নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জখলাবন্ধাত পুখুৰীত সোমাল বাহন, আৰোহী হিচাপে আছিল দুই যুৱতীসহ এক যুৱক

জখলাবন্ধাত নিশা প্ৰায় ১১ বজাত তীব্ৰবেগী বিলাসী বাহন সোমাল পুখুৰীত।

ঘটনাটো সংঘটিত  জখলাবন্ধা-শিলঘাট সংযোগী পথৰ মিৰিভেটিত।

AS 02 FG 4454 নম্বৰৰ বাহনখনত দুই যুৱতীসহ এজন যুৱকে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ৩০ ফুট আঁতৰত হাবিয়নিৰ মাজত থকা এটা পুখুৰীত সোমাই যায় বাহনসহ।

স্থানীয় লোকে শব্দ শুনা পাই আহি লগে লগে পানীৰ মাজৰ পৰা কথমপি প্ৰাণৰক্ষা কৰে দুই যুৱতীসহ তিনি আৰোহীক।

সুৰাপান কৰি তীব্র বেগত বাহন চলোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।

ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ নিশা প্ৰায় ১২ বজাত বাহনখন পানীৰ পৰা উদ্ধাৰৰ ব‍্যৱস্থা কৰি থকাৰ সময়তে পুণৰ এক অঘটন সংঘটিত হয়।

আৰক্ষীৰ সমুখতে সামান‍্য কথাৰ বাবেই ঘটনাস্থলীত উপস্থিত থকা কেইজনমান উদণ্ড যুৱকে ৰিকভাৰী ভেনখনৰ এগৰাকী কৰ্মচাৰীক বেয়াকৈ প্ৰহাৰ কৰে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ

You might also like