নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুৰ এন চি এত প্রশিক্ষণ শিবিৰত উত্তৰ–পূবৰ ক্রিকেটাৰৰে মত বিনিময় দ্রাবিড়ৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে আজি উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেটাৰ আৰু প্লেট গ্রুপৰ সৈতে নেচনেল ক্রিকেট একাডেমী (এন চি এ)ত এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰে৷ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় ক্রিকেট দলৰ প্রশিক্ষক আৰু এন চি এৰ মুখ্য প্রশিক্ষক দ্রাবিড়ে প্রায় ৪৫ মিনিট সময় খেলুৱৈসকলৰ সৈতে মন বিনিময় কৰে৷ এছেজ বিজয়ী বলিং প্রশিক্ষক ট্রয়ী কুলেৰ দৰে বিশ্বমানৰ প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ প্রদান কৰি অহা একাডেমীখনৰ জৰিয়তে নতুন প্রতিভা উলিয়াই অনাৰ বাবে দ্রাবিড়ে কঠোৰ পৰিশ্রম অব্যাহত ৰাখিছে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ খেলুৱৈসকলক লৈ আয়োজন কৰা এক প্রশিক্ষণ শিবিৰ ১৮ এপ্রিলৰ পৰা আৰম্ভ হৈছে আৰু ১২ মে’ত সামৰণি পৰিব৷ বিচিচিআইৰ এক সূত্রই এই মত বিনিময় অনুষ্ঠানক স্মৰণীয় বুলি অভিহিত কৰা অনুষ্ঠানত এন চি এৰ অন্যতম প্রশিক্ষক ভি ভি এছ লক্ষ্মণেও অংশগ্রহণ কৰে৷ এন চি এৰ শিবিৰত অংশ লোৱা উত্তৰ–পূর্বাঞ্চল আৰু প্লেট গ্রুপৰ খেলুৱৈসকলক সময় দিয়া বাবে দ্রাবিড়ক ধন্যবাদ জনায় লক্ষ্মণে৷ উল্লেখ্য যে মিজোৰাম, মণিপুৰ, মেঘালয়, অৰুণাচল প্রদেশ আৰু ছিকিমৰ খেলুৱৈসকলে যাতে দেশৰ অন্য প্রান্তৰ খেলুৱৈৰ দৰে উচ্চমানৰ প্রশিক্ষণ আৰু আন্তঃগাঁথনিৰ সুবিধা লাভ কৰে, তাক নিশ্চিত কৰিবলৈ বিচিচিআয়ে এই প্রশিক্ষণ শিবিৰৰ আয়োজন কৰিছে৷

You might also like