নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বানে বুৰালে জাগীৰোড-মায়ঙৰ বৃহৎ অঞ্চল, বৰপাকত খহাই নিলে পথৰ একাংশ 

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প  আৰু মেঘালয়ৰ বৰাপানীৰ উমিয়াম নৈত থকা বান্ধৰ পানী এৰি দিয়াৰ ফলত জাগীৰোড আৰু ইয়াৰ দাঁতি কাষৰীয়া প্ৰায় দুই শতাধিক গাঁও বানৰ কবলত।

ইয়াৰ সমান্তৰালভাৱে কপিলী আৰু কলং নৈৰ বানে বুৰাই পেলাইছে  জাগীভকতগাঁও, বহা-বৰজাৰী, বৰপাক, মায়ং, বুৰাবুৰী আৰু কুৰানীবড়ী গাঁও পঞ্চায়তৰ বিস্তীৰ্ণ কৃষিভূমি। লকডাউনে ইতিমধ্যে জুৰুলা কৰা কৃষকক পুনৰ এই আহিনমহীয়া বানে গভীৰ চিন্তাত পেলোৱা পৰিলক্ষিত হৈছে।

হঠাৎ এনেদৰে জলপৃষ্ঠ বৃদ্ধি হোৱাত এই অঞ্চলৰ বাট-পথসমূহতো আহি পৰিছে তীব্ৰ ভাবুকি। যোৱানিশা ভকতগাঁৱৰ পৰা কমাৰপুৰ সংযোগী পথৰ বৰপাকত এটি কালভাৰ্টেৰে প্ৰচণ্ড সোঁতেৰে বিপৰীত দিশেলৈ পানী প্ৰবাহিত হোৱাৰ ফলত নিশাৰ ভাগত কালভাৰ্টটোৰ এটা বৃহৎ অংশ খহাই লৈ যায়।

ফলত যোগাযোগ বিচ্ছিন্ন হোৱাৰ হোৱাৰ উপক্ৰম হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ। জানিব পৰা মতে, এতিয়ালৈ কোনো গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে পথছোৱা পৰিদৰ্শন কৰা নাই।  অতি শীঘ্ৰে গড়কাপ্তানী বিভাগে একো ব্যৱস্থা নল’লে যোগাযোগ বিচ্ছিন্ন হ’ব কমাৰপুৰ-ভকতগাঁও সংযোগী গড়কাপ্তানী পথটো।

ইয়াৰ বাবে আতংকত ভুগিছে সমগ্ৰ অঞ্চলৰ জনসাধাৰণ। ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আকৌ জলমগ্ন কৰি তুলিছে পবিতৰা অভয়াৰণ্য। অভয়াৰণ্যখনৰ ৭৫ % শতাংশ এলেকা বুৰাই পেলোৱাৰ ফলত পাগলাডুবা, নলতলী হাঁ‌হচৰা, কুক্কাৰি, ধলী আৰু বকুলজান বন শিবিৰ এলেকা পানীৰে উপচি পৰিছে।

ইতিমধ্যে গঁড়ৰ লগতে অন্যান্য জীৱ-জন্তুই নিৰাপদ ওখ স্থানলৈ ঢাপলি মেলিছে।

You might also like