নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২৪ ঘণ্টাত ৪৬জনৰ মৃত্যুঃ পজিটিভ ৪,৯৩৬ ব্যক্তি

গ্রামাঞ্চল–চাহ বাগিচালৈ শিপাইছে ক’ভিড

নিয়মীয়া বাৰ্তা ৭ মেঃ দিন বাগৰাৰ লগে লগে জটিলৰ পৰা জটিলতৰ ৰূপ লৈছে ক’ৰোনা সংক্রমণে৷ একাংশ অসচেতন লোকৰ অসাৱধানতাৰ ফলত ভয়াৱহ ৰূপ লৈছে ক’ৰোনাৰ গণ সংক্রমণে৷ ফলত নিতৌ ৰাজ্যত অভিলেখসংখ্যক হাৰত বাঢ়িছে ক’ৰোনাত আক্রান্ত ৰোগী৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও৷ বিগত বর্ষত ক’ৰোনাৰ প্রথম লহৰত ৰাজ্যত ক’ৰোনাৰ সংক্রমণে জটিল ৰূপ লৈছিল যদিও গ্রামাঞ্চল আৰু চাহ বাগিচাসমূহত সংক্রমণৰ হাৰ সিমান চিন্তাজনক নাছিল৷ বিশেষকৈ গুৱাহাটী আৰু ৰাজ্যৰ চহৰ অঞ্চলসমূহত ক’ৰোনাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল৷ কিন্তু এইবাৰ কেৱল গুৱাহাটী আৰু চহৰ অঞ্চলসমূহতে সীমাবদ্ধ হৈ থকা নাই ক’ৰোনাৰ সংক্রমণ৷ বৰঞ্চ গ্রামাঞ্চলসমূহৰ লগতে চাহ বাগিচাসমূহতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা৷

প্রাপ্ত তথ্য অনুসৰি দুলীয়াজানৰ নাওহলীয়াৰ মায়াজান চাহ বাগিচাত বৃহস্পতিবাৰে দিনটোত ৬০জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে৷ বাগিচাখনত মুঠ ২১৮জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷ ইতিমধ্যে এই বাগিচাখন কনটেইনমেণ্ট জ’ন কৰিছে প্রশাসনে৷ অৱশ্যে জালনী চাহ বাগিচাত পূর্বতকৈ আজিৰ দিনটোত ক’ভিড পজিটিভৰ সংখ্যা হ্রাস পাইছে৷ বৃহস্পতিবাৰে ৬৩জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল যদিও ১০জনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ কালি প্রায় ৯০জনৰ শৰীৰত ধৰা পৰিছিল ক’ভিড৷ বৃহত্তৰ দুলীয়াজানত আজি ৯৪জন ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে৷ ইপিনে, বিশ্বনাথত ক’ভিডৰ নতুন অভিকেন্দ্র হৈ পৰিছে নীলপুৰ চাহ বাগিচা৷ এই বাগিচাখনত নতুনকৈ চিনাক্ত হৈছে ৪০জন ক’ভিড ৰোগী৷ ইতিমধ্যে এই বাগিচাখন কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷

বিশ্বনাথত নতুনকৈ ২৪জন লোকৰ শৰীৰত ক’ভিড ধৰা পৰিছে৷ বিশ্বনাথৰ বাগিচা অঞ্চলসমূহত ক’ভিডৰ ব্যাপক সংক্রমণ আৰম্ভ হৈছে৷ বোকাখাতৰ বৰচাপৰি চাহ বাগিচাতো ৩৭জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

ইফালে, বৃহস্পতিবাৰে দিনটোত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪,৯৩৬জন ৰোগী৷ আক্রান্তৰ হাৰ হৈছে ৮.