নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্বাভাৱিকভাৱে কমিছে ঢকুৱাখনাৰ কোৱাবাৰী দলনিৰ জলপৃষ্ঠ

🔹 উদ্বেগজনকভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ আগমন : চিন্তিত প্ৰকৃতিপ্ৰেমী

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী পক্ষীকুলৰ কল-কাকলিৰে মুখৰ হৈ উঠা অসমৰ লৈ-বিল-পিটনিসমূহত বিগত বর্ষসমূহত অভাৱনীয়ভাৱে হ্রাস পাইছে পৰিভ্ৰমী বিহংগৰ সংখ্যা। পৰিভ্ৰমী চৰাইৰ বাবে জনাজাত ঢকুৱাখনাৰ কোৱাবাৰী দলনিত এইবাৰ আগমন হোৱা নাই পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষী দূৰৈৰ কথা, কোৱাবাৰী দলনিত উদ্বেগজনকভাৱে থলুৱা চৰাইৰ সংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। শীতকাল অহাৰ লগে লগে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী কোৱাবাৰী দলনিত এতিয়া লোপ পাইছে পক্ষীৰ বিচৰণ।পৰিভ্ৰমী চৰাইৰ কলৰৱে প্ৰাণ দিয়া কোৱাবাৰী দলনি আজি নীৰৱ-নিতাল ৷ যেন ক্ৰমাৎ হেৰাইছে পক্ষীতীৰ্থ কোৱাবাৰী দলনিৰ আকৰ্ষণ! বৃহৎ জলাশয়খন সংকুচিত হৈ চৌপাশে এতিয়া বাঢ়ি আহিছে বৃহৎ বৃহৎ অট্টালিকাৰে ভৰা আৱাসস্থল। পৰিৱেশৰ প্ৰতি সজাগতা আৰু পৰিৱেশ ৰক্ষাৰ বাবে সমাজৰ এচাম লোকৰ অনীহাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰিছে একালৰ ঢকুৱাখনাৰ গৌৰৱ তথা পৰ্যটন ক্ষেত্ৰৰ অন্যতম ঠাইখন। এটা দশকৰ আগৰ সময়ছোৱালৈ লক্ষ্য কৰিলেই দেখা যাব শীতৰ সেমেকা পুৱাত কুঁৱলীৰ আস্বাদন ফালি ওলাই অহা প্রথম চেৰেঙা ৰ’দৰ সমান্তৰালকৈ মুখৰ দেশী-বিদেশী পক্ষীকুলৰ কল-কাকলিয়ে উৎফুলিত কৰি তোলা পুৱাবোৰ যেন এতিয়া সপোনৰো অতীত। ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ সমীপত প্ৰায় এক বৰ্গ কিলোমিটাৰ আয়তনৰ এক জলাহভূমি অঞ্চল হ’ল কোৱাবাৰী দলনি। প্ৰায় ৮০বিধ প্ৰজাতিৰ পক্ষীৰ বাহিৰেও থলুৱা প্ৰজাতিৰ মাছ আৰু জলজ উদ্ভিদেৰে পৰিপূৰ্ণ কোৱাবাৰী দলনি জলাশয়ক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল। কাৰণ উদ্বেগজনকভাৱে হ্রাস পাইছে গুৰুত্বপূৰ্ণ চৰাই আৰু জৈৱ-বৈচিত্ৰ্য অঞ্চলত (IBA) অন্তৰ্ভুক্ত হোৱা কোৱাবাৰী দলনিৰ জলাশয়ৰ জলস্তৰ। ভাৰতবৰ্ষৰ এক উল্লেখযোগ্য পক্ষী আস্থান হিচাপে চিহ্নিত বিভিন্ন পক্ষীৰ বাসস্থান জলাশয়টোৰ বৃহৎ অংশত সৃষ্টি হৈছে তৰাং পৰিৱেশ। এই বৃহৎ জলাশয়টো প্রত্যক্ষ কৰিলে এতিয়া দৃশ্যমান হয় এক তৰাং পৰিৱেশ। অস্বাভাৱিক হাৰত কোৱাবাৰী দলনিৰ জলাশয়ৰ জলপৃষ্ঠ শুকাই যোৱাত পক্ষীৰ আৱাস আৰু বিচৰণস্থলীৰ প্রয়োজনীয় উপাদানসমূহ লুপ্ত হোৱাত আলহী পক্ষীকুলৰ নিৰাশাজনক আগমনে প্রকৃতিপ্রেমীক ভবাই তুলিছে। উল্লেখ্য যে এই বৃহৎ জলাশয়টো শীতৰ বতৰত হাজাৰ হাজাৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হৈ পৰে। ফলত পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ পৰে এই জলাশয়। কোৱাবাৰী দলনিত সততে প্ৰত্যক্ষ কৰা পক্ষীসমূহৰ ভিতৰত দেওহাঁহ, শৰালি হাঁহ, বৰটোকোলা, শামুকভঙা, ধৃতৰাজ, কামচৰাই, পানীকাউৰী, বগলী, চিলনী, কণামুছৰি, ডৰিক, টুনী, ভুৰুং, বালিমাহী, কুকুহা, ফেঁচা, কপৌ, ঢেৰা, মণিয়ৰী, চাকৈচকোৱা, বৰ শৰালি প্ৰমুখ্যে বিভিন্ন দেশী-বিদেশী পক্ষী। কিন্তু সম্প্ৰতি জৈৱ-বৈচিত্ৰ্যৰে চহকী জলাশয়টোৰ উল্লেখিত কাৰণসমূহৰ বাবেই অস্তিত্ব বিপদাপন্ন হ’বলৈ ধৰিছে। পৰ্যটনৰ মানচিত্ৰত কোৱাবাৰী দলনিয়ে সুকীয়া মাত্ৰা বহন কৰাটো সকলোৱে বিচাৰে। দলনিখনৰ স্বাৰ্থত সকলো এক হৈ আগবাঢ়ি আহিলে তথা চৰকাৰে পদক্ষেপ ল’লে সকলো সম্ভৱ হৈ উঠিব। সময় থাকোঁতেই যদি কোৱাবাৰী দলনিৰ সংৰক্ষণৰ ব্যৱস্থা নকৰে, তেন্তে সময়ে ক্ষমা নকৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like