চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীয়ে চলায় এক অভিযান। আৰক্ষীৰ অভিযানত ১৮টাকৈ চোৰাং গৰুভৰ্তি দুখন টাটা মোবাইল বাহন জব্দ কৰে। ইয়াৰে কোচগাঁৱৰ লোক এজনৰ ঘৰৰ পৰা ১০টাকৈ চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰে। আন এখন নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ পৰা খেদি খেদি ৮টাকৈ চোৰাং গৰুসহ জব্দ কৰে।
চোৰাং গৰু সৰবৰাহৰ লগত জড়িত আশিকুল ইছলাম আৰু শ্বফিকুল ইছলাম নামৰ দুই চালককো আটক কৰে। জব্দকৃত চোৰাং গৰুকেইটা গোশালালৈ প্ৰেৰণ কৰে।
ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ :