নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ পৰা আঁতৰিছে ক’ভিডৰ ত্ৰাস; ৰাজ্যৰ ক’ভিড চেণ্টাৰসমূহ বন্ধ কৰি দিয়া হৈছেঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ আজিৰ তাৰিখত অসমত ক’ভিডৰ ত্ৰাস প্ৰায় আতৰিছে । ৰাজ্যত বৰ্তমান ৩,৩৫০ গৰাকী ক’ভিড পজিটিভ ৰোগী আছে । ইতিমধ্যে পজিটিভ ধৰা পৰা ২,১২,৬১৭ গৰাকী লোকৰ ভিতৰত ২,০৮,২৮৩ গৰাকী লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে ।

ইপিনে ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৯৮১ গৰাকী হৈছে । এই কথা আজি আজি জনতা ভৱনত এখন সংবাদমেলত এই কথা উল্লেখ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ক’ভিড চেণ্টাৰসমূহ বৰ্তমান বন্ধ কৰি দিয়া হৈছে। কেৱল এতিয়া চিকিৎসালয়ত ক’ভিড ৰোগীক চিকিৎসা কৰি থকা হৈছে। বৰ্তমান কালাপাহাৰ, এমএমচি আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালতহে ক’ভিড ৰোগীসকলক চিকিৎসা কৰি থকা হৈছে।

You might also like