নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

বিশেষ বাৰ্তা, ২৪ মাৰ্চ : লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা হল আছাদুল ইছলাম আৰু ইক্ৰামুল হুছেইন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ড্ৰাগছভৰ্তি দুটা চাবোনৰ বাকচ জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১২৬ গ্ৰাম। লগতে নগদ ৭৪৮০ টকা জব্দ কৰে।

প্ৰেৰক আবুল কালাম

You might also like