নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰাক লৈ প্ৰতিক্ৰিয়া অসমীয়া যুৱমঞ্চৰ

জুবিনৰ সমাধি ক্ষেত্ৰত সুৰাসক্ত হৈ অতপালি নকৰিবলৈ সকীয়নি, এই ক্ষেত্ৰত চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী অসমীয়া যুৱমঞ্চৰ

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ এচামে উশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱমঞ্চৰ সভাপতি যাদৱ গগৈয়ে৷

তেওঁ কয় যে জুবিন দাৰ সমাধি ক্ষেত্ৰত আজি আমি উদ্ভণ্ডালি হোৱা দেখিবলৈ পাইছো৷ কোনোবই মদ খাই মায়াবিনী গাইছে৷ মদ খাই জুবিনৰ সমাধি ক্ষেত্ৰত অতপালি নকৰিবলৈ সকীয়নি প্ৰদান কৰে অসমীয়া যুৱমঞ্চৰ সভাপতিগৰাকীয়ে৷

তেওঁ চৰকাৰক এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ আনহাতে, সমাধি ক্ষেত্ৰত ৰাজনৈতিক দলবোৰে ৰাজনৈতিক শ্ল’গান দিয়াক লৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমীয়া যুৱমঞ্চই৷ যুৱমঞ্চৰ সভাপতিগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ৰাজনৈতিক শ্ল’গান দিয়া কাৰ্য বন্ধ হ’ব লাগে৷ কাৰণ আমি ন্যায়ৰ বাবে প্ৰতিবাদ কৰিছো৷

জুবিন দাৰ পৰিয়ালে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ন্যায় বিচাৰিছে৷ আমি ন্যায় পাবই লাগিব৷ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায়৷ জুবিন দাৰ সমাধি ক্ষেত্ৰত মদ খাই উদ্ভণ্ডালি কৰাটো অসমীয়া যুৱমঞ্চই বিচৰা নাই বুলি তেওঁ উল্লেখ কৰি এই ক্ষেত্ৰত চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ অক্টোবৰ

You might also like