০৪ শতাংশ৷ বিগত ২৪ ঘণ্টাত মুঠ ৬১,৩৭৭টা নমুনা পৰীক্ষা কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত ১,৩৫৩জনেই কামৰূপ (মহানগৰ) জিলাৰ, ৪৮৪জন ডিব্রুগড়ৰ, ৪৫৪জন কামৰূপৰ আৰু ২৭৫জন নগাঁৱৰ৷ বৃহস্পতিবাৰে সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২,৯৭৬জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩১,৮২৯জন ৰোগী৷ আক্রান্তৰ লগতে উদ্বেগজনক হাৰত বাঢ়িয়েই আছে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ বৃহস্পতিবাৰে ৰাজ্যত মুঠ ৪৬জন লোকৰ ক’ভিডত মৃত্যু হৈছে৷ এইসকলৰ ভিতৰত ১৩জন কামৰূপ (মহানগৰ) জিলাৰ৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণে জটিল ৰূপ ধাৰণ কৰিলেও একাংশ লোক এতিয়াও সচেতন নহয়৷ সঠিকভাৱে মাস্ক পৰিধান নকৰাকৈ এই লোকসকলে ৰাজহুৱা স্থানত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে বজাৰ–সমাৰ আৰু আন ৰাজহুৱা স্থানত পালন কৰা হোৱা নাই সামাজিক দূৰত্বও৷ গুৱাহাটী মহানগৰীত চিটী বাছসমূহৰ লগতে আন জিলাসমূহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ব্যাপক ক’ভিড প্রট’কল ভংগ কৰা দেখা গৈছে৷ সাধাৰণ ৰাইজৰ এনে অসচেতন ব্যৱহাৰৰ বাবে ক’ভিডৰ গণ সংক্রমণে আগন্তুক সময়ত ক’ভিডে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ আনহাতে, ক’ভিডৰ সংক্রমণৰ বাবে আজিৰে পৰা ভক্তৰ বাবে বন্ধ কৰি দিছে শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়৷ অৱশ্যে দেৱালয়খনত অব্যাহত থাকিব নিতৌ পূজা৷ সেইদৰে যোৰহাটৰ বিভিন্ন বেংকত এতিয়া ক’ৰোনাৰ আতংক৷ যোৰহাটৰ গড়মূৰ আলিৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ পাছত ৰৰৈয়াস্থিত এছ বি আই শাখা কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ এই শাখাটোৰ চাৰিজন কর্মচাৰী ক’ভিডত আক্রান্ত হৈছে৷
কাৰাগাৰতো সংক্রমণ ক’ভিডৰ
ক’ভিডৰ দ্রুত সংক্রমণত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী৷ গাঁও–চহৰৰ লগতে এতিয়া ক’ভিড বিয়পিছে ৰাজ্যৰ কাৰাগাৰসমূহতো৷ ৰাজ্যৰ কাৰাগাৰত থকা ১৬জন কয়দী বর্তমানলৈ ক’ভিডত আক্রান্ত হৈছে৷ কাৰাগাৰসমূহৰ পৰিদর্শকে এক শপতনামাযোগে এই কথা সদৰী কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ক৷ শপতনামাত উল্লেখ কৰা অনুসৰি যোৱা ৩০ এপ্রিলত গুৱাহাটীস্থিত কেন্দ্রীয় কাৰাগাৰত ৮জন, কোকৰাঝাৰ জিলা কাৰাগাৰত এজন, যোৰহাটৰ কেন্দ্রীয় কাৰাগাৰত তিনিজন, অভয়াপুৰী জিলা কাৰাগাৰত তিনিজন আৰু ডিফুৰ জিলা কাৰাগাৰত এজন কয়দী ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ১১জন সংশ্লিষ্ট কাৰাগাৰ ক্রমে গুৱাহাটী, যোৰহাট আৰু ডিফুৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে৷ আন চাৰিজন সুস্থ হৈ উঠিছে যদিও কাৰাগাৰৰ ভিতৰৰ কোৱাৰেণ্টাইন কেন্দ্রত নিৰীক্ষণত ৰখা হৈছে৷ এজনে ইতিমধ্যেই লাভ কৰিছে জামিন৷

