধ কৰে৷

You might also like