নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ ছেপ্টেম্বৰ, আহিন মাহৰ ১৩ তাৰিখ

মেষঃ পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ৷ ঘৰুৱাত শুভকর্ম সম্পাদন৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
বৃষঃ কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বর্তমান পৰিৱেশৰ কথা ভাবি ফুৰা–চকাত নিজে সতর্ক থাকক৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
মিথুনঃ পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাব মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব৷ শৰীৰ মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কর্কটঃ আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব৷ কিবা পৰিৱর্তনৰ নতুনত্ব অনুভৱ৷ বিদ্যাত যত্ন ৰাখক৷ অবাস্তৱ চিন্তাৰে সময় নষ্ট নকৰিব৷ সু–সংবাদ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
সিংহঃ কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ কোনো কাৰণে মনত দুখ আহিব পাৰে৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাবনা থাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
কন্যাঃ বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অভাৱত কাৰো প্রতি খং কৰি লাভ নাই বুলি পাছত বুজিব৷ উদ্বিগ্ণতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
তুলাঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে৷ বিদ্যাত অনুকূল পৰিৱেশ৷ ভ্রমণ চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
বৃশ্চিকঃ কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল৷ যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ বিদ্যাত সিমান বেয়া দেখা নাযায়৷ খাদ্যৰ প্রতি নজৰ ৰাখক৷ নতুন সংযোগত আশা৷ দাম্পত্যত মধ্যম৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷
ধনুঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি৷ প্রেম–প্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
মকৰঃ আজি পূর্বৰ দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ উপৰুৱা ব্যৱসায়ত অনুকূলতা৷ বিদ্যাত যত্ন ৰাখক৷ মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ৷ ভ্রমণৰ যোগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
কুম্ভঃ আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাব ৰাখিবলৈ সক্ষম হ’ব৷ আজি পূর্বদিনৰ তুলনাত কিছু উন্নত৷ শৰীৰৰ আহুকালো কমিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
মীনঃ আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ নতুন যোগাযোগত অনুকূল৷ বিদ্যাত বেয়া দেখা নাযায়৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷

You might also like