উল্লেখ্য যে বিগত বর্ষত কাৰাগাৰসমূহত ব্যাপক হাৰত সংক্রমণ ঘটিছিল ক’ভিডৰ৷ যাৰ বাবে লঘু অপৰাধত অভিযুক্তসকলক জামিনত মুকলি কৰি দিয়াৰো ব্যৱস্থা কৰা হৈছিল৷ কিন্তু ক’ৰোনাৰ দ্বিতীয় লহৰে ৰাজ্যজুৰি আতংক সৃষ্টি কৰাৰ সময়তে পুনৰ কাৰাগাৰৰ ভিতৰতো সংক্রমণ ঘটিছে৷ বিগত বর্ষতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰত হোৱা ক’ভিড সংক্রমণক লৈ উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে নিজাববীয়াকৈ ৪/২০২০ নম্বৰৰ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছিল৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি সেই সময়ত কাৰাগাৰত ক’ভিড প্রতিৰোধৰ বাবে গ্রহণ কৰা ব্যৱস্থা আৰু আক্রান্ত কয়দীসকলৰ চিকিৎসাৰ বাবে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত বিতং প্রতিবেদন বিচাৰিছিল উচ্চ ন্যায়ালয়ে৷ শেহতীয়াকৈ পুনৰ ক’ৰোনাই জটিল ৰূপ ধাৰণ কৰাত উচ্চ ন্যায়ালয়ে কাৰাগাৰত হোৱা সংক্রমণক গুৰুত্ব প্রদান কৰিছে৷ ইতিমধ্যে এই গোচৰটোৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে পুনৰ কাৰাগাৰসমূহৰ মহাপৰিদর্শকক বিতং তথ্য অৱগত কৰিবলৈ নির্দেশনা দিছে৷ লগতে উচ্চ ন্যায়ালয়ে কাৰাগাৰত থকা শিশুসকলৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হৈছে, সেয়া অৱগত কৰিবলৈও নির্দেশনা দিছে সংশ্লিষ্ট কর্তৃপক্ষক৷ লক্ষণীয় যে অসমত বর্তমান ৩১খন কাৰাগাৰ আছে৷ ইয়াৰে ৬খন কেন্দ্রীয় কাৰাগাৰ, ২২খন জিলা কাৰাগাৰ, এখন বিশেষ কাৰাগাৰ, এখন মুক্ত কাৰাগাৰ আৰু এখন উপ–কাৰাগাৰ৷ যোৱা ২৯ এপ্রিল পর্যন্ত এই কাৰাগাৰসমূহত আছে ৮,৮৪৭জন পুৰুষ বন্দী আৰু ৩৭৮গৰাকী মহিলা বন্দী৷
ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ৯জনৰ মৃত্যু
ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৯জন ব্যক্তিৰ৷ মৃত্যু হোৱা ব্যক্তিকেইজনৰ ৬জন হৈছে ডিব্রুগড়ৰ৷ টেপৰ গাঁৱৰ অণিমা বৰুৱা সোণোৱাল নামৰ ৩১ বছৰীয়া এগৰাকী মহিলাৰো আজি ক’ভিডত মৃত্যু হৈছে৷ তেওঁ হোম আইছ’লেচনত আছিল যদিও নিশা স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছিল৷ ডিব্রুগড়ত আজি সর্বাধিক ৪৫৬জন লোক নতুনকৈ আক্রান্ত হৈছে৷ বর্তমানলৈ ডিব্রুগড়ত আক্রান্ত হোৱা মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৪,১১১জন৷ ইপিনে, অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ অহা দুসপ্তাহৰ বাবে সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি প্রকাশ কৰা হৈছে কলেজখনৰ অধ্যাপক ডাঃ প্রশান্ত দিহিঙীয়াই৷
তিতাবৰত তৃতীয়জন ক’ভিড আক্রান্তৰ মৃত্যু
তিতাবৰৰ এগৰাকী মহিলাৰ আজি যোৰহাট মেডিকেল কলেজ হাস্পতালত ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ তেওঁ হৈছে তিতাবৰৰ বিবিজান নিৱাসী নুৰজা বেগম৷ পাঁচ দিন পূর্বে তেওঁক হাস্পতালখনত ভর্তি কৰোৱা হৈছিল৷ ইয়াৰ পূর্বে তিতাবৰৰ আন দুজন ব্যক্তিৰো মৃত্যু হৈছে৷
ছাগলীয়া চকীত আক্রান্ত ৯
ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ ছাগলীয়া চকীৰ ক’ভিড পৰীক্ষণ কেন্দ্রত আজি ৯জন ব্যক্তিৰ শৰীৰত ধৰা পৰে ক’ভিডৰ উপস্থিতি৷ ইয়াৰে ৫জন কোচবিহাৰৰ, তিনিজন ধুবুৰীৰ আৰু এজন মেঘালয়ৰ বুলি জানিব পৰা গৈছে৷
শিৱসাগৰত দুজনৰ মৃত্যু
