নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমেডিয়ান কপিল শৰ্মাৰ কৃষক আন্দোলনলৈ সমৰ্থন

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ দেশত চলি থকা কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে ভাৰতৰ বিখ্যাত টিভি কমেডিয়ান কপিল শৰ্মাই। কপিল শৰ্মাই কালি এটা টুইটযোগে কয়- ‘এনেকুৱা কোনো সমস্যা নাই যাৰ সমাধান আলোচনাৰ মাজেৰে কৰিব নোৱাৰি। দেশৰ কৃষকৰ সমস্যাৰো সমাধান কৰিব লাগে আলোচনাৰ মাজেৰে। ইয়াত কোনো ৰাজনৈতিক ৰহণ সানিবলৈ যোৱা অনুচিত। আমি দেশৰ কৃষকৰ লগত আছোঁ, কিয়নো তেওঁলোক আমাৰ অন্নদাতা।’

কপিল শৰ্মাৰ টুইটক বহুতে প্ৰশংসা কৰাৰ লগতে আন বহুতে সমালোচনাও কৰে। উল্লেখ্য, দিল্লীত প্ৰতিবাদ কৰিবলৈ অহা কৃষক সমদলক লৈ দেশত ভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে।

You might also like