নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ পৰা অৱসৰ ল’ব ধোনীয়ে

বিশেষ বাৰ্তা, ২৩ মার্চ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰা অৱসৰ গ্রহণ কৰিব চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ কালিৰে পৰা আৰম্ভ হোৱা আইপিএলেই ধোনীৰ কেৰিয়াৰৰ অন্তিমখন আইপিএল৷ চলিত সপ্তদশ সংস্কৰণটোৰ সমাপ্তিৰ পিছতেই ধোনীয়ে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰা অৱসৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ২০২০ চনৰ ১৫ আগষ্টত মাহীয়ে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছিল যদিও বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনত অংশগ্রহণ কৰি আছিল৷ আইপিএলৰ পৰা অৱসৰ ল’লেও ধোনীয়ে চেন্নাই ছুপাৰ কিংছত উল্লেখযোগ্য ভূমিকা পালন কৰি যাব বুলি জানিব পৰা গৈছে৷ কালিৰ মেচখনকে ধৰি এতিয়ালৈকে ২৫১খন আইপিএল মেচত অংশগ্রহণ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা উইকেটকীপাৰ বেটাৰগৰাকীয়ে ৫ হাজাৰৰো অধিক ৰান সংগ্রহ কৰিছে আৰু ধোনীৰ নেতৃত্বতেই চেন্নাই ছুপাৰ কিংছে ৫বাৰকৈ আইপিএলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ ধোনীৰ নেতৃত্বতেই চিএছকেই দুবাৰকৈ চেম্পিয়নছ লীগ টি–২০ৰ খিতাপ লাভ কৰিছিল৷ মন কৰিবলগীয়া যে চিএছকেৰ ২৪৯খন মেচৰ ভিতৰত ২৩৫খন মেচতেই অধিনায়কত্ব কৰিছে মহেন্দ্র সিং ধোনীয়ে৷

You might also like