আজি শিৱসাগৰত পুনৰ দুজন ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে৷ তেওঁলোক হৈছে ডিমৌৰ গোসাঁইপুখুৰী অঞ্চলৰ ভৱেন বৰুৱা (৬৫) আৰু হালোৱাটিং নেপালীবস্তি অঞ্চলৰ জয়নুল আলী (৭৫)৷ ইপিনে, জিলাখনত আজিৰ দিনটোত নতুনকৈ আক্রান্ত হৈছে ৯৩জন ব্যক্তি৷ জিলাখনত আক্রান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১,০০৮জন৷ ইয়াৰে ৪৬২জন আছে হোম আইছ’লেচনত৷
চাবুৱাত ক’ভিডত মৃত্যু দুজনৰ
চাবুৱাত আজি দুজন ব্যক্তিয়ে ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লয়৷ তেওঁলোক জেৰাই চকলিভৰিয়াৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ মৃত ব্যক্তিজন বায়ুসেনা বিভাগৰ প্রাক্তন কর্মচাৰী৷
ধেমাজিত তিনিজনৰ মৃত্যু
ধেমাজি জিলাত আজি তিনিজন ক’ভিড আক্রান্তৰ মৃত্যু হৈছে৷ ইয়াৰ লগে লগে জিলাখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে৷ আজি নতুনকৈ জিলাখনত ক’ভিড আক্রান্ত হৈছে ৫৪জন৷
যোৰহাটত এজনৰ মৃত্যু
যোৰহাটত ক’ভিডত আক্রান্ত হৈ আজি পুনৰ এজন ব্যক্তিৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা ব্যক্তিজন দুলাল মজুমদাৰ (৬৫) বুলি জানিব পৰা গৈছে৷ আজি জিলাখনত নতুনকৈ আক্রান্ত হৈছে ১২০জন৷
সমবায় আন্দোলনৰ নেতা কালীন্দ্র কুমাৰ ডেকাৰ ক’ভিডত মৃত্যু
নলবাৰীৰ বিশিষ্ট সমাজকর্মী, অসম সমবায় সংঘৰ অৱসৰপ্রাপ্ত মুখ্য কার্যবাহী বিষয়া তথা সমবায় আন্দোলনৰ অগ্রণী নেতা কালীন্দ্র কুমাৰ ডেকা (৭০)ৰ আজি পুৱা ১০.৩০ বজাত জি এন আৰ চিত চিকিৎসাধীন হৈ থকা অৱস্থাতে পৰলোকপ্রাপ্তি ঘটে৷ বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ পাইকাৰকুছি নিৱাসী ডেকাই যোৱা কেইদিনমান ধৰি ক’ভিড মহামাৰীত আক্রান্ত হৈ চিকিৎসালয়ত মৃত্যুৰ স’তে যুঁজি যুঁজি অৱশেষত হাৰ মনা খবৰটো বিয়পি পৰাৰ পিছতেই সমগ্র নলবাৰী জিলাখনতে শোকৰ ছাঁ বিয়পি পৰে৷ পাইকাৰকুছি গাঁৱৰ ৰাজেন্দ্র নাথ ডেকা আৰু অৱসৰপ্রাপ্ত কৃতী শিক্ষয়িত্রী হীৰাপ্রভা ডেকাৰ দ্বিতীয় পুত্র কালীন্দ্র কুমাৰ ডেকাই ছাত্র অৱস্থাৰে পৰাই সমাজ জীৱনৰ সৈতে জডিত হৈ পৰিছিল৷ তেওঁ পঢ়ি থকা সময়তে নলবাৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হৈছিল আৰু নলবাৰী জিলা যুৱ কংগ্রেছৰ সম্পাদকৰ দৰে দায়িত্ব অতি গুৰুত্বসহকাৰে পালন কৰি দলৰ পৰা প্রশংসা বুটলিবলৈ সক্ষম হৈছিল৷

অসম সমবায় সংঘত নিযুক্তি লাভ কৰি তেওঁ সমবায় সংঘক আগবঢ়াই নিয়াৰ ক্ষেত্রত বিশেষ অহোপুৰুষার্থ চেষ্টা কৰিছিল৷ সমবায় আন্দোলনক নেতৃত্ব দিয়াৰ বাবে তেওঁ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ আনকি ৰাজ্যৰ বাহিৰলৈও ঘূৰি ফুৰিছিল৷ সমবায়ৰ লক্ষ্য আৰু উপকাৰিতা সম্পর্কে তেওঁ কেইবাখনো মূল্যৱান গ্রন্থও প্রণয়ন কৰিছে৷ ভাৰতৰ বিভিন্ন স্থানৰ লগতে ৰাছিয়াতো গৈ সমবায়ৰ ওপৰত তেওঁ প্রশিক্ষণ লৈ আহিছিল৷ অৱশেষত