নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌল মহোৎসৱক লৈ উখল–মাখল ৰাজ্য

🔹 গন্ধোৎসৱেৰে আজিৰ পৰা বটদ্রৱাত দৌল মহোৎসৱ
🔹 বৰপেটাত আজিৰ পৰা ৰঙৰ উৎসৱ শ্রীকৃষ্ণৰ দৌল

বিশেষ বাৰ্তা, ২৪ মার্চ : লোকসভাৰ বহুপ্রত্যাশিত নির্বাচনৰ উত্তপ্ত বতাহজাকৰ মাজতে ৰাজ্যলৈ আহিছে দৌল মহোৎসৱ৷ ৰাজ্যৰ বিভিন্ন প্রান্তত আজিৰ পৰা উদযাপন হ’ব প্রভু শ্রীকৃষ্ণৰ দৌলোৎসৱ৷ ৰঙীন আবিৰৰ ৰং–বিৰঙেৰে মুখৰ হ’ব ৰাজ্যৰ আকাশ–বতাহ৷ হেঁপাহৰ দৌল উৎসৱক সাদৰে আদৰিবলৈ প্রস্তুত হৈছে ৰাজ্যবাসী৷ বিভিন্ন প্রান্তৰ বজাৰত উপলব্ধ হৈছে দৌল উৎসৱৰ বাবে প্রয়োজনীয় প্রাকৃতিক-কৃত্রিমভাৱে তৈয়াৰী ভিন্ন ৰঙৰ ফাকুগুড়ি, বিভিন্ন মুখা, পিচ্কাৰি আদিকে ধৰি বিভিন্ন সামগ্রী৷ মহানগৰী গুৱাহাটীৰ বিভিন্ন বজাৰ দৌল উৎসৱ বুলি ৰঙীন হৈ পৰিছে৷ ২০ টকাৰ পৰা আৰম্ভ কৰি ১,২০০ টকালৈকে বিভিন্ন প্রকাৰৰ ৰং বজাৰত উপলব্ধ হৈছে৷ গ্রাহকৰ দৃষ্টি আকর্ষণ কৰিবলৈ চতুৰ ব্যৱসায়ীয়ে বজাৰত উলিয়াইছে ভিন্ন ধৰণৰ অত্যাধুনিক পিচ্কাৰি৷ ৫০ টকাৰ পৰা আৰম্ভ কৰি প্রায় ২ হাজাৰ টকালৈ ভিন্ন প্রকাৰৰ পিচ্কাৰিৰে গ্রাহকক আকর্ষিত কৰাৰ চেষ্টা চলোৱা হৈছে৷ সস্তীয়া ফাকুগুড়িৰ পৰা আৰম্ভ কৰি প্রাকৃতিকভাৱে তৈয়াৰী বহু ধৰণৰ ফাকুও উপলব্ধ হৈছে বজাৰত৷ দিল্লী, কলকাতা আদিৰ পৰা অহা এই ফাকুগুড়ি ৰঙৰ সৈতে ফেৰ মাৰিবলৈ এইবাৰ অসমৰ দুই–এক প্রাকৃতিক উদ্যোগেও কঁকালত টঙালি বান্ধিছে৷ দেহৰ কোনো ক্ষতি হ’ব নোৱাৰা ভিন্ন প্রকাৰৰ ফাকুগুড়ি প্রাকৃতিকভাৱে তৈয়াৰ কৰি বজাৰত মুকলি কৰি দিয়াৰ দাবী কৰিছে অসমৰ থলুৱা একাংশ উদ্যোগে৷ দৌল উৎসৱক কেন্দ্র কৰি কালিৰ পৰা সত্রনগৰী বৰপেটাত আৰম্ভ হৈছে উখল–মাখল পৰিৱেশ৷ আজিৰ পৰা তিনিদিনীয়া কার্যসূচীৰে দৌল উৎসৱৰ আয়োজন আৰম্ভ হ’ব৷ ঠিক একেদৰে বটদ্রৱাতো আৰম্ভ হৈছে দৌল উৎসৱৰ আয়োজন৷ মুঠৰ ওপৰত দৌল উপলক্ষে ৰাজ্যজুৰি এতিয়া মাথোঁ ৰঙীন পৰিৱেশ৷ নন্দ দুলাল শ্রীকৃষ্ণৰ দৌল উৎসৱত ইজনে–সিজনক আবিৰৰ ৰঙেৰে ৰঙীন কৰি শান্তি–সম্প্রীতিৰ বাণী বিলাব অসমবাসীক৷

