নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়তে কংগ্ৰেছীক যোগদানৰ আহ্বান প্ৰদান বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদান বৰুৱাই আজি জোনাই বিধানসভা সমষ্টিৰ ডিমৌ কৃষ্টি ভৱন প্ৰাঙ্গণত নিৰ্বাচনী ৰণডংকা বজায়। দুপৰীয়া ডিমৌ কৃষ্টি ভৱন প্ৰাঙ্গণত আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত ৰাইজক উদ্দেশ্যি ভাষন আগবঢ়াই বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই কয় দেশৰ জনপ্ৰিয় আৰু কৰ্মযোগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দহ বছৰীয়া শাসন কালত উন্নয়নৰ যি ধাৰা বোৱাই লৈ গৈছে, সেই উন্নয়নৰ বাবে দেশৰ জনগণে পুনৰ তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে মনেপ্ৰাণে বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো শ্ৰেণীৰ জনগণৰ কল্যাণৰ বাবে যি বিলাক জনমুখী আঁচনি গ্ৰহণ কৰিছে সেয়া কোনো মধ্যভোগী অবিহনে দৰিদ্ৰ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদান বৰুৱাই কয় সময়ৰ অভাৱৰ বাবে বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়তে কংগ্ৰেছী সকলক যোগদান কৰিবলৈ আহ্বান জনায়। নিৰ্বাচনী সভাত জোনাইৰ বিধায়ক ভূৱন পেগুয়ে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যেনে ধৰণে জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিছে, তাৰ জৰিয়তে ৰাইজ যথেষ্ট উপকৃত হৈছে আৰু এইবাৰ পুনৰ তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে বুলি উল্লেখ কৰি লখিমপুৰ লোকসভা সমষ্টিত যিবোৰ মূল মূল কংগ্ৰেছী আছিল গোটেইবোৰে বিজেপিত যোগদান কৰিছে আৰু গাঁৱত থকা বাকীখিনিও লাহে লাহে যোগদান কৰিব বুলি উনুকিয়াই পুৰণা জোনাই সমষ্টিৰ পৰা এক লাখ ভোটত প্ৰদান বৰুৱা আগবাঢ়িব বুলি ভাষন দাঙি ধৰি কংগ্ৰেছ শূন্য লখিমপুৰত অসমৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী বিজয়ী হ’ব বুলি ঘোষনা কৰি সকলোতে মোদীময় পৰিৱেশ সৃষ্টি হোৱা সময়ত কংগ্ৰেছৰ টিকট লৈ নিৰ্বাচনত নমাটো উদয় শংকৰ হাজৰিকাৰ নিশ্বয় স্বাস্থজনিত কিবা অভাৱ ঘটিছে বুলি কটাক্ষ কৰে।নিৰ্বাচনী সভাত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান,অগপ,সন্মিলীত গণ শক্তিৰ কেবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।
প্ৰেৰক কৰবী দলে
You might also like