নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত উচ্ছেদ অভিযানক লৈ ছুপ্রিম ক’ৰ্টৰ বিশেষ নিৰ্দেশ

সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানক স্বচ্ছ কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন বিশেষ কমিটী গঠন কৰিবলৈ চৰকাৰক নির্দেশ প্রদান কৰে৷ ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ অলোক আৰাধেৰ খণ্ড বিচাৰপীঠে উচ্ছেদিত লোকসকলে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি প্রদান কৰা ৰায়দানত ৰাজ্যৰ বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ উক্ত কমিটী গঠন কৰিবলৈ কোৱা হৈছে৷

কমিটীৰ সিদ্ধান্তৰ পিছতহে উচ্ছেদ সন্দর্ভত পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব পাৰিব চৰকাৰে৷ ন্যায়ালয়ৰ ৰায়দানত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে চৰকাৰে কেৱল সংৰক্ষিত বনাঞ্চলতহে উচ্ছেদ অভিযান চলাব পাৰিব৷

লগতে বন অধিকাৰ আইন অনুসৰি বনাঞ্চলত থকা কোনো গাঁও পঞ্চায়তৰ অৱস্থিতি আইনীনে বেআইনী, সেয়া এই কমিটীয়ে নির্ধাৰণ কৰিব৷ উচ্ছেদ চলোৱাৰ পূর্বে সংশ্লিষ্ট লোকসকলক জাননী প্রদান কৰি তেওঁলোকৰ হাতত বনভূমিত বসবাসৰ কোনো প্রমাণযোগ্য নথি আছেনে নাই, সেয়া পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷

প্রমাণযোগ্য কোনো নথি আদায় দিব নোৱাৰিলেহে বন বিভাগে বিষয়টো ৰাজহ বিভাগক অৱগত কৰিব আৰু ৰাজহ বিভাগৰ অনুমতি সাপেক্ষে উচ্ছেদ প্রক্রিয়া আৰম্ভ হ’ব৷ তদুপৰি উচ্ছেদৰ চূড়ান্ত সিদ্ধান্তৰ পিছত অঞ্চলটো খালী কৰিবলৈ স্থানীয় বাসিন্দাসকলক ১৫ দিনৰ সময় দিয়াটো বাঞ্ছনীয় বুলি আদালতে আজি পুনৰ স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে গোলাঘাট, নগাঁও আৰু হোজাই জিলাৰ উৰিয়ামঘাট, নেঘেৰী বিল, উদমাৰী, যমুনা গাঁও, ধানচলা, ৰাঙলুবস্তি, ধনশিলা, বৰবিল আৰু গেলাজান আদি সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদক কেন্দ্র কৰি চলিত বর্ষৰ ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে অন্তিম শুনানি গ্রহণ কৰিছিল৷

ইয়াৰ পূর্বে ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদিত লোকসকলক কোনো সকাহ নিদিয়াৰ বাবে তেওঁলোকে বিশেষ অনুমতি আবেদনৰ (এছএলপি) জৰিয়তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়েও তাৎক্ষণিকভাৱে কোনো সকাহ প্রদান কৰা নাই৷

তথাপি এই নির্দেশনাৰ আধাৰত আবেদনকাৰীসকলে চৰকাৰে গঠন কৰিবলগীয়া কমিটীৰ জৰিয়তে পৰৱর্তী আইনী পদক্ষেপ গ্রহণ কৰিব পাৰিব বুলি উল্লেখ কৰি আদালতে আবেদনখন নিষ্পত্তি কৰে৷ লক্ষণীয় যে ন্যায়ালয়ৰ ৰায়দানত উচ্ছেদিত লোকসকলৰ ক্ষতিপূৰণৰ দিশটোত কোনো নির্দেশনা জাৰি কৰা হোৱা নাই৷

বিশেষ বার্তা, নতুন দিল্লী, ১১ ফেব্রুৱাৰী

You might also like