নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ম’হমৰীয়াত তিনিদিনীয়া মহাপালনাম

বিশেষ বাৰ্তা, ২৬ মেঃ নগাঁৱৰ ম’হমৰীয়াত আজিৰে পৰা ম”হমৰীয়া একশৰণ ভাগৱতী সমাজৰ উদ্যোগত ম’হমৰীয়া গাঁৱৰ ১নং কীৰ্তন ঘৰত তিনিদিনীয়াকৈ মহাপালনাম কীৰ্তন আৰম্ভ হৈছে। আজি পুৱা পালনাম পৰিচালনা সমিতিৰ সভাপতি হোমেশ্বৰ পাঠকে ধৰ্মধ্বজা উত্তোলন কৰি মহাপাল নামৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত সুশীল পাঠকে সহযোগিতা কৰে। ইয়াৰ পিছতে এক আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয়‌। শোভাযাত্ৰাত অংকীয়া ভাওনাৰ বিভিন্ন চৰিত্ৰৰ ভাও প্ৰদৰ্শন কৰা হয়‌। নান্দনিক এই শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।শোভাযাত্ৰাত স্থানীয় ৰাইজ,আই-মাতৃ আৰু যুবক-যুবতীসকলে অংশগ্ৰহণ কৰে। নিশা নাম-কীৰ্তন অনুষ্ঠিত হয়। কাইলৈ পুৱা ঊষা কীৰ্তন, ভকত আদৰণি, শৰাই অৰ্চনা,দুপৰীয়া খোল প্ৰসংগ, নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছত বিয়লি ৩ বজাৰ পৰা ধৰ্মালোচনা সভা অনুষ্ঠিত হব‌। ধৰ্মালোচনা সভাত একশৰণ ভাগৱতী সমাজৰ জালুগুটিৰ জ্যোতিপ্ৰসাদ দাস, সমাজৰ পৰমাৰ্থীত্ব সন্মিলনৰ সদস্য ৰাম নাথ দাস,সমাজৰ সাংগঠনিক উপাচাৰ্য অজিত কুমাৰ দাসে অংশগ্ৰহণ কৰিব। সন্ধিয়া বন্তি প্ৰজ্বলন, গুণমালা কীৰ্তন অনুষ্ঠিত হোৱাৰ পিছত মহাপাল নাম অনুষ্ঠিত হব‌। পৰহিলৈ বিয়লি ভকত বিদায় অনুষ্ঠানেৰে মহাপাল নামৰ সামৰণি পৰিব।

প্ৰেৰক কনক হাজৰিকা

You might also like