নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ ক্ষেত্রত হাজাৰ হাজাৰ সাহিত্যানুৰাগী

🔹 পাঠশালাত ভাষা জননীৰ সেৱা

🔹 উদুলি–মুদুলি পৰিৱেশত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক অধিৱেশন

ভট্টদেৱ ক্ষেত্রৰ পৰা কল্যাণ কলিতা, ১ ফেব্ৰুৱাৰী : অভূতপূর্ব জনসমাগমেৰে জিলিকি উঠিল পাঠশালাৰ ভট্টদেৱ ক্ষেত্র৷ এক উদুলি–মুদুলি পৰিৱেশত কালিৰে পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক পাঠশালা অধিৱেশন৷ বজালী সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্রত সুদীর্ঘ প্রস্তুতিৰ অন্তত আৰম্ভ হোৱা বহুপ্রতীক্ষিত অসমীয়া ভাষা আৰু জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ শুভাৰম্ভ কৰা হয় বামাখাটা সত্রৰ সত্রাধিকাৰ প্রবোধ দেৱ অধিকাৰীৰ দ্বাৰা নামঘৰৰ দ্বাৰ উদঘাটনেৰে৷ নামঘৰৰ বন্তি প্রজ্বলন কৰে যতীন লাহনে আৰু গুৰু আসন প্রতিষ্ঠা কৰে দীনেশ পাটগিৰিয়ে৷ ভাষা জননীক সেৱা কৰাৰ বাবে প্রথম দিনাই হাজাৰ হাজাৰ সাহিত্যানুৰাগীৰে ভৰি পৰা অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামত উচর্গা কৰা ভট্টদেৱ ক্ষেত্রখন উদ্বোধন কৰে অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ ভট্টদেৱ ক্ষেত্র উদ্বোধন কৰি সভাপতি দাসে অসমবাসীক পাঠশালা অধিৱেশনলৈ আমন্ত্রণ জনাই কয় যে অসম সাহিত্য সভাক লৈ বিভিন্ন সময়ত বিভিন্ন বিতর্ক চলি থাকে, যিটো আমাৰ জাতীয় জীৱনৰ বাবে ভাল কথা নহয়৷ পাঠশালা অধিৱেশনৰ পৰাই সেই বিতর্কৰ অন্ত পৰক আৰু অসম সাহিত্য সভাই অসমীয়া ভাষা–সংস্কৃতিৰ উত্তৰণত অন্যতম অৰিহণা যোগাওক৷ ইয়াৰ পাছতে মূল তোৰণ উদঘাটন কৰি অসম সৌৰভ বঁটাপ্রাপক বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়ে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সফলতা কামনা কৰে৷ ইয়াৰ পাছতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে সত্রাধিকাৰ মথুৰা মোহন তালুকদাৰে আৰু বন্তি প্রজ্বলন কৰে বীৰেন দাসে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে ধীৰেন্দ্র নাথ বর্মনে আৰু বন্তি প্রজ্বলন কৰে অতুল কলিতাই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে ড০ প্রকাশ শর্মাই আৰু বন্তি প্রজ্বলন কৰে গোবিন্দ তালুকদাৰে৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক প্রধান সম্পাদক শৰৎ চন্দ্র গোস্বামীৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰে ক্রমে বিশিষ্ট শিক্ষাবিদ মুৰাৰী মোহন দত্ত আৰু ৰামকৃষ্ণ তালুকদাৰে৷ কবি সন্মিলন উদ্বোধন কৰে নিবেদন দাস পাটোৱাৰীয়ে৷ কৈলাস মল্ল বৰুৱা সোঁৱৰণী গ্রন্থমেলাৰ দ্বাৰ উদঘাটন কৰে ড০ ধনপতি ডেকাই৷ গ্রন্থমেলাৰ মঞ্চ উদ্বোধন কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বজালীৰ ঐতিহ্যময় সংস্কৃতিৰ প্রশংসা কৰি পাঠশালা অধিৱেশনৰ সফলতা কামনা কৰে৷ ইয়াৰ পাছতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ৰচনা কৰা ‘অসম বিধানসভাত কামেশ্বৰ দাস’ শীর্ষক গ্রন্থ উন্মোচন কৰে বিশিষ্ট লেখক অঞ্জন শর্মাই৷ শিশুৰাম হাজৰিকা সোঁৱৰণী প্রদর্শনীৰ দ্বাৰ উদঘাটন কৰে বিশিষ্ট শিক্ষাবিদ মুনীন্দ্র নাৰায়ণ গোস্বামীয়ে৷ অনুষ্ঠানত প্রদর্শিত ৮৭ ফুট আয়তনৰ সুবৃহৎ জাপিটো দর্শকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ সমুদ্র পাটগিৰিয়ে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব মুনীন্দ্র শর্মা আৰু আমেৰিকা নিবাসী বিশিষ্ট বিজ্ঞানী ভাস্কৰ চৌধুৰীয়ে উপস্থিত থাকি প্রদর্শনী উপ–সমিতিৰ আপুৰুগীয়া প্রদর্শনী–বিপণীৰ প্রশংসা কৰে৷ ইপিনে, কর্নেল গুৰুপ্রসাদ দাস সোঁৱৰণী বিজ্ঞান মেলাৰ দ্বাৰ উদঘাটন কৰি মন্ত্রী কেশৱ মহন্তই ভাষণত কয় যে সাহিত্যৰ স’তে বিজ্ঞানৰ এক ওতপ্রোত সম্পর্ক আছে৷ সাহিত্যৰ বিভিন্ন আত্মপ্রকাশেৰে বিজ্ঞানে গতি লৈছিল৷ আমাৰ অসমৰ লোক–পৰম্পৰা, পদ্ধতিকে আদি কৰি ডাকৰ বচনৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰম্পৰাগত