নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইন প্রত্যাহাৰত মোদী কেবিনেটৰ অনুমোদন

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ  বহু বিতর্কিত তিনিখন কৃষি আইন বাতিল কৰিব বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰাৰ পাঁচ দিন পাছত কেন্দ্রীয় কেবিনেটে  এই সিদ্ধান্তত অনুমোদন জনাইছে৷ কেবিনেটৰ দ্বাৰা অনুমোদিত এই আইন অহা সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ’ব৷ ইয়াৰ লগে লগে যোৱা এবছৰ ধৰি হাজাৰ হাজাৰ কৃষকে বিৰোধিতা কৰি অহা বিতর্কিত তিনিখন কৃষি আইন বাতিল হোৱাটো নিশ্চিত হৈ পৰিছে৷

কেন্দ্রীয় কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰে৷ ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আয়োজিত কেন্দ্রীয় কেবিনেটৰ বৈঠকে আজি কৃষি আইন বাতিলৰ সিদ্ধান্তত ছীল–মোহৰ মাৰিছে৷ আগন্তুক শীতকালীন অধিৱেশনত তিনিখন কৃষি আইন প্রত্যাহাৰ কৰাটো আমাৰ মুখ্য অগ্রাধিকাৰৰ বিষয় হ’ব৷’ –সংবাদ মেলত অনুৰাগ ঠাকুৰে এইদৰে কয়৷ অৱশ্যে তেওঁ প্রতিবাদী কৃষকে দাবী কৰি অহা নূ্যনতম সমর্থন মূল্যৰ (এম এছ পি) নিশ্চয়তা প্রদানৰ বিষয়টোক লৈ মত প্রকাশৰ পৰা বিৰত থাকে৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে পাঁচ দিন পূর্বে দেশৰ কৃষকৰ প্রতিবাদৰ ওচৰত সেও মানি বিতর্কিত কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিছিল যদিও প্রতিবাদী কৃষকসকল মোদীৰ ঘোষণাক লৈ আশ্বস্ত হ’ব পৰা নাই৷ দিল্লীত কৃষক সংগঠনসমূহে চৰকাৰৰ পৰা এম এছ পিৰ নিশ্চয়তা প্রদানকে ধৰি কেইবাটাও দাবীৰে এতিয়াও প্রতিবাদ অব্যাহত ৰাখিছে৷

ইফালে, কেন্দ্রীয় কেবিনেটে  প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা ২০২২ বর্ষৰ মার্চলৈ সম্প্রসাৰিত কৰাৰ সিদ্ধান্ত লৈছে৷ এই সন্দর্ভত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে কয় যে মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে কেন্দ্রই ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত আৰম্ভ হোৱা এই আঁচনিয়ে দেশৰ কোটি কোটি লোকক উপকৃত কৰিছে৷ তেওঁলোকক অধিক সকাহ দিবলৈ কেন্দ্রই পুনৰ চাৰি মাহলৈ এই আঁচনিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ এই অতিৰিক্ত সময়ছোৱাৰ বাবে প্রায় ৫৩,৩৪৪ কোটি টকা ব্যয় হ’ব বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে মহামাৰীৰ সময়ত যাতে দেশৰ কোনো পৰিয়াল অনাহাৰে থাকিব নালাগে, তাৰ প্রতি লক্ষ্য ৰাখি মোদী চৰকাৰে ২০২০ৰ মার্চত প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা মুকলি কৰিছিল৷ চলিত মাহত এই যোজনাৰ ম্যাদৰ অন্ত পৰাৰ কথা আছিল৷ কিন্তু চৰকাৰে আজি প্রধানমন্ত্রীৰ গৰিব কল্যাণ অন্ন যোজনা পুনৰ চাৰি মাহলৈ সম্প্রসাৰিত কৰাত দেশৰ প্রায় ৮০ কোটি লোকে প্রত্যেক মাহত পাঁচ কেজিকৈ বিনামূলীয়াকৈ চাউল অথবা ঘেঁহু লাভ কৰি থাকিব৷

You might also like