নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰেমীৰ মঞ্চত জিলিকিল শংকৰ মহাদেৱন-জাকিৰ হুছেইনৰ ‘শক্তি’

🔹 শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম ‘দিছ মমেণ্ট’

বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : ৬৬সংখ্যক গ্ৰেমী বঁটাৰ মঞ্চৰ পৰা ভাৰতলৈ আহিল এক সুখবৰ। গ্ৰেমী বঁটাৰ মঞ্চত শংকৰ মহাদেৱন, জাকিৰ হুছেইনৰ বেণ্ড ‘শক্তি’ পুৰস্কৃত হৈছে। ‘শক্তি’য়ে শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবামৰ বাবে গ্ৰেমীৰ মঞ্চত সন্মানিত হয়। শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইনৰ ফিউজন বেণ্ড ‘শক্তি’ক সংগীত জগতৰ সৰ্ববৃহৎ বঁটা গ্ৰেমীৰ মঞ্চত শেহতীয়া এলবাম ‘দিছ মমেণ্ট’ৰ বাবে সন্মানিত কৰা হৈছে। য’ত শংকৰ-জাকিৰৰ লগত বাদ্য সংগত কৰিছিল জন মেকলাফলিন, ভি চেলভাগনেশ আৰু গণেশ ৰাজগোপালনে। ‘শক্তি’ বেণ্ডৰ গায়ক শংকৰ মহাদেৱন। জাকিৰ হুছেইন হৈছে তবলাবাদক। ভায়লিনত গণেশ ৰাজগোপালন আৰু অন্যান্য পাৰ্কাচনত ভি চেলভাগনেশ। ২০২৩ চনৰ ৩০ জুনত মুক্তি লাভ কৰিছিল ‘দিছ মমেণ্ট’ এলবামটো। এই এলবামটোত মুঠ আঠটা গীত আছে। গ্ৰেমী বঁটাৰ অফিচিয়েল এক্স হেণ্ডেলত এই গৰ্বৰ মুহূৰ্ত শ্বেয়াৰ কৰা হৈছে। যিটো দেখি দেশবাসীৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ কৰিছে। নিঃসন্দেহে ভাৰতৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। গ্ৰেমী অনুষ্ঠানত শংকৰ মহাদেৱনে বেণ্ডৰ সদস্যসকলক ধন্যবাদ জনোৱাৰ পিছত কয়-, “ধন্যবাদ ভগৱান। মোৰ পৰিয়াল, আত্মীয় আৰু বন্ধু-বান্ধৱীলৈও বহুত বহুত ধন্যবাদ। ভাৰতক লৈ আমি গৌৰৱান্বিত। শেষত এই বঁটাটো মোৰ পত্নীৰ নামত উৎসৰ্গা কৰিছোঁ। যাক লৈয়ে মোৰ গীতৰ প্ৰতিটো শব্দ লিখা হৈছে।”

You might also like