নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অমিত শ্বাহৰ উপস্থিতিত দিল্লীত ড০ শর্মা জোৰামথাংগাৰ বৈঠক

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ অসম–মিজোৰাম সীমান্তত বিৰাজ কৰি থকা উত্তেজনা প্রশমন তথা দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ব৷ জানিব পৰা মতে, গৃহমন্ত্রীৰ আমন্ত্রণমর্মে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই ইতিমধ্যে দিল্লীত আহি উপস্থিত হৈছে যদিও পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি আজি বঙাইগাঁৱত হোৱা কেবিনেট বৈঠকৰ বাবে কাইলৈ সন্ধিয়াৰ ভাগত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা গুৱাহাটীৰ পৰা দিল্লী আহি পাব৷ কাইলৈ নিশাৰ ভাগতেই ৬এ কৃষ্ণ মেনন মার্গস্থিত গৃহমন্ত্রীৰ চৰকাৰী বাসভৱনত বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা৷ সূত্রটো মতে, বৈঠকত অসম আৰু মিজোৰামৰ সীমা বিবাদৰ ক্ষেত্রত দুয়ো ৰাজ্যৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা ল’ব অমিত শ্বাহে৷ উল্লেখ্য যে দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে ৰাজনৈতিক পর্যায়ত আলোচনাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীজনে পূর্বে দুয়ো মুখ্যমন্ত্রীক পৰামর্শ দিছিল৷ উল্লেখ্য যে চলিত বছৰৰ ২ আগষ্টত অসম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদে শেহতীয়াকৈ এক জটিল ৰূপ ধাৰণ কৰিছে৷ তেনে পৰিস্থিতিত কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীৰ মাজত কাইলৈ অনুষ্ঠিত হ’বলগীয়া বৈঠকখন হ’ব যথেষ্ট লক্ষণীয়৷

You might also like