ৰাজ্যিক সমবায় বিষয়া হিচাপে অৱসৰ গ্রহণ কৰি নিজৰ জন্ম গাঁও পাইকাৰকুছিত অসম সমবায় সেৱা সমিতিসমূহৰ অন্যতম ‘পিটকোজ’ গঠন কৰাত স্থানীয় শিক্ষিত যুৱকসকলৰ সৈতে আগভাগ লয়৷ মৃত্যুৰ সময়লৈকে তেওঁ ‘পিটকোজ’ সমবায় সমিতিখনৰ মুখ্য কার্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰি আছিল৷ ইয়াৰ উপৰি অঞ্চলটোত স্থাপিত পূব নলবাৰী কলেজখনৰ প্রতিষ্ঠাপক সম্পাদক আছিল৷ পিছলৈ সভাপতি হিচাপেও দায়িত্ব লৈছিল৷ এগৰাকী সুবক্তা হিচাপে পৰিচিত ডেকাই বৃহত্তৰ পূব নলবাৰী অঞ্চলটোৰ বিভিন্ন সামাজিক, ধর্মীয় আৰু আর্থ–সামাজিক, শিক্ষা আদি অনুষ্ঠানসমূহত জডিত থাকি সন্মুখৰ পৰা নেতৃত্ব দিছিল৷ তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠন আৰু ব্যক্তি বিশেষে গভীৰ শোক প্রকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা, দুই পুত্রৰ লগতে বোৱাৰী আৰু নাতি ল’ৰাক এৰি যায় ৷
ক’ৰোনাত আক্রান্ত ডিমৌৰ চতুর্থজন ব্যক্তিৰ মৃত্যু
ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডিমৌ গোহাঁইপুখুৰীৰ ভবেন বৰুৱা (৬৫) নামৰ লোকজনৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ কেইবাদিনো ধৰি ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল৷ আজি ক’ভিড প্রট’কল অনুসৰি গোহাঁইপুখুৰীস্থিত নিজ গাঁৱতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব বুলি স্থানীয় প্রশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে৷ বৰুৱাকে ধৰি ডিমৌত চাৰিজনকৈ লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰাত শংকিত হৈ পৰিছে স্থানীয় লোক৷
ডুমডুমাত ক’ভিড আক্রান্ত যুৱকৰ মৃত্যু
ক’ভিডে প্রাণ কাঢ়িলে ডুমডুমা অঞ্চলৰ এজন চফল ডেকাৰ৷ উল্লেখ্য যে ডুমডুমা চহৰৰ সমীপৰ হঁানচৰা গাঁও পঞ্চায়তৰ ১নং ৱার্ডৰ বৰহাপজান চেঙেলীজানৰ ভিঞখাৰী সিঙৰ পুত্র চৰুণ সিং (৩৫) আজিৰ পৰা প্রায় এমাহমানৰ পূর্বে গুৱাহাটীৰ পৰা নিজ গৃহলৈ অহাৰ পিছতে অসুস্থ হৈ পৰিছিল যদিও ঘৰতে থাকি চিকিৎসকৰ পৰামর্শ অনুসৰি দৰব–পাতি খাই আছিল৷ কিন্তু বহু দিন ধৰি যুৱকজন সুস্থ হৈ নুঠাত চাৰি দিন পূর্বে পৰিয়ালৰ লোকে যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে৷ উক্ত চিকিৎসালয়খনত চিকিৎসকে প্রথমে যুৱকজনৰ ক’ভিড পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে আৰু লগে লগে চিকিৎসকে ক’ভিড ৱার্ডত যুৱকজনক ভর্তি কৰাই চিকিৎসা প্রদান কৰে৷ কিন্তু চিকিৎসা চলি থকাৰ সময়তে কালি সন্ধিয়া ৮ মান বজাত যুৱকজনৰ মৃত্যু হয়৷ যুৱকজনৰ মৃত্যু হোৱাৰ পিছত প্রশাসনে ডিব্রুগডত শেষকৃত্য সম্পন্ন কৰাৰ বাবে ঠাইৰ অভাৱ হোৱাত মৃতদেহটো শেষকৃত্যৰ বাবে আজি তিনিচুকীয়ালৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷
মানকাচৰত ক’ৰোনাত আক্রান্ত হৈ এজনৰ মৃত্যু
