নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় জোৱাৰৰ বাবে সাজু হ’বলৈ কেন্দ্রক নির্দেশ ছুপ্রিম ক’ৰ্টৰ

ক’ভিডত আক্রান্ত–মৃত্যুৰ অভিলেখ

নিয়মীয়া বাৰ্তা ৭ মেঃ অতি বিপজ্জনক ক’ভিডসৃষ্ট দেশৰ পৰিস্থিতি৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰী ৰূপ ভয়াৱহৰ পৰ অধিক ভয়াৱহৰ দিশে আগবাঢ়িছে৷ আক্রান্তৰ সংখ্যাই নতুন নতুন অনাকাংক্ষিত অভিলেখ সৃষ্টি কৰিছে৷ ইয়াৰ সমান্তৰালকৈ ক’ভিডত আক্রান্ত লোকৰ মৃত্যুও প্রতিদিনে ভয়াৱহ ৰূপ লৈছে৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত ৪,১২,২৬২জন লোক আক্রান্ত হৈ নতুন অভিলেখ গঢ়িলে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত দেশত সর্বাধিক ৩,৯৮০জনৰ মৃত্যু ঘটিছে৷ আক্রান্তৰ সংখ্যা যোৱা ৩০ এপ্রিলত প্রথমবাৰৰ বাবে ৪ লক্ষাধিক অতিক্রম কৰাৰ পাছত বিগত ছদিন ৪ লাখৰ তলত আছিল যদিও যোৱা ২৪ ঘণ্টাত পুনৰ আক্রান্তৰ সংখ্যাই ৪ লক্ষাধিক অতিক্রম কৰিলে৷

বিশেষজ্ঞই সতর্কবাণী দিয়া অনুসৰি ৭ মে’ৰ পৰা ভাৰতত ক’ভিডৰ আক্রমণৰ সংখ্যাই অধিক তীব্রতৰ ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৪ ঘণ্টাত ৪,১২,২৬২জন লোক আক্রান্ত হোৱাত দেশত মুঠ আক্রান্তৰ সংখ্যা ২.১০ কোটিৰ অধিক হৈছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত ৩,৯৮০জনে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যাই ২ লক্ষাধিক অতিক্রম কৰিছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ প্রায় ৫০ শতাংশ পাঁচখন ৰাজ্যৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্রত ৫৭,৬৪০, কর্ণাটকত ৫০,১২২, কেৰালাত ৪১,৯৫৩, উত্তৰ প্রদেশত ৩১,১১১ আৰু তামিলনাডুত ২৩,১১০৷ মন কৰিবলগীয়া যে দেশজুৰি আক্রান্ত চাৰি লক্ষাধিকৰ প্রায় ১৪ শতাংশই মহাৰাষ্ট্রৰ৷

আনপিনে মহাৰাষ্ট্রত প্রতিদিনে মৃতকৰ সংখ্যাও বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৯২০জন লোকৰ প্রাণহানি হৈছে৷ ৩৫৩জনেৰে কালিৰ মৃতকৰ তালিকাত দ্বিতীয় স্থানত আছে উত্তৰ প্রদেশ৷ আনহাতে, দেশৰ ৰাজধানী নতুন দিল্লীত আক্রান্তৰ সংখ্যা কিছু হ্রাস পালেও পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে৷ যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটা লোকৰ তালিকাত আছে দাক্ষিণাত্যৰ প্রখ্যাত অভিনেতা পাণ্ডু৷ অভিনেতা পাণ্ডুৰ ক’ভিড–১৯ত আক্রান্ত হৈ ৭৪ বয়সত মৃত্যু ঘটিছে৷ ১০০তকৈ অধিক তামিলকে ধৰি বিভিন্ন চলচ্চিত্রত অভিনয় কৰিছে৷

আনপিনে বলীউডৰ প্রখ্যাত অভিনেত্রী শ্রীপ্রদাৰো ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ ৬৮ চলচ্চিত্রত অভিনয় কৰা অভিনেত্রী শ্রীপ্রদাই দূৰদর্শনৰ অতি জনপ্রিয় সংসাৰ, অপৰাজিতা, ৱক্ট কী ৰাফটাৰ আদি কেইবাখনো ধাৰাবাহিকত অপূর্ব অভিনয় কৰিছিল৷ ইপিনে বলীউডৰ জনপ্রিয় ছবি ছিছ’ৰে খ্যাত অভিলাষা পাটিলৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ ৪০ বছৰীয়া অভিলাষা পাতিলে ছিছ’ৰেত অভিনয় কৰাৰ উপৰি বদ্রীনাথ কী দুলহনীয়া, গুড নিউজৰ লগতে কেইবাখনো মাৰাঠী ছবিত অভিনয় কৰিছে৷

উল্লেখ্য যে কেৰালাত বিগত কেইবাদিন ধৰি ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত কেৰালা চৰকাৰে আজিৰে পৰা ১৬ মে’লৈকে সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাত ক’ভিড–১৯ৰ শৃংখল ভংগৰ বাবে চৰকাৰখনে কাইলৈৰ পুৱা ৬ বজাৰ পৰা ১৬ মে’ৰ পুৱালৈকে সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷
ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ বাবে সাজু হ’বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
অক্সিজেনৰ অভাৱ পূৰণ কৰিব পৰাকৈ সকলো ব্যৱস্থা গ্রহণক প্রাধান্য দি ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ বাবে প্রস্তুতি আৰম্ভ কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ বিচাৰপীঠে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ বাবে কেন্দ্রীয় চৰকাৰক সম্পূর্ণ সাজু হ’বলৈ নির্দেশ দিয়ে৷ তদুপৰি বিচাৰপীঠে স্বাস্থ্যকর্মীক পর্যাপ্ত পৰিমাণে নিযুক্তিৰ ক্ষেত্রতো গুৰুত্ব দিবলৈ কেন্দ্রক নির্দেশ দিছে৷ উল্লেখ্য যে দেশৰ স্বাস্থ্য বিশেষজ্ঞই ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ অনিবার্য বুলি সকীয়নি দিয়াৰ পাছতেই আজি উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক এই নির্দেশ দিছে৷

ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ন্যায়াধীশ এম আৰ চাহুৰ বিচাৰপীঠে যথাশীঘ্রে যুৱ প্রজন্মক ক’ভিড–১৯ৰ টিকা প্রদান কৰাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰে৷ ইপিনে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰত ভাৰতত শিশুসকল আক্রান্ত হ’ব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ প্রধান বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনে তৃতীয় জোৱাৰ অনিবার্য বুলি প্রকাশ কৰাই নহয়, ই অতি ভয়াৱহ বুলিও সকীয়নি দিছে৷ বিশেষজ্ঞৰ মতে তৃতীয় জোৱাৰৰ সময়ত ভাৰতত শিশুসকলৰ ওপৰত অধিক প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ প্রথম জোৱাৰত জ্যেষ্ঠসকলৰ ওপৰত অধিক প্রভাৱ পৰাৰ পাছত দ্বিতীয় পর্যায়ত যুৱ প্রজন্মৰ ওপৰত অধিক প্রভাৱ পৰিছে৷ এনে ক্ষেত্রত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰে শিশুসকলৰ ওপৰত ভয়াৱহ প্রভাৱ পেলাব৷

You might also like