নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবাহুৰ বুকুত মৃত্যুৰ কিৰীলিঃ নিশাজুৰি অব্যাহত এছডিআৰএফ–এনডিআৰ উদ্ধাৰ অভিযান

  • নিমাতীঘাটৰ সমীপতে ‘মা কমলা’–‘এছবি টিপকাই’ৰ ভয়াৱহ সংঘর্ষ
  • ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰীমিতা দাসৰ মৃত্যু
  • সন্ধানহীন মাজুলীৰ চিকিৎসক ডাঃ বিক্রমজিৎ বৰুৱা
  • নিশাজুৰি অব্যাহত এছডিআৰএফ–এনডিআৰ উদ্ধাৰ অভিযান
  • আজি নামিব সেনা–বায়ুসেনাৰ উদ্ধাৰকাৰী দল

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ মহাবাহু ব্রহ্মপুত্রৰ বুকুত বুধবাৰে হঠাৎ উঠিল মৃত্যুৰ কিৰীলি৷ অভিশপ্ত বুধবাৰৰ সন্ধিয়া যোৰহাটৰ নিমাতীঘাটত উঠিল কান্দোনৰ ৰোল৷ মৰণকাতৰ আর্তনাদে কঁপাই তুলিলে নিমাতীঘাটৰ আকাশ–বতাহ৷ নিমাতীঘাটত দুখন ফেৰীৰ মুখামুখি সংর্ঘই মুহূর্ততে লুইতৰ পাৰঘাটটোক পর্যবসিত কৰিলে মৃত্যু উপত্যকালৈ৷

বুধবাৰে বিয়লি প্রায় চাৰি বজাত নিমাতীঘাটৰ সমীপতে ব্রহ্মপুত্রৰ বুকুত সংঘটিত হ’ল এই হূদয়বিদাৰক দুর্ঘটনা৷ নিমাতীঘাটৰ পৰা প্রায় ৫০ মিটাৰ দূৰত সংঘটিত এই মর্মান্তিক দুর্ঘটনাটোত কিমানজন লোকৰ শোকাৱহ মৃত্যু ঘটিল, সেয়া অদ্যাপি ঠাৱৰ হোৱা নাই৷ যুদ্ধকালীন তৎপৰতাৰে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে লুইতৰ বুকুত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে বিয়লি প্রায় চাৰি বজাত যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ শতাধিক যাত্রী কঢ়িয়াই ৰাওনা হৈছিল মা কমলা নামৰ অভিশপ্ত ফেৰীখন৷ ফেৰীখনত যাত্রীৰ উপৰি আছিল প্রায় ৫০খন বাইক৷ কিন্তু ফেৰীখনৰ যাত্রী আৰু বাইকসমূহৰ টিকট নথকা বাবে এইপর্যন্ত সঠিক হিচাপ নাই জিলা প্রশাসন অথবা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হাতত৷

ফেৰীখন নিমাতীঘাটৰ পৰা ৰাওনা হোৱাৰ প্রায় ৫/৬ মিনিট পাছতেই মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ যাত্রী কঢ়িয়াই অনা এছ বি টিপকাই নামৰ মাৰ নাওখনে ভয়ংকৰভাৱে খুন্দা মাৰে ফেৰীখনত৷ ফেৰী আৰু মাৰ নাওখনৰ মাজত হোৱা মুখামুখি সংঘর্ষ ইমানেই ভয়াৱহ আছিল যে টিপকাই নামৰ যুটীয়া মাৰ নাওখনৰ টিং অর্থাৎ সমুখ অংশই মা কমলা নামৰ ফেৰীখনৰ মাজভাগত খুন্দা মৰাৰ ফলত নিমিষতে ফেৰীখনৰ মাজ অংশ ভয়ংকৰ শব্দ হৈ বৃহৎ ফাট মেলে৷

লগে লগে ভৰা ব্রহ্মপুত্রৰ পানী ফেৰীখনৰ ভিতৰত সোমাই গৈ তৎক্ষণাত ফেৰীখন এঢ়লীয়া হৈ ডুব যায় লুইতৰ বুকুত৷ ইয়াৰ লগে লগে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ৷ চৌদিশে হাহাকাৰময় পৰিৱেশৰ মাজত দুয়োখন ফেৰীৰ যাত্রীয়ে প্রাণৰ মমতাত যেনিয়ে পাৰে তেনিয়ে জঁপিয়াই প্রাণৰক্ষাৰ চেষ্টা চলায়৷ ভৰ বাৰিষাৰ ব্রহ্মপুত্রত জঁপিয়াই যাত্রীসকলে সহায় বিচাৰি কৰা হাহাকাৰে সমগ্র নিমাতীঘাট শোকস্তব্ধ কৰি তোলে৷