দক্ষিণ শালমাৰা–মানকাচৰ জিলাত আজি ক’ভিড–১৯ত আক্রান্ত হৈ এজন লোক মৃত্যুমুখত পৰাৰ লগতে জিলাখনত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা ১৫৩জনলৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে আজি দুপৰীয়া প্রায় ১ বজাত সুখচৰ থানা এলেকাৰ লালমাটি গাঁৱৰ সাধন চন্দ্র সাহা নামৰ লোকজন অসুস্থ হোৱাত জিলাৰ সদৰ হাটশিঙিমাৰী অসামিৰক চিকিৎসালয়ত চিকিৎসাৰ বাবে আনে৷ কিন্তু চিকিৎসালয়ত অনাৰ পূর্বেই লোকজন মৃত্যুমুখত পৰা বুলি চিকিৎসকে নিশ্চিত কৰাত লোকজনৰ ক’ভিড পৰীক্ষা কৰায়৷ পৰীক্ষাৰ অন্তত লোকজনৰ ফলাফলত ক’ভিড পজিটিভ ওলায়৷ ইফালে আজি নতুনকৈ ১৩জন লোক আক্রান্ত হোৱাৰ লগে লগে জিলাখনত মুঠ আক্রান্তৰ সংখ্যা ১৫৩জনলৈ বৃদ্ধি পালে৷
ক’ভিড আক্রান্ত হৈ সন্ধাৰ সতীশ কলিতাৰ মৃত্যু
নলবাৰী জিলাৰ পূব প্রান্তৰ সন্ধা গাঁৱৰ প্রয়াত দেৱেন কলিতাৰ কনিষ্ঠ পুত্র সতীশ কলিতাৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱাত বৃহত্তৰ পূব নলবাৰী অঞ্চলত শোকৰ ছাঁ পৰে৷ জানিব পৰা মতে, নলবাৰী চহৰৰ খাতাবাৰীত ‘শংকৰদেৱ ফার্নিচাৰ হাউছ’ৰ স্বত্বাধিকাৰী সতীশ কলিতা ক’ভিডত আক্রান্ত হোৱাত কেইদিনমান আগতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱার্ডত ভর্তি হৈছিল৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাত যোৱা ৪ মে’ত গুৱাহাটীৰ জি এন আৰ চিত ভর্তি কৰোৱা হয়৷ অৱশেষত মৃত্যুৰ সৈতে যুঁজ কৰি কালি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত দুই ভাতৃ, পত্নী, এগৰাকী কন্যা, এজন শিশু পুত্র আৰু বহু আত্মীয়–স্বজনক তেওঁ ইহসংসাৰত এৰি যায়৷
ক’ৰোনাত বিশ্বনাথ জিলাত ৩ জনৰ মৃত্যু
বিশ্বনাথ জিলাতো প্রতিদিনে বৃদ্ধি পাই আহিছে ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা৷আজি এগৰাকী ৪৫ বছৰীয়া মহিলাৰ প্রাণ কাঢ়িলে মাৰাত্মক ভাইৰাছে৷ তথ্য মতে গহপুৰ ব্রহ্মাজানৰ মথুৰা দাসৰ পত্নী ৰঞ্জুমণি দাস ক’ৰোনাত আক্রান্ত হৈছিল৷ লগে লগে তেওঁক নিজ ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ২ মে’ত তেজপুৰ মেডিকেল কলেজ হাস্পতালত পৰিয়ালে ভর্তি কৰাইছিল৷ কিন্তু আজি পুৱা ৪৫ বছৰীয়া মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়৷ আনহাতে বিশ্বনাথত ক’ভিডত আক্রান্ত হৈ আজি আন এজন লোকৰ মৃত্যু হয়৷ বিশ্বনাথ চাৰিআলি চহৰৰ ৩নং ৱার্ড আমবাৰী নিৱাসী ননীগোপাল ঘোষ (৬৭) আজি দিনৰ ১২.৩০ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে৷ তদুপৰি জিলাখনৰ ৫৪ বছৰীয়া আন এজন ব্যক্তিৰো ক’ভিডত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
বহৰিৰ যুৱকৰ ক’ৰোনাত আক্রান্ত হৈ দিল্লীত মৃত্যু
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তর্গত বহৰিৰ উত্তৰপাৰাৰ গণেশ মেধিৰ পুত্র তথা গুৱাহাটী বেলতলাৰ বাসিন্দা ড০ পংকজ কুমাৰ মেধি (৪৭)ৰ দিল্লীত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ কালি নিশা ২.৩০ বজাত দিল্লীৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত মৃত্যু ঘটে প্রতিভাৱান যুৱকজনৰ৷ জানিব পৰা মতে, বিগত তিনি দিন ধৰি ক’ৰোনাত আক্রান্ত যুৱকজনে কালি নিশা অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰে৷ অতি প্রতিভাৱান ড০ পংকজ কুমাৰ মেধি দিল্লীৰBennett Universityৰ অধ্যাপক হিচাপে কাম কৰিছিল৷ চুৰাটৰRECৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং শেষ কৰি আই আই টিৰ পৰা স্নাতকোত্তৰ ডিগ্রী লোৱাৰ পিছত সফলতাৰে পি এইচ ডি লাভ কৰি তেওঁ চাকৰি জীৱনৰ পাতনি মেলিছিল৷ উল্লেখ্য যে কর্মসূত্রে পৰিয়ালসহ তেওঁ দিল্লীৰ নইদাত বাস কৰিছিল৷
পূব বোর্কাত ক’ৰোনাত আক্রান্তৰ মৃত্যু
কমলপুৰ মহত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ অন্তর্গত পূব বোর্কাৰ ক’ৰোনা আক্রান্ত এজন লোকৰ আজি পুৱা নিজ বাসগৃহতে মৃত্যু হয়৷ জানিব পৰা মতে, লোহিত কাকতি (৪২) নামৰ উক্ত লোকজন যোৱা কিছুদিন ধৰি জ্বৰ, কাহ আদি ৰোগত আক্রান্ত হৈ থকাৰ পিছত কালি তেওঁ সপত্নীক কমলপুৰ মহত্মা গান্ধী আদর্শ চিকিৎসালয়ত আহি ক’ভিড পৰীক্ষা কৰায়৷ ৰেপিড এণ্টিজেন টেষ্টত তেওঁৰ ফলাফল নিগেটিভ আহে যদিও পত্নী লাৱণ্য কাকতিৰ ফলাফল পজিটিভ ওলায়৷ তেনেকৈয়ে দুয়ো ঘৰলৈ উভতি যোৱাৰ পিছত আজি পুৱা লোহিত কাকতি গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু পুৱা প্রায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷
বাক্সাত ২৪ ঘণ্টাত ক’ভিডত তিনিজনৰ মৃত্যু
বাক্সা জিলাতো ক্রমাৎ ক’ভিড–১৯ৰ সংক্রমণ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আজি জিলাখনত নতুনকৈ ৩১জন লোক ক’ভিড ৰূপে আক্রান্ত চিনাক্ত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ বাক্সা জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি জিলাখনত শেহতীয়াকৈ উদ্ভৱ হোৱা ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌত আক্রান্তৰ সংখ্যা আজি ৩৫৪জনলৈ বৃদ্ধি পায়৷ বুধবাৰে জিলাখনত দুজন ক’ভিড আক্রান্তৰ মৃত্যু হোৱাৰ পিছত আজি পুনৰ এগৰাকী মহিলাৰ মৃত্যু হয়৷ মৃত্যু হোৱা মহিলাগৰাকী মুছলপুৰ মহকুমাৰ অন্তর্গত অহোপাৰ কণিকা তালুকদাৰ (৫২)৷ ইয়াকে লৈ যোৱা ২৪ ঘণ্টাত জিলাখনত তিনিজন ক’ভিড আক্রান্তৰ মৃত্যু হয়৷
গোগামুখত এজনৰ মৃত্যু
ক’ৰোনাই ভয়ংকৰ ৰূপ লোৱাৰ পিছতো ক’ভিডৰ নীতি–নিয়ম নমনা একাংশৰ বিৰুদ্ধে আজি গোগমুখত প্রশাসন কঠোৰ হৈ পৰে৷ গোগামুখত আজি ক’ভিডৰ নীতি–নিয়ম নমনাসকলৰ বিৰুদ্ধে প্রশাসন কঠোৰ হৈ পৰিছে৷ উল্লেখ্য যে সমগ্র ৰাজ্যৰ লগতে গোগামুখত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ আজি গোগামুখ ৰাজহ চক্রৰ অন্তর্গত বৰবাম দেউৰী গাঁৱত ক’ভিডত আক্রান্ত হৈ গুণাধৰ দেউৰী (৮০) নামৰ লোকজনৰ দিনৰ ১১ বজাত মৃত্যু হয়৷ গোগামুখৰ ৩০খন বিছনাযুক্ত গ্রাম্য চিকিৎসালয়ৰ ভাৰপ্রাপ্ত বিষয়াই জানিবলৈ দিয়া মতে গোগামুখৰ পৰা ধেমাজিলৈ ১০৮ এম্বুলেঞ্চেৰে নিয়া অৱস্থাতে মৃত্যু হয় গুণাধৰ দেউৰীৰ৷ এতিয়ালৈকে গোগামুখত ক’ৰোনাত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪৪জন লোক আক্রান্ত হৈছে৷
গোলাঘাটত ক’ভিডে আজিও প্রাণ ল’লে দুজনৰ
গোলাঘাট জিলাত বিগত ২৪ ঘণ্টাত দুজনকৈ লোকৰ ক’ৰোনাত প্রাণহানি হোৱাৰ বিপৰীতে ১৪৬জনৰ দেহত মাৰাত্মক ভাইৰাছ ধৰা পৰিছে৷ গোলাঘাট ক’ডিড হাস্পতালত আজি চান্দমাৰীৰ সমীপৰ ভবেন্দ্রনাথ শর্মা নামৰ ৭৫ বছৰীয়া লোকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে৷ আনহাতে বোকাখাতৰ কাজিৰঙা দগাঁৱৰ তোলন গগৈ নামৰ ৩৫ বছৰীয়া লোকজনে আজি ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লয়৷ আজি মৃত্যু হোৱা দুজন লোকৰ লগতে বর্তমানলৈকে জিলাখনত ৭জনকৈ লোকৰ প্রাণহানি হৈছে৷ ইফালে গোলাঘাট জিলাৰ দুটাকৈ স্থান ক’ভিডৰ সংক্রমণৰ বাবে প্রশাসন আৰু দুর্যোগ প্রশমন বিভাগে ছীল কৰি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী প্রশিক্ষণ কেন্দ্রত বিগত কেইটামান দিনৰ পৰা আজিৰ দিনলৈকে ৭১জন লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে প্রশাসনে আজি তৎকালে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ সেইদৰে বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ৩৭জনকৈ লোকৰ দেহত ক’ভিডৰ অৱস্থিতি লাভ কৰাৰ পিছতে প্রশাসনে ছীল কৰি দিয়ে উক্ত অঞ্চলটো৷
দেৰগাঁৱৰ অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ত ক’ৰোনাৰ আতংক
অসমৰ বিভিন্ন ঠাইৰ পৰা প্রশিক্ষণ গ্রহণ কৰিবলৈ অহা দেৰগাঁও আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ প্রায় ৪০জনকৈ আৰক্ষী জোৱান ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ জানিব পৰা মতে, ক’ভিড আক্রান্ত আৰক্ষী জোৱানসকলৰ মাজৰে প্রশিক্ষণৰতASI(UB) বগীৰাম বড়ো কালি নিশা যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যুমুখত পৰে৷ আনহাতে আটাইকেইজন ক’ৰোনা আক্রান্ত আৰক্ষীকে গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষই প্রশিক্ষণথলীৰ বেৰেকত আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ ইপিনে, কালি নিশা দেৰগাঁৱৰ ৭নং ৱার্ডৰ ৰাজকুমাৰ ঠাকুৰ (৬২) নামৰ এজন লোকৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ উল্লেখ্য যে ৪ দিন পূর্বে গুৱাহাটীৰ আত্মীয়ৰ ঘৰত বিবাহ অনুষ্ঠানলৈ বিয়া খাবলৈ গৈছিল এই লোকজন৷ তাৰ পৰা ঘূৰি আহিয়েই তেওঁ ক’ৰোনাত আক্রান্ত হৈছিল আৰু যোৰহাটত মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ সম্প্রতি ঠাকুৰ পৰিয়ালটোৰ অন্য কেইবাজনো ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷

You might also like