নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশ্ন কাকত ফাদিল কৰা শিক্ষক কংগ্ৰেছ পৰিয়ালৰ বুলি অভিযোগ ভবেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ: মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল বিতৰ্কই শেহতীয়াকৈ ৰাজ্যৰ পৰিস্থিতি গৰম কৰি ৰখাৰ সময়তে ইয়াৰ আৰত কংগ্ৰেছৰহে হাত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই । আজি জালুকবাৰী সমষ্টিৰ বেজেৰাত অনুষ্ঠিত বিজেপি কৃষক মৰ্চাৰ মহানগৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লবলৈ অহা বিজেপি সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেধৰণৰ অভিযোগেৰে কংগ্ৰেছ দলটোৰ বিৰুদ্ধে অভিযোগ আনে । ভবেশ কলিতাই কয় যে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ দৰে গৰ্হিত কাম কৰা ধৃত শিক্ষক কেইগৰাকী হৈছে কংগ্ৰেছ পৰিয়ালৰ । গতিকে চৰকাৰ তথা শিক্ষা বিভাগক বদনাম কৰাৰ হাত কংগ্ৰেছৰে আছে । ভবেশ কলিতাৰ কংগ্ৰেছৰ ক্ষেত্ৰত অনা এই অভিযোগে অসমৰ ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে । অৱশ্যে বিজেপি সভাপতি গৰাকীয়ে ছেবাৰ লগত যি সকল ব্যক্তি জড়িত হৈ আছে সেই সকলৰো ব্যক্তি জীৱনৰ সংস্কাৰ আনিব লাগিব বুলিও মতপোষণ কৰে । একেদৰে আগন্তুক লোক সভা নিৰ্বাচনৰ প্ৰসংগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ১৪ খন আসনেই লাভৰ যি সপোন দেখিছে সেয়া কেতিয়াও দিঠক নহয় বুলি ভবেশ কলিতাই সদৰী কৰি পুণৰ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে খাটাই খুলিব নোৱাৰে । কংগ্ৰেছৰ কটা হাত কেতিয়াও যোৰা নালাগে । বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে বিজেপিৰ লগতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীণ অসম চৰকাৰখনৰ উন্নয়নৰ কাম-কাজ বোৰ দেখি এতিয়া হীনমণ্যতাত ভুগিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । যাৰ বাবে তেওঁ আজিকালি আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ।

You might also like