নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ডেৰ ঘণ্টীয়া বৈঠকত বহিল শ্বাহ–নাড্ডা–সন্তোষ

নিয়মীয়া বাৰ্তা ৭ মেঃ  ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ চলি থকা ব্যাপক চর্চাৰ মাজতে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীস্থিত বাসগৃহত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ মুখ্যতঃ অসম আৰু পশ্চিমবংগক লৈ বিস্তৃত আলোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই যদিও বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই অচিৰেই অসমলৈ প্রেৰণ কৰিব এজন পর্যবেক্ষক৷ উল্লেখ্য যে অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে সর্বানন্দ সোণোৱালৰ লগতে ব্যাপক চর্চা লাভ কৰিছে ড০ হিমন্ত বিশ্ব শর্মাৰ নাম৷

নির্বাচনৰ ফলাফল ঘোষণাৰ চাৰি দিন উকলি যোৱাৰ পাছতো এতিয়ালৈ মুখ্যমন্ত্রীৰ নাম ঘোষণা নকৰা বিষয়টোৱে বিজেপিৰ ভিতৰচ’ৰাতো প্রতিক্রিয়া সৃষ্টি কৰিছে৷ অৱশ্যে সমগ্র বিষয়টোক লৈ কালি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই স্পষ্ট কৰিছিল যে সংসদীয় ব’ৰ্ডৰ বৈঠক অতি সোনকালে অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্রী আৰু পশ্চিমবংগৰ বিৰোধী দলৰ নেতাৰ নাম ঘোষণা কৰা হ’ব৷

সেই অনুসৰি বৃহস্পতিবাৰে সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল যদিও ইয়াৰ পৰিৱর্তে অমিত শ্বাহৰ বাসগৃহতে বৃহস্পতিবাৰে বিজেপিৰ তিনিজন শীর্ষ নেতাহে বৈঠকত মিলিত হয়৷ এই বৈঠকত অমিত শ্বাহৰ লগতে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ উপস্থিত থাকে৷ সন্ধিয়া ৭ বজাৰ পৰা প্রায় ডেৰ ঘণ্টাজুৰি চলা এই বৈঠকত মুখ্যতঃ স্থান পায় পশ্চিমবংগৰ বিষয়টোৱে৷

সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্রীৰ প্রসংগটোও আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ দলৰ এক সূত্রই প্রকাশ কৰা অনুসৰি অসমৰ মুখ্যমন্ত্রী নির্বাচিত কৰাৰ ক্ষেত্রত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই অচিৰেই ৰাজ্যখনলৈ প্রেৰণ কৰিব এজন পর্যবেক্ষক৷ এই পর্যবেক্ষকেই সংসদীয় ব’ৰ্ডৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ দলীয় সূত্রটোৰ মতে সংসদীয় ব’ডৰ বৈঠক কাইলৈ সন্ধিয়াৰ ভাগত অথবা দেওবাৰে সংসদীয় ব’ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত সম্ভৱতঃ অহা সোমবাৰে নতুন চৰকাৰে শপতগ্রহণ কৰিব৷ অৱশ্যে সকলো নির্ভৰ কৰিব সংসদীয় ব’ৰ্ডৰ বৈঠক কেতিয়া অনুষ্ঠিত হ’ব৷

You might also like