বিটিচিত এইবাৰ বিপিএফৰ চৰকাৰ, খৈৰাবাৰীত বিপিএফৰ নিৰ্বাচনী হাগ্ৰামা মহিলাৰীৰ
৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বি পি এফে। এক বিশাল জন সমাবেশেৰে খৈৰাবাৰীত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিলে বি পি এফে। পৰিষদীয় সমষ্টিটোৰ দলীয় প্ৰাৰ্থী লৌমশ্ৰাও দৈমাৰীৰ হৈ আজি হেলিকপ্টাৰেৰে আহি খৈৰাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় বি পি এফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে।
খৈৰাবাৰী টাউন হাই স্কুল খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰাৰ লগে লগে প্ৰাৰ্থী লৌমশ্ৰাও দৈমাৰী সমন্বিতে দলীয় নেতা-কৰ্মীসকলে আৰনাই পিন্ধাই উষ্ম আদৰণি জনায় হাগ্ৰামা মহিলাৰীক । খৈৰাবাৰী টাউন হাই স্কুল খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ প্ৰাক্তন বি টি চি প্ৰধান মহিলাৰীয়ে বি টি চিত এইবাৰ বি পি এফৰ চৰকাৰ হ’বই বুলি দাবী কৰে।
আনকি অধিক আত্মবিশ্বাসী হৈ গান্ধীজয়ন্তীৰ পিছতে বি টি চিৰ নতুন চৰকাৰে শপত ল’ব বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে মহিলাৰীয়ে। শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল, মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনোৱাৰ কথাও উল্লেখ কৰে তেওঁ।
ইপিনে খৈৰাবাৰীত লৌমশ্ৰাও দৈমাৰী জয় লাভ কৰাটো এশ শতাংশই নিশ্চিত বুলিও দাবী কৰে মহিলাৰীয়ে। নিৰ্বাচনী ইস্তাহাৰত ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব বুলি আশ্বাস দি মহিলাৰীয়ে কয় যে খৈৰাবাৰী, ভেৰগাঁও, মুদেবড়ী, খালিংদুৱাৰ, ননৈ চেৰফাং, হৰিশিঙাকে ধৰি ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ জনসাধাৰণে কাম-কাজৰ বাবে বহু কষ্ট কৰি কোকৰাঝাৰলৈ যাব লগা হয়, সেয়ে ৰাইজৰ সুবিধাৰ কাৰণে এইবাৰ বি পি এফৰ চৰকাৰ অহাৰ পিছতে আমি ওদালগুৰিত মিনি সচিবালয় বনাম।
অৱশ্যে ইয়াৰ বাবে এক, ডেৰ বছৰ সময় লাগিব পাৰে; কিন্তু আমি ওদালগুৰিত মিনি সচিবালয় বনামেই। বিটিচিৰ বাসিন্দাক মাটিৰ পট্টা দিয়াটো বিপিএফ চৰকাৰৰ প্ৰধান কাম হ’ব বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰত বি টি চিত বাস কৰিবলৈ লোৱা সকলো জাতি -জনগোষ্ঠীৰ লোককে ২০০৫ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত দিয়া হ’ব মাটিৰ পট্টা।
স্বভাৱসুলভ ভাষাৰে ভোটাৰ ৰাইজক উদ্দেশ্যি মহিলাৰীয়ে কয়- “আপোনালোকে আমাক সহায় কৰিবলৈ ওলাই আহিছে ; চৰকাৰ আহিলে আমিও আপোনালোকক সহায় কৰিম। মোৰ মুখৰ পৰা যিটো কথা এবাৰ ওলায় মই সেইটো কৰিমেই, আপোনালোকে মাত্ৰ বিশ্বাস ৰাখক। গতিকে আপোনালোকে এইবাৰ ভুল নকৰিব, আমাৰ চৰকাৰ হ’বই “।
ইপিনে সাংবাদিকৰ আগত মহিলাৰীয়ে কয়- প্ৰমোদ বড়ো এইবাৰ জিৰ’ । তেওঁৰ অৱস্থা ভাল নহয়। মহিলাৰীৰ দাবী- প্ৰমোদ বড়ো এইবাৰ নিজে হাৰিব ।
কণ্ঠশিল্পী ভৃগু কাশ্যপৰ গীতে-মাতে জীপাল হৈ পৰা নিৰ্বাচনী সভাত অংশ লৈ বি পি এফৰ উপ-সভাপতি তথা কলাইগাঁৱৰ বিধায়ক দুৰ্গা দাস বড়োৱে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল চৰকাৰৰ কাম-কাজক চোকা সমালোচনা কৰে।
আনহাতে হাগ্ৰামা মহিলাৰীক উচ্চ প্ৰশংসা কৰি বিধায়ক বড়োৱে কয় যে বিগত ১৫টা বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি এফ চৰকাৰে কোকৰাঝাৰত বি টি চিৰ ৰাজধানী সাজিলে, ৰাস্তা-ঘাট নিৰ্মাণ কৰিলে, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিলে, কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ সমগ্ৰ বি টি চিখনক বহুখিনি আগুৱাই নিলে। সেয়ে পুনৰবাৰ ৰাইজে হাগ্ৰামা মহিলাৰীক ক্ষমতালৈ আনিব লাগে।
যুৱ বি পি এফৰ সভাপতি ৰিঞ্জয় বড়োৱে ইউ পি পি এলক তীব্ৰ সমালোচনা কৰি কয় যে ২০২০ চনত পৰিৱৰ্তনৰ নামত ইউ পি পি এলে চৰকাৰ গঠন কৰি কোনো পৰিৱৰ্তন আনিব নোঁৱাৰিলে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোঁৱাৰিলে। বি পি এফৰ চৰকাৰ আহিলে অৰুণোদয়ৰ ধন বঢ়াই দিয়া হ’ব বুলি আশ্বাস দিয়াৰ লগতে বি টি চিৰ অপ্ৰাদেশিত সকলো শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে যুৱ নেতা গৰাকীয়ে।
নিৱনুৱা যুৱক -যুৱতী, মহিলা আত্মসহায়ক গোট, দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতিও দিয়ে বি পি এফৰ যুৱ নেতা গৰাকীয়ে।
ইপিনে প্ৰাৰ্থী লৌমশ্ৰাও দৈমাৰীও সাংবাদিকৰ আগত প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে ইউ পি এল চৰকাৰে বিগত ৫টা বছৰত ৰাইজৰ কাৰণে একোৱে কৰিব পৰা নোঁৱাৰিলে। ১৫টা বছৰত হাগ্ৰামা মহিলাৰীয়ে যিখিনি কাম কৰি থৈ গ’ল আজি ৰাইজে তাক বুজিব পাৰিছে । আজি ৰাইজে ইয়াকো উপলব্ধ কৰিব পাৰিছে যে বিপিএফ চৰকাৰেই ভাল আছিল, খৈৰাবাৰীৰ জনসমাগমে ইয়াৰ প্ৰমাণ দিছে। খৈৰাবাৰী ব্ল’ক বি পি এফৰ উদ্যোগত অনুষ্ঠিত এই বিশাল নিৰ্বাচনী সভাত বি পি এফৰ ভালেকেইগৰাকী দলীয় নেতা -কৰ্মী উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ১৬ ছেপ্টেম্বৰ