বাংলাদেশত পুনৰ হিন্দু যুৱকৰ প্ৰাণ ল’লে দুৰ্বৃত্তই…
নিউজ ডেস্ক, ২৫ জানুৱাৰী : বাংলাদেশত পুনৰ হিন্দু হত্যাৰ এক নৃশংস ঘটনা পোহৰলৈ আহিছে । এই ঘটনাত এগৰাকী হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰে দুৰ্বৃত্তই ।
বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হিংসাত্মক ঘটনা । শেহতীয়াকৈ দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত হোৱা আন এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে । নৰসিংদি পুলিচ লাইনৰ গাতে লাগি থকা মছজিদ মাৰ্কেট এলেকাত এগৰাকী ২৩ বছৰীয়া হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চঞ্চল চন্দ্ৰ ভৌমিক নামৰ যুৱকজনক নৃশংসভাৱে এটা গেৰেজৰ ভিতৰত জীৱন্তে জ্বলাই দিয়া বুলি বাতৰিত প্ৰকাশ পাইছে ।
নিহত চঞ্চল চন্দ্ৰ ভৌমিক নামৰ যুৱকজন বাংলাদেশৰ কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ বাসিন্দা আছিল । কেইবাবছৰ ধৰি নৰসিংদিৰ এটা গেৰেজত কাম কৰি থকা যুৱকজন কৰ্মসূত্ৰে তাতেই বাস কৰিছিল । চঞ্চল আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ।
প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে গভীৰ নিশা চঞ্চলে গেৰেজৰ ভিতৰত শুই থকাৰ সময়তে দোকানৰ বাহিৰৰ শ্বাটাৰত পেট্ৰল ঢালি জুই লগাই দিয়ে । লগে লগে জুইৰ লেলিহান শিখা সমগ্ৰ গেৰেজত বিয়পি পৰে ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ প্ৰায় এঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে । জুই নিৰ্বাপণ কৰাৰ পিছত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় চঞ্চল চন্দ্ৰ ভৌমিকৰ জ্বলি যোৱা মৃতদেহ ।
এই ঘটনাক পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালে । দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে পৰিয়ালে।