নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত বিজয়ী অসম কন্যা আধ্যাশ্ৰী

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এগৰাকী অসম কন্যাই সফলতা অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ে সাফল্য আৰ্জিছে।

Sony TVত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত বিজয়ী হল ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়। আনহাতে Super Dancer Chapter-5ত যুটীয়াভাৱে বিজয়ী হয় আধ্যাশ্ৰী উপাধ্যায় আৰু সুকৃতি পাল।

Super Dancer Chapter-5ৰ চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হৈছিল অপ্সৰা, আধ্যাশ্ৰী, সুকৃতি, অদিতি, সোমাংশ আৰু নৈমিষ। বিজয়ী সূত্ৰে আধ্যাশ্ৰীয়ে ট্ৰফীৰ লগতে লাভ কৰে ১০ লাখ টকাৰ নগদ ধন।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ

You might also like