ঘাটত থকা একাংশ লোকে লগে লগে পানীত ডুব যোৱা যাত্রীসকলক উদ্ধাৰ কৰিবলৈ লুইতৰ বুকুত নামি পৰে৷ ঘাটত থকা বিভিন্ন লোকে প্রায় ৪০গৰাকী যাত্রীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু মা কমলা নামৰ অভিশপ্ত ফেৰীখনৰ ভিতৰত থকা বহু যাত্রীয়ে মুহূর্ততে ডুব যোৱা বাবে ফেৰীখনৰ পৰা ওলাই অহাৰ কোনো সুযোগেই নাপালে বুলি প্রত্যক্ষদর্শীসকলে জানিবলৈ দিছে৷ টিপকাই নামৰ যুটীয়া মাৰ নাওখনৰ বহুকেইজন যাত্রী সাঁতুৰি আহি পাৰত উঠে বুলিও প্রত্যক্ষদর্শীয়ে প্রকাশ কৰিছে৷ মা কমলা নামৰ ফেৰীখনত বহু বেছিকৈ বাইক থকা বাবে মুহূর্ততে ফেৰীখন ডুব যায় বুলি অনুমান কৰা হৈছে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি বন্ধ হৈ থকা নিমাতীঘাট আৰু মাজুলীৰ মাজত ফেৰীসেৱা শেহতীয়াকৈ মুকলি কৰাৰ বাবে মাজুলীৰ বহু লোক বিভিন্ন কামত যোৰহাটলৈ আহিছিল৷ বিশেষকৈ চিকিৎসা আৰু ব্যৱসায়িক কামত বহু লোক যোৰহাটলৈ আহিছিল বুলি জানিব পৰা গৈছে৷

এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰ অভিযান

দুর্ঘটনা সংঘটিত হোৱাৰ লগে লগে যোৰহাট জিলা প্রশাসনৰ উচ্চস্তৰীয় বিষয়াবর্গৰ নিৰীক্ষণত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ অভিযানকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ ঘটনাস্থলীত উপস্থিত হয় দুর্যোগ প্রশমন বিভাগৰ শীর্ষ বিষয়াবর্গও৷ এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে প্রায় ৮খন অভিযানকাৰী নাৱেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখে৷ দুর্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফ আৰু এন ডি আৰ এফ দলৰ অভিযানকাৰী দলে ৪৮জন যাত্রীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ৭টি শিশু বুলি জানিব পৰা গৈছে৷

আনহাতে দুর্ঘটনাত কৰুণ মৃত্যু ঘটা মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক গুৱাহাটীৰ কাহিলিপাৰাৰ বাসিন্দা পৰীমিতা দাসৰ মৃতদেহ উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ একেদৰে মাজুলীৰ গড়মূৰৰ বিশ্বজিৎ দাস আৰু মমী দাস, বিশ্বনাথ চাৰিআলিৰ ক্লেৰিডাপ টেৰোপী, মাজুলীৰ মুনমী নৰহ, গোলঘাট বৰপথাৰৰ প্রদীপ বৰা, মাজুলীৰ ৰামচন্দ্র শতোলা, নয়নমণি মিছঙক উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজত চিকিৎসা চলাই থকা হৈছে৷ আটাইগৰাকীয়ে বিপদমুক্ত বুলি চিকিৎসকৰ সূত্রত প্রকাশ৷

সন্ধানহীন চিকিৎসক বিক্রমজিৎ বৰুৱা

মাজুলী অসামৰিক চিকিৎসালয়ৰ ই এন টি বিভাগৰ চিকিৎসক বিক্রমজিৎ বৰুৱা দুর্ঘটনাত সন্ধানহীন হৈ থকা বুলি প্রকাশ পাইছে৷ যোৰহাটৰ বাসিন্দা ডাঃ বৰুৱা বুধবাৰে পুৱাতে মাজুলীৰ পৰা যোৰহাটলৈ আহি সন্ধিয়া শেষৰখন ফেৰীৰে কর্মস্থলী মাজুলীলৈ ৰাওনা হৈছিল বুলি পৰিয়াল আৰু চিকিৎসালয়ৰ সূত্রই সদৰী কৰিছে৷ আনহাতে মাজুলীৰ একাংশ যাত্রীয়েও নিমাতীঘাটত ফেৰীত উঠাৰ আগমুহূর্তত ডাঃ বৰুৱাক দেখা পোৱা বুলি সদৰী কৰিছে৷ মাজুলীৰ এই জনপ্রিয় চিকিৎসকজনৰ এইপর্যন্ত সন্ধান নোপোৱাত পৰিয়ালৰ লোকে নিমাতীঘাটত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷

You might also like