আজিৰ পৰা বটদ্রৱা থানত শ্রীশ্রী কৃষৰ দৌলযাত্রা মহোৎসৱ

নিয়মীয়া বার্তা, বটদ্রৱা : আজিৰ পৰা ২৮ মার্চলৈ পাঁচদিনীয়া বর্ণাঢ্য কার্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্রৱা থানত দৌল উৎসৱ পালন কৰা হ’ব৷ আজি গন্ধোৎসৱৰ সন্ধিয়া গোসাঁইক গায়ন–বায়ন আৰু ভক্তসবে গাই–বাই কীর্তনঘৰৰ পৰা উলিয়াই আনি কীর্তনঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ’ব৷ পিছত গোসাঁইক স্নান কৰোৱাৰ পিছত গান্ধবিৰিণা, গাঁঠিয়ন, মুঠা, মিথি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেলেৰে নোওৱা হ’ব৷ তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতুন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন–বায়নে ‘ৰাম ধেমালি’ পৰিৱেশন কৰিব৷ ইয়াৰ পিছদিনা অর্থাৎ ২৫ মাৰ্চত ‘গোসাঁহৰ মূৰত ফাকু দিয়া উৎসৱ’ৰ দুপৰীয়া গোসাঁইক নোৱাই–ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব আৰু গায়ন–বায়নে ‘ন–ধেমালি’ পৰিৱেশন কৰিব আৰু ভক্ত–বৈষ্ণৱসকলে ফাকু–নির্মালি আৰু পদজল গ্রহণ কৰিব৷ সেইদিনা ওৰেনিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্যখনৰ ভিন্ন প্রান্তৰ পৰা অহা ভক্ত–বৈষ্ণৱে নাম–কীর্তন কৰিব৷ ২৬ মাৰ্চত গোসাঁই ফুৰোৱা উৎসৱ৷ সেই দিনা বিয়লি ২ বজাত গায়ন–বায়ন, ভকত–বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললৈ যাত্রা কৰিব৷ দৌল মন্দিৰত গোসাঁইক পূজা–অর্চনা দি সাতপাক প্রদক্ষিণ কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ দুই সত্র ক্রমে শ্রীশ্রী শ’লগুৰি আৰু শ্রীশ্রী নৰোৱা সত্রত প্রদক্ষিণ কৰোৱাৰ লগতে সত্রাধিকাৰ, ডেকা সত্রাধিকাৰৰ ঘৰত প্রৱেশ কৰোৱাই পূজা–অর্চনা দি শেষত কীর্তনঘৰত প্রৱেশ কৰোৱাৰ পাছতে দৌলযাত্রা উৎসৱৰ ধর্মীয় কার্যসূচীৰ অন্ত পৰিব৷ আনহাতে, দৌলযাত্রা উৎসৱৰ লগত সংগতি ৰাখি ২৫, ২৬ আৰু ২৭ মাৰ্চৰ নিশা আকাশীগংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ তিনিও নিশাতে ৰাজ্যখনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক–নৃত্য, লোক–সংগীত, বৰগীত, শাস্ত্রীয় নৃত্য, দিহানাম আদি অনুষ্ঠানেৰে মুখৰ হ’ব৷

আজিৰ পৰা সত্রনগৰী বৰপেটাত শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱ

বার্তা ব্যুৰ’, বৰপেটা : আধ্যাত্মিকতা, কৃষ্ণপ্রেম আৰু কৃষ্ণ বন্দনাৰে সিক্ত শ্রীকৃষ্ণৰ দৌল মহোৎসৱ উপলক্ষে উখল–মাখল হৈ পৰিছে সত্রনগৰী বৰপেটা৷ গছে–বনে ন–কুঁহিপাত মেলাৰ বতৰা আৰু পলাশ–শিমলু ফুলৰ ৰঙে বৰপেটাবাসীৰ প্রাণতো ছটিয়াই দিছে দৌল মহোৎসৱৰ আনন্দৰ ফাকুগুড়ি৷ ইতিমধ্যে বৰপেটাবাসীৰ মনে–প্রাণে গুঞ্জৰিত হ’বলৈ ধৰিছে আনন্দৰ দৌল মহোৎসৱৰ হোলীগীতৰ সুৰ৷ ‘আজি ৰঙে ৰঙে একাকাৰ, আহা ভাই খেলো হোলী মিলিজুলি বাৰে বাৰ’– আজি ৰঙে ৰঙে একাকাৰ, ৰঙে ৰঙে একাকাৰ হৈ ৰঙত মতলীয়া হ’বলৈ উদ্বাডল হৈ আছে সত্রনগৰীৰ বাসিন্দা৷ বছৰজোৰা অপেক্ষাৰ অন্ত পেলাই আজিৰ পৰা তিনিদিনীয়াকৈ সত্রনগৰী বৰপেটাত আৰম্ভ হ’ব শ্রীকৃষ্ণৰ দৌল মহোৎসৱ৷ সত্রনগৰী বৰপেটাৰ শ্রীশ্রীমাধৱদেৱ স্থাপিত বৰপেটা সত্রত আজি বিয়লি বহুণ্যৎসৱ বা গোন্ধযাত্রাৰে আৰম্ভ হ’ব দৌল মহোৎসৱ৷ বহুণ্যৎসৱৰ দিনা বিয়লি সত্রৰ নিত্য–প্রসংগৰ পিছত দৌল গোবিন্দক সত্রৰ মণিকূট গৃহৰ পৰা গায়ন–বায়ন, ঢুলীয়া সহিতে পূব দুৱাৰেদি উলিয়াই আনি সত্রৰ মঠৰ চোতালত ৰাখিব৷ আনপিনে কলীয়াঠাকুৰ গোসাঁইক (শ্রীকৃষ্ণ) সত্রৰ ঘাই দুৱাৰেদি উলিয়াই আনি দুয়ো গোসাঁইক একেলগে মঠৰ চোতালত এখন বৰশৰাইৰ ওপৰত ৰখা হ’ব৷ তাৰ পিছত সন্ধিয়া দুয়ো গোসাঁইক গায়ন–বায়ন, ঢুলীয়া সমন্বিতে ভক্তিপ্রাণ ৰাইজে গোসাঁইক মঠৰ চোতালৰ পৰা সমদল কৰি টুপৰ চোতাললৈ আনিব আৰু তাত মেজিৰ জুইৰ চাৰিওপিনে সাতপাক ঘূৰাই প্রথমে যোগমোহন ঘৰত ৰাখিব আৰু নক্ষত্রৰ ক্ষণ গণনা অনুসাৰে নিশা গোসাঁইক দৌলত আৰোহণ কৰাব৷ আনহাতে, গোসাঁইক মেজিৰ জুইৰ চাৰিওফালে ঘূৰাই থকাৰ সময়ত সত্রৰ কার্যালয়ৰ সন্মুখত আতচবাজী প্রর্দশন কৰা হ’ব৷ ২৫ মার্চৰ দিনা হ’ব ভৰদৌল৷ সিদিনা পুৱা সত্রৰ নিত্য–নৈমিত্তিক প্রসংগৰ পিছত ভকত আৰু আইসকলে দৌল গৃহৰ সন্মুখত থকা যোগমোহন গৃহত প্রসংগ কৰিব৷ প্রসংগৰ অন্তত সত্রৰ সত্রীয়াই গোসাঁইক ফাকুগুড়ি প্রদান কৰাৰ পিছত ভক্তিপ্রাণ ৰাইজৰ বাবেও গোসাঁইক ফাকুগুড়িৰে সেৱা কৰা