ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে চৰকাৰক ন্যায় প্রদানৰ দাবী তোলাৰ সময়তে তীব্রগতিত চলিছে বিশেষ তদন্তকাৰী গোটৰ তদন্ত৷ ইয়াৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৫টা দিনৰ পিছত অসমত উপস্থিত হ’ল আন তিনি প্ৰৱাসী অসমীয়া। ইয়াৰ আগেয়ে ৰূপকমল কলিতা নামৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াজনে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল।
CID কাৰ্যালয়ত আজি হাজিৰ হোৱা ৩ প্ৰৱাসী অসমীয়া হ’ল জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তদুপৰি শীঘ্ৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব আন দুই প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, দেৱজিত হাজৰিকাও। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ সৈতে য়ট পাৰ্টীত আছিল এই ৫ প্ৰৱাসী অসমীয়া। জুবিনৰ ৰহস্যজনক মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল আটাইকেইগৰাকী। এতিয়া এই প্ৰৱাসী অসমীয়াকেইজনক জেৰা চলালে বহু গুৰুত্বপূৰ্ণ তথ্য উদঘাটনৰ সম্ভাৱনা আছে।
উল্লেখ্য যে বিগত ২৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুলৈ এছআইটিয়ে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত ৩০জনৰো অধিক লোকক জেৰা চলোৱাৰ লগতে কেইবাগৰাকীও নিকটাত্মীয়ৰ ভাষ্য সংগ্রহ কৰিছে৷ কালিও এছআইটিয়ে শিল্পীগৰাকীৰ সহায়কাৰী অৰুণ গার্গৰ ভাষ্য সংগ্রহ কৰে৷
১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত ছিংগাপুৰৰ মহাসমুদ্রৰ বুকুত আয়োজিত য়ট পার্টীত ৰহস্যজনকভাৱে প্রাণ হেৰুৱাইছিল অসমীয়াৰ আৱেগ জুবিন গার্গে৷ অভিশপ্ত পার্টীটোত অংশ লোৱা ছিংগাপুৰৰ ১১ প্রবাসী অসমীয়াক বাৰম্বাৰ অসমবাসীৰ লগতে চৰকাৰেও এছআইটিৰ জেৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল। শেহতীয়াকৈ এই প্ৰৱাসী অসমীয়াসকলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগ কৰিবলৈ বাধ্য হৈ পৰিছে।