নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ওপেনহেইমাৰ’ ছবিলৈ পাঁচটা গ’ল্ডেন গ্লোবছ পুৰস্কাৰ

🔹 বেভাৰলী হিল্টনত পৰিচালক নোলানৰ চমক

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : ৮১সংখ্যক ‘গ’ল্ডেন গ্লোবছ’ৰ মঞ্চত কেইবাটাও ভোটেৰে বিভূষিত হ’ল ‘ওপেনহেইমাৰ’৷ খ্রীষ্টোফাৰ নোলান পৰিচালিত এই ছবিখনৰ বাবে নোলানে শ্রেষ্ঠ পৰিচালকৰ পুৰস্কাৰ লাভ কৰিছে৷ আনফালে কিলিয়ান মার্ফিয়ে লাভ কৰিছে শ্রেষ্ঠ অভিনেতাৰ পুৰস্কাৰ৷ মুঠ পাঁচটা ‘গ’ল্ডেন গ্লোবছ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ২০২৩ চনত মুক্তি লাভ কৰা ছবি ‘ওপেনহেইমাৰ’–এ৷ পৰহি বেভাৰলী হিল্টনত অনুষ্ঠিত হৈছিল ‘গ’ল্ডেন গ্লোবছ’ অনুষ্ঠান৷ শ্রেষ্ঠ ছবিৰ পুৰস্কাৰো লাভ কৰিছে ‘গ’ল্ডেন গ্লোব’–এ৷ পৰিচালক নোলান আৰু অভিনেতা কিলিয়ানৰ যাদুত অন্য ছবিবোৰ নিষ্প্রভ হৈ পৰে৷ লক্ষণীয়ভাৱে পাঁচটাকৈ বঁটা লাভ কৰা ‘ওপেনহেইমাৰ’ৰ পৰিচালক খ্রীষ্টোফাৰ নোলানে এই চমক সৃষ্টিৰ অন্তৰালত তেওঁৰ অভিনেতা তথা কলা–কুশলীসকলৰ নিখুঁত কর্মদক্ষতা জড়িত থকা বুলি ঘোষণা কৰিছে৷

You might also like