নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত পৰীক্ষাৰ্থী নামিল প্ৰতিবাদত; উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:  কোনে গ্যেৰান্টি দিব? চৰকাৰে গ্যেৰান্টি দিব পাৰিব নে? এতিয়াৰে পৰা প্ৰশ্ন কাকত ফাদিল নহয় বুলি শিক্ষা বিভাগে কব পাৰিব নে ?কোনেও ৰিস্ক নলয়?কোনেও গ্যেৰান্টি দিব নোৱাৰে? ইখনৰ পাছত সিখন, সকলো প্ৰশ্ন কাকতেই ফাদিল হল? এইবিলাক হৈ থকাতকৈ পৰীক্ষা বন্ধ কৰি দিয়ক আৰু আমাকো মানসিকভাবে শাস্তি দিয়াৰ পৰা বিৰত থাকক! ……এই বুলি আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

স্বাভাৱিকতেই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে প্ৰতিবাদৰে উপায়ুক্ত কাৰ্যালয় মুখৰিত কৰি তোলাত যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।কালি ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত চৌকিডিঙীত অভিভাৱক,পৰীক্ষাৰ্থী আৰু ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।কিন্তু আজি পৰীক্ষাৰ্থী সকলে নিজ নিজ অভিভাৱকৰ উদ্যোগত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ন্যায়ৰ দাবীত প্ৰতিবাদত বহি –শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ কাম নাই!চেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন মুৰ্দ্দাবাদ!অসম চৰকাৰ হুচিয়াৰ!পৰীক্ষা বন্ধ কৰক!পৰীক্ষাৰ্থীক মানসিক অত্যাচাৰ কৰা বন্ধ কৰক! ইত্যাদি,ইত্যাদি শ্লগান,বেনাৰ,পষ্টাৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদত বহা একাংশ ছাত্ৰীয়ে কয় যে যদি চৰকাৰৰ শিক্ষা বিভাগে প্ৰশ্ন কাকতেই সঠিকভাৱে ৰাখিব নোৱাৰে,তেন্তে পৰীক্ষা পাতিছিল কিয়?আজি শেষ হব লগীয়া পৰীক্ষা পিছুৱাই পিছুৱাই বিহু পোৱালেগৈ! এনেকৈ লৰা ধেমালি কৰিছে চেবাই।

আনহাতে ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ স্থলীত সংবাদ মাধ্যমৰ আগত কয় –আমি বহুত কষ্ট কৰি পঢ়িছিলো।এতিয়া মানসিকভাবে ভাগি পৰিছো,পঢ়াত মন দিব নোৱাৰা হৈছো।যি হৈছে,বহুত বেয়া হৈছে।আন এগৰাকী পৰিক্ষাৰ্থীয়ে কয়–যদিহে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈয়ে থাকে,তেনেহলে পৰীক্ষাই বন্ধ কৰাৰো দাবী জনায়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like