অনচুনী চিখেৰ বাবে ড° পার্থসাৰথি মহন্তক জুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান
খ্যাতনামা অভিনেত্রী সীমা বিশ্বাসে এককভাবে অভিনয় কৰা এই ছবিখনৰ কাহিনী ড° মহন্তৰে এটি কবিতাৰ আধাৰত ৰচিত
লেখক, কবি, সাহিত্যিক, পৰিচালক আই পি এছ বিষয়া ড° পার্থসাৰথি মহন্তৰ “অনচুনী চিখে” চুটি ছবিখনে পুনৰ খ্যাতি অর্জন কৰিছে। গোৱালিয়ৰত অনুষ্ঠিত ষষ্ঠদশ চম্বল আন্তর্জাতিক চলচ্চিত্র মহোৎসব, ২০২৫ ত “অনচুনী চিখে” চুটি ছবিখনৰ বাবে ড° পার্থসাৰথি মহন্তই জুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে।
যোৱা ১৪ অক্টোবৰত পৰিচালকগৰাকীলৈ আগবঢ়োৱা হৈছে এই সম্মান। ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত উত্তৰ-পূবৰ বিশেষ শিতানত “অনচুনী চিখে” চুটি ছবিখনে “শ্রেষ্ঠ পৰিচালক” আৰু “শ্রেষ্ঠ চুটি ছবি” বঁটাৰ লগতে বিশিষ্ঠ অভিনেত্রী সীমা বিশ্বাসে “শ্রেষ্ঠ অভিনেত্রী” ৰ সন্মান অর্জন কৰিছিল।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনা ড° মহন্তৰ এই চুটি ছবিখনে চেন্নাইত অনুষ্ঠিত “কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ”ত “শ্রেষ্ঠ এছিয়ান চুটি ছবি’ৰ সন্মান লাভ কৰাৰ উপৰি জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলিচ্চিত্র মহোৎসৱ, দিল্লি চলচ্চিত্র মহোৎসৱ আৰু কলকতাত অনুষ্ঠিত ইণ্ডিয়ান ইনডিপেন্ডেন্ট চলচ্চিত্র মহোৎসবতো “শ্রেষ্ঠ চুটি ছবি’ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল।
আনহাতে, ১৯ সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱত ছবিখনে লাভ কৰিছিল “শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবি’ৰ সন্মান। এছিয়ান টেলেন্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু কান চলচ্চিত্র মহোৎসৱৰ “মার্চে ডু ফিল্ম” (অনলাইন শাখা) তো প্রদর্শিত হোৱা এই ছবিখনে বিশ্বৰ বিভিন্ন দেশৰ দর্শক-সমালোচকৰ ভূয়সী প্রশংসা লাভ কৰিছিল।
খ্যাতনামা অভিনেত্রী সীমা বিশ্বাসে এককভাবে অভিনয় কৰা এই ছবিখনৰ কাহিনী ড° মহন্তৰে এটি কবিতাৰ আধাৰত ৰচিত। এগৰাকী যুৱতীয়ে তেওঁৰ জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ সন্মুখীন হোৱা গভীৰ প্রত্যাহ্বান আৰু তেওঁৰ দুর্বিসহ জীবনযাত্রাক শক্তিশালী ৰূপত যথোষিতভাবে চিত্রায়িত কৰা এই ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ অক্টোবৰ