সংস্কৃতিৰ স’তে বিজ্ঞানসন্মত বহু কথা জড়িত হৈ আছে৷ কিন্তু তাক আমি বৈজ্ঞানিকভাৱে বিশ্লষণ নকৰা বাবে তাৰ বৈজ্ঞানিক ভিত্তিসমূহ বুজিবলৈ টান পাওঁ৷ প্রকৃততে আমাৰ অসমীয়া লোককলা, সাহিত্যসমূহ বৈজ্ঞানিক ভিত্তিৰে আগুৰা৷ আমাৰ গুৰুজনা শংকৰদেৱে প্রতিষ্ঠা কৰা নামঘৰৰ স’তে জড়িত জীৱনশৈলীৰ যি নির্দেশনা আহিল, সেয়া সকলো বিজ্ঞানসন্মত৷ প্রসাদত আদা দিয়া, নিমখ দিয়া আদি সকলোতে বিজ্ঞান সোমাই আছে৷ গুৰু চৰিত, কীর্তন ঘোষা, নামঘোষা সকলোতে সাহিত্যৰ মাজেৰে বিজ্ঞানৰ আত্মপ্রকাশ ঘটিছে৷ গতিকে আমাৰ সমাজখন আজি কৃত্রিম বুদ্ধিমত্তাৰ যুগত সকলোকে লৈ আমি বিজ্ঞান আৰু প্রযুক্তিৰ শিখৰলৈ ধাৱমান হৈছোঁ৷ বিজ্ঞান প্রযুক্তিৰ মাজেৰে আগবাঢ়োঁতে আমি কি ধৰণে আগুৱাই যাম আৰু সাহিত্যৰে ইয়াৰ কেনেদৰে সংযোগ ঘটাম, সেয়া আমাৰ ভাবিবৰ হ’ল৷ এনে এক প্রেক্ষাপটতে বিজ্ঞানৰ স’তে সাহিত্যৰ যে এক নিবিড় সম্পর্ক আছে, তাক প্রতীয়মান কৰিবলৈ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত বিজ্ঞান মেলাৰ সূচনা কৰি প্রশংসনীয় কাম কৰিছে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে সাৰুৱা ভাষণ প্রদান কৰে৷ অনুষ্ঠানত অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এইবেলি পাঠাশালা অধিৱেশনত প্রথমবাৰৰ সংযোজন ঘটা বিজ্ঞান মেলা অসম সাহিত্য সভাৰ পৰৱর্তী প্রতিখন অধিৱেশনত সংযোজন ঘটাবলৈ আহ্বান জনাই এইক্ষেত্রত অসম সাহিত্য সভাৰ কার্যনির্বাহকত প্রস্তাৱ উত্থাপন কৰিব৷ জনগোষ্ঠীয় মঞ্চ আৰু গ্রামাঞ্চল উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী নিপন তালুকদাৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিঙে এনেকুৱা এক মহা আয়োজন দেখি উদ্বুদ্ধ হৈ পৰে আৰু এনেকুৱা জনগোষ্ঠীয় গ্রামাঞ্চলৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে সকলোকে প্রশংসা কৰে৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্ত উপস্থিত থাকি এনেকুৱা জনগোষ্ঠীয় গাঁও দেখি আপ্লুত হৈ পৰে৷ বজালীত উৎপাদিত থলুৱা সামগ্রীৰ সুবৃহৎ ক্ষেত্র বজালী হাটৰ দ্বাৰ উদঘাটন কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ উপেন্দ্রজিৎ শর্মাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকর্মী মনোজ বৰুৱা৷ নাট্যমঞ্চ উদ্বোধন কৰে শিল্পী পেন্সনাৰ ৰজনী পাটগিৰিয়ে৷ একেলগে দহ হাজাৰ লোকে খাদ্য গ্রহণ কৰিব পৰা ১০০ চৌকাযুক্ত ভোজনালয়ৰ দ্বাৰ উদঘাটন কৰে বিশিষ্ট ব্যৱসায়ী অনিন্দ শর্মাই৷ সাহিত্য সভা অধিৱেশনৰ মূল মঞ্চ উদ্বোধন কৰে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে৷ এই মঞ্চত ‘ভট্টদেৱৰ কথা সাহিত্য’ বিষয়ক সাহিত্য আলোচনা উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে ভট্টদেৱৰ পৰিচয় আৰু আদিশিক্ষা তথা সাহিত্য সন্দর্ভত এক তথ্যসমৃদ্ধ ভাষণ প্রদান কৰে৷ অৱসৰী অধ্যাপক ড০ উমেশ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকি সহযোগী অধ্যাপক ক্রমে ড০ লীনা গোস্বামী আৰু ড০ হেমন্ত ডেকায়ো ভট্টদেৱ সন্দর্ভত সুদীর্ঘ ভাষণ প্রদান কৰি সকলোকে আপ্লুত কৰে৷ কালি অনুষ্ঠানৰ লগত সংগতি ৰাখি মে–ডাম–মে–ফী উদযাপন কৰা হয়৷ ইপিনে, আবেলি প্রতিনিধি শিবিৰ মুকলি কৰে কৰুণাকান্ত ভৰালীয়ে৷ ইয়াৰ পাছতে পাঠশালা শিক্ষাপীঠ আদর্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অষ্টম পূর্ণাংগ কার্যনির্বাহক সভাখন উদ্বোধন কৰে ড০ কৰুণা মোহন শর্মাই৷ আদৰণী ভাষণ প্রদান কৰে আদৰণী সমিতিৰ কার্যকৰী সভাপতি প্রফুল্ল কুমাৰ গোস্বামীয়ে৷ ‘ভ্রাম্যমাণ থিয়েটাৰ আৰু বজালী’ বিষয়ক সাংস্কৃতিক সন্মিলন উদ্বোধন কৰে নৰেন পাটগিৰিয়ে৷ লক্ষ্মী দাসৰ সঞ্চালনাত অনুষ্ঠিত এই সন্মিলনত আলোচক হিচাপে অংশগ্রহণ কৰে চন্দ্রকান্ত মুছাহাৰী, হেমেন শর্মা আৰু মণি বৰা দেৱীয়ে৷ বজালী আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে সন্ধিয়া ৭ বজাত স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে৷

