নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত অঘটনঃ বতাহত ভাগি পৰিল তিতাবৰ মহকুমা প্ৰশাসনৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ পেণ্ডেল

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: দেশৰ ৭৫ বছৰীয়া গৌৰবজ্জল স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনলৈ মাথোঁ কেইঘণ্টামান সময় আছে।কেন্দ্ৰীয় চৰকাৰে দেশত স্বাধীনতাৰ মহোৎসৱৰ আয়োজন কৰি দেশত তিনি দিনীয়া কাৰ্যসূচীৰে ঘৰ ঘৰ ত্ৰিৰংগা , হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে।ইয়াৰ ফলত চহৰ নগৰ সকলোতে ত্ৰিৰংগা উৰি এক আনন্দময় পৰিবেশৰ সৃষ্টি হৈছে।এনে সময়তে তিতাবৰত ঘটিল এক অঘটন।তিতাবৰ মহকুমা প্ৰশাসনে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা স্বাধীনতা দিৱসৰ পেণ্ডেল আজি পুৱা সামান্য এচাটি বতাহত ভাঙি পৰে।

উল্লেখ যে তিতাবৰত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস তৃতীয় অসম আৰক্ষী বাহিনীৰ চৌহদত উদযাপন হৈ আহিছিল।তিতাবৰ মহকুমা প্ৰশাসনে যোৱা কেইটামান বছৰৰ পৰা তৃতীয় অসম আৰক্ষী বাহিনীৰ চৌহদৰ পৰিবৰ্তে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস অনুষ্ঠিত কৰি আহিছে।দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱস তিতাবৰ মহকুমা প্ৰশাসনে এই ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজন কৰিছিল।তিতাবৰৰ আৰক্ষীয়ে বাহিনীয়ে ক্ৰীড়া প্ৰকল্পটো নিজৰ জিম্মাত ৰাখি সুৰক্ষিত কৰি ৰখাৰ লগতে যোৱা কেইবাদিনৰ পৰে পেণ্ডেলৰ কাম চলি আছিল। এক প্ৰকাৰ সম্পূৰ্ণ ৰূপত সাজু হৈ উঠাৰ সময়তে আজি কোনো বতাহ বৰষুণ নোহোৱা স্বত্তেও পুৱা সামান্য এচাটি মলয়া বতাহত সমগ্ৰ পেণ্ডেল ভাঙি পৰে।সামান্য নিম্ন মানদণ্ডৰে কাম কৰাৰ কাৰণে স্বাধীনতা দিৱসৰ পেণ্ডেল ভাঙি পৰে বুলি ৰাইজে উল্লেখ কৰে। স্বাধীনতা দিৱসৰ দিনা এই পেণ্ডেল ভাঙি পৰা হলে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হলহেঁতেন।স্বাধীনতা দিৱসৰ প্ৰাকমুহুত্বত পেণ্ডেলটো সামান্য এচাটি বতাহত ভাঙি পৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

 

তিতাবৰৰ পৰা প্ৰনৱজ্যোতি কলিতা

You might also like