নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : চিৰাং জিলাৰ সীমান্তৱৰ্তী ব্যৱসায়িক চহৰ হিচাপে খ্যত বাসুগাঁও । এই বাসুগাঁও চহৰৰ মাজেৰে পশ্চিমৰ পৰা পূবলৈ গতি কৰিছে ৰে’ল লাইন । এই ৰে’ল লাইনৰ ওপৰেৰে উৰণ সেতুৰ দাবী জনাই আহিছিল বাসুগাঁও অঞ্চলৰ বিভিন্ন দল-সংগঠনে। দীৰ্ঘ দাবীৰ অন্তত উৰণ সেতু চলিত বৰ্ষৰ ১১ অক্টোবৰত শুভ উদ্বোধন কৰা হয়। উৰণ সেতু উদ্বোধনৰ ফলকখন যোৱানিশা আকাৰৰ সুযোগ লৈ কোনো দুষ্কৃতিকাৰীয়ে ভাঙি চূৰমাৰ কৰে । ঘটনাটি কোনে কিয় সংঘটিত কৰিলে, সেয়া ৰহস্যৰ আৱৰ্তত যদিও অৱশ্যে একাংশই কোনো ট্ৰাক অথবা যান-বাহনৰ দ্বাৰা ঘটনাটি সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ।
প্ৰেৰক ভৃগু মুনি ৰায়