পর্ব আৰম্ভ হ’ব৷ ইপিনে, যোগমোহন গৃহত গায়ন–বায়নৰ খোল–প্রসংগ, ঘোষা কীর্তন, ব্যাহ কীর্তন আদি দিনটো চলি থাকিব৷ দৌল মহোৎসৱৰ অন্তিম দিনা ২৬ মার্চত হ’ব বৰপেটাৰ বিখ্যাত সুৱেৰী উৎসৱ৷ সিদিনা সত্রনগৰী বৰপেটাবাসীয়ে পুৱাৰে পৰা ৰং আৰু ফাকুৱাৰে ৰঙে ৰঙে একাকাৰ হৈ ৰঙত মতলীয়া হ’ব৷ বিয়লি সত্রৰ প্রসংগৰ পিছত গোসাঁইক বৰপেটা সত্রৰ পৰা ডেৰ কিলোমিটাৰ দূৰৈৰ কলবাৰী সত্রলৈ হেকেটা খুৱাবলৈ নিব৷ গোসাঁই কলবাৰী সত্রৰ পৰা পুনৰ বৰপেটা সত্রলৈ উভতি আহি সত্রৰ মুখ্য প্রৱেশ পথ দালানৰ সন্মুখ পোৱাৰ লগে লগে টুপৰ চোতালত বাঁহ ভঙা পর্ব অনুষ্ঠিত হ’ব৷ সত্রবাসী ২২খন হাটীৰ ভকতসকলে চাৰিডাল বাঁহেৰে গোসাঁইক সত্রত প্রৱেশত বাধা প্রদান কৰিব৷ বাধা প্রদান কৰা এই বাঁহ চাৰিডাল ভঙাৰ পিছত গোসাঁই সত্র চৌহদত প্রৱেশ কৰিব আৰু কীর্তনঘৰৰ চৌদিশে সাতপাক ঘূৰাই গোসাঁইক পুনৰ মণিকূট গৃহত প্রৱেশ কৰাব৷ ইয়াৰ লগে লগে বৰপেটা সত্রৰ পৰম্পৰাগত ঐতিহ্যমণ্ডিত শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি পৰিব৷ গোসাঁইক সত্রৰ চৌদিশে সাতপাক ঘূৰাই থকাৰ সময়ত সত্রৰ মঠৰ চোতালত এক বাটৰ নাটসদৃশ বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ বোলবোলনি অনুষ্ঠানত এজন ভকতে কৃষ্ণৰ আৰু আনজন ভকতে লক্ষ্মীৰ ভাও লৈ বাদানুবাদ কৰিব৷ দৌল মহোৎসৱ উপলক্ষে তিনিও দিনত সত্রৰ ৰংগমঞ্চত সত্রীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ প্রতিবছৰৰ দৰেই এইবেলিও দূৰণিবটীয়া সত্র দর্শনার্থীসকলক গোন্ধযাত্রা আৰু ভৰদৌলৰ দিনা সত্রৰ তৰফৰ পৰা ভোজনৰ বাবে সিধা বিতৰণ কৰা হ’ব৷ ইপিনে, দৌল মহোৎসৱ উপলক্ষে কালি সাংস্কৃতিক মঞ্চ, বৰপেটা নামৰ এটা অনুষ্ঠানৰ উদ্যোগত বর্ণিল বসন্ত নামৰ এক বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷ আজি গোন্ধ উৎসৱৰ পুৱা স্থানীয় ৰাইজিং ক্লাবৰ বৰপেটা সত্রৰ সন্মুখৰ পৰা ‘বাটে বাটে হোলী’ শীর্ষক এখন হোলী গীত প্রতিযোগিতা অনুষ্ঠিত হ’ব৷

You might also like