নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত পুনৰ বাহন অপহৰণৰ চেষ্টা : আৰক্ষীৰ জালত নিশাৰ ৰাজপথৰ তিনি ডকাইত

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ মিছা আৰু আমনিৰ মাজত বাহন অপহৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাত সচেতন মহল উদ্বিগ্ন হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনৰ গাড়ী অপহৰণৰ চেষ্টা চলোৱা তিনি অপহৰণকাৰী আৰক্ষীৰ জালত পৰে । বাহনসহ আৰক্ষীয়ে জব্দ কৰে ১ লাখ ৮০ হাজাৰ  টকা । আঠমঙলা খাই ঘূৰি অহা দম্পতীসহ পাচঁজনক প্ৰহাৰ কৰি বাহন অপহৰণৰ অপচেষ্টা চলোৱা ঘটনাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ সমীপত সংঘটিত হয় নিশা বাহন অপহৰণৰ ঘটনা। কিন্তু এইবাৰ আৰক্ষী শেনৰ এজাত। ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিয়েই কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু চামগুৰি আৰক্ষীৰ অভিযানত নিশা আৰক্ষীয়ে আটক কৰে তিনিটাকৈ গাড়ী অপহৰণকাৰী তথা নিশাৰ ৰাজপথৰ ডকাইতক। কলিয়াবৰ আৰক্ষী থানা এলেকাধীন মিছা আৰক্ষী চকীৰ সমীপৰ পৰা AS-02 CC-7561 নম্বৰৰ এখন টাটা যোদ্ধা বাহন হাইজেক কৰি পলায়ন কৰোঁতে আৰক্ষীৰ জালত পৰে তিনিটাকৈ দুৰ্ধৰ্ষ গাড়ী অপহৰণকাৰী ।
মিছা আৰক্ষী চকীৰ সমীপৰ  ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহনখন অপহৰণ কৰি অপহৰণকাৰী দলটোৱে পলায়ন কৰোঁতেই নগাঁৱৰ  দাকৰঘাটৰ পৰা পাপু বৰা, ছৰিফুল ইছলাম আৰু মাহমুদ হুছেইনক আটক কৰে আৰক্ষীয়ে । আটকাধীন তিনি অপহৰণকাৰীৰ পৰা আৰক্ষীয়ে টাটা যোদ্ধা বাহনখনৰ লগতে দুৰ্বৃত্তৰ দলটোৱে ব‍্যৱহাৰ কৰা AS-23 N-6177 নম্বৰৰ এখন চাৰিচকীয়া বিলাসী বাহনসহ নগদ ১ লাখ ৮০ হাজাৰ টকাও জব্দ কৰে। আঠমঙলা খাই ঘূৰি অহা দম্পতীসহ পাঁচজনক আক্ৰমণ কৰা, তাৰ পূৰ্বে তামোলভৰ্তি বাহন অপহৰণ ঘটনাৰ লগত ধৃতকেইটা জড়িত থকাৰো সন্দেহ আৰক্ষীৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক কনক হাজৰিকা
You might also like