নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটা শংকৰদেৱ শিশু নিকেতনৰ পুথিভঁৰাল-জিৰণি কোঠাৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা,১৮ মাৰ্চ : সৰুপেটাৰ শংকৰদেৱ শিশু নিকেতনৰ নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা পুথিভঁৰাল আৰু জিৰণি কোঠাৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। পুথিভঁৰাল আৰু জিৰণি কোঠাৰ আধাৰশিলা স্থাপন কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে। আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত বিধায়ক ফনীধৰ তালুকদাৰে কয় যে- ‘মুখ্যমন্ত্ৰীৰ একত্ৰিত পূজিৰ (আনটাইড ফাণ্ড)ৰ দহ লাখ টকা ব্যয় সাপেক্ষে সৰুপেটাৰ শংকৰদেৱ শিশু নিকেতনৰ নতুনকৈ পুথিভঁৰাল আৰু জিৰণি কোঠা নিৰ্মাণ কৰা হ’ব। পৰবৰ্তী সময়ত পুথিভঁৰাল আৰু জিৰণি কোঠাৰ লগতে বিদ্যালয়খনৰ উন্নয়ন কৰা হ’ব’। বিধায়ক ফনীধৰ তালুকদাৰে অসমৰ শংকৰদেৱ শিশু নিকেতনবোৰত সম্পূৰ্ণ নিয়মানুবৰ্তিতাৰে নৈতিকতা আৰু আধ্যাত্মিকতাৰ শিক্ষাদান কৰা বুলিও প্ৰশংসা কৰে তেওঁৰ ভাষণত। আধাৰশিলা স্থাপন কাৰ্যসূচীত ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰি, বিধায়কৰ প্ৰতিনিধি প্ৰভাত তালুকদাৰ, সৰুপেটাৰ শংকৰদেৱ শিশু নিকেতনৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ জগবন্ধু তালুকদাৰ, হস্তিনাপুৰ মৌজাৰ মৌজাদাৰ জ্যোতিপদ চৌধুৰী, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা অৰবিন্দ বৰ্মন, সৰুপেটা শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ৰোহিনী কুমাৰ চৌধুৰী,সমাজকৰ্মী প্ৰাণেশ্বৰ বৈশ্যৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।

প্ৰতিবেদক : ভূষণ তালুকদাৰ।

You might also like