পাঠশালা অধিৱেশনত প্রথমবাৰৰ বাবে সংযোজিত হ’ল বিজ্ঞান মেলা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনৰ অন্যতম আকর্ষণত পৰিণত হৈছে বিজ্ঞান মেলা৷ বিজ্ঞান আৰু সাহিত্যৰ মাজত যোগসূত্র স্থাপন কৰাৰ বাবে অসম সাহিত্য সভাত প্রথমবাৰৰ বাবে এক বহল ভিত্তিত বিজ্ঞান মেলা সংযোজন কৰা হৈছে৷ কালি বৰপেটা নিৱাসী প্রয়াত কর্নেল গুৰু প্রসাদ দাস বিজ্ঞান মেলাৰে নামকৰণ কৰা এই বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচন কৰে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা তথা প্রযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱর্তন বিভাগৰ মন্ত্রী কেশৱ মহন্তই৷ উন্মোচনী ভাষণত মন্ত্রীগৰাকীয়ে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনে বিজ্ঞান আৰু সাহিত্যৰ মাজত এক নতুন সংযোগ কৰা বুলি প্রকাশ কৰে৷ সাহিত্যৰ মাজেৰে বিজ্ঞানৰ এক নতুন ধাৰা সৃষ্টিৰ কামনা কৰাৰ লগতে অনাগত দিনতো সাহিত্য সভাৰ অধিৱেশনত বিজ্ঞান মেলা আয়োজন কৰি বিজ্ঞানক সাহিত্যৰ সৈতে একত্রিত কৰাৰ প্রয়াস অসম সাহিত্য সভাই কৰিব বুলি আশা প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ সাহিত্য সভাৰ নিচিনা অনুষ্ঠানত বিজ্ঞান মেলাৰ আয়োজন কৰাৰ বাবে মন্ত্রীগৰাকীয়ে পাঠশালাৰ অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত অসম সাহিত্য সভাপতি ড০ সূর্যকান্ত হাজৰিকাই কয়– ছাত্র–ছাত্রীসকলৰ বিদ্যায়তনিক দিশত অসম সাহিত্য সভাই এটি দীর্ঘদিনীয়া প্রচেষ্টাৰ কথা চিন্তা–চর্চা কৰি আছিল আৰু এইবাৰৰ অধিৱেশনে কার্যক্ষেত্রত সেয়া ৰূপায়ণ কৰিলে৷

You might also like