দেৱী দুর্গাৰ আন এটি ৰূপ কালী
🔹 মৃণালিনী দেৱী
সৃষ্টি শক্তিক মাতৃৰূপে কল্পনা কৰি দেৱী উপাসনা কৰাটো প্রাক–ঐতিহাসিক যুগৰে পৰা ভাৰতবর্ষত এক পৰম্পৰা হিচাপে চলি আহিছে৷ সৃষ্টিকর্তা পৰম ব্রহ্ম বিষ্ণুৰ অপৰূপ সৃষ্টি এই বিশাল বিশ্বব্রহ্মাণ্ডখন এক সুনির্দিষ্ট গতিত প্রৱাহিত হৈ থকাৰ মূলতে হ’ল এক অলৌকিক ঐশ্বৰিক মহাশক্তি৷ এই মহাশক্তিয়েই ইয়াক সুস্থিৰ, সুনিয়ন্ত্রিতভাৱে বর্তাই ৰাখিছে৷ যেতিয়াই এই শক্তিৰ অভাৱ ঘটিব, ঠিক তেতিয়াই এই পৃথিৱীৰ মহাপ্রলয় ঘটি বিনাশ হ’ব৷ ‘য’ত জীৱ ত’ত শিৱ’ অর্থাৎ যেতিয়ালৈকে জীৱজগত থাকিব তাত শিৱও থাকিব অর্থাৎ শক্তিও থাকিব৷ শক্তি অবিহনে বিশ্বজগত অচল৷ সেয়েহে দেৱী দশভুজা দুর্গা তথা মহাকালী দেৱীক শিৱৰ অর্থাৎ ব্রহ্মা–বিষ্ণু–মহেশ্বৰ তথা ব্রহ্মৰ শক্তিদায়িনী দেৱী–মাতৃৰূপে শাস্ত্রত ধৰা হৈছে৷
বৈদিক সনাতন ধর্ম মতে পুৰুষ আৰু প্রকৃতি দুয়োটা ৰূপতে ব্রহ্মৰ উপলব্ধি ঘটে৷ পুৰুষ ৰূপত ব্রহ্ম হৈছে ব্রহ্মা–বিষ্ণু–মহেশ্বৰ ৷ সৃষ্টিৰ শক্তিক ব্রহ্ম, স্থিতিৰ শক্তিক বিষ্ণু আৰু সংহাৰ শক্তিক মহেশ্বৰ ৰূপে আমি উপাসনা কৰোঁ৷ কিন্তু ব্রহ্মৰ লগত যদি শক্তি বা প্রকৃতি নাথাকে, তেনেহ’লে সৃষ্টি কার্য অসম্ভৱ হ’ব৷ উদাহৰণ স্বৰূপে যিদৰে ধর্মৰ লগত ধার্মিক, অগ্ণিৰ লগত উত্তাপ, গাখীৰৰ লগত তাৰ ৰং আৰু সমুদ্রৰ লগত তৰংগ বা ঢৌ উভয়ে অভিন্ন, ঠিক তেনেদৰে ব্রহ্ম আৰু তাৰ শক্তিও উভয়ে অভিন্ন৷ এই শক্তিয়েই হৈছে প্রকৃতি তথা নাৰীশক্তিৰ প্রতিভূ আই দুর্গা–দুর্গতিনাশিনী দেৱী দশভুজা৷ শক্তিস্বৰূপিণী পৰমা প্রকৃতি আই আদ্যাশক্তি মহামায়া৷ শাক্ত ধর্মৰ মূলতত্ত্ব অনুসৰি মহাশক্তিধাৰিণী–পৰমা প্রকৃতি দেৱী দুর্গাই হৈছে এই ব্রহ্মৰ মূল শক্তি৷ এইগৰাকী ব্রহ্মস্বৰূপিণী দেৱী দুর্গাই তিনিটা প্রধান ভিন্ন ভিন্ন ৰূপত বিৰাজিত হৈ আছে জীৱজগতৰ সৃষ্টি কার্যত৷ এওঁলোক তিনিগৰাকী হৈছে ক্রমে মহালক্ষ্মী–মহাসৰস্বতী আৰু মহাকালী৷ মহাকালী হৈছে ঋগবেদৰূপিণী তমোগুণসম্পন্না, মহালক্ষ্মী হৈছে যজুর্বেদৰূপিণী ৰাজঃগুণসম্পন্না আৰু মহাসৰস্বতী হৈছে সামবেদৰূপিণী সত্ত্বগুণসম্পন্না৷ আই ভগৱতী দুর্গাই নিজেই নিজৰ দেহৰ পৰা মহাকালী–মহালক্ষ্মী আৰু মহাসৰস্বতী তিনিটা শক্তি আকর্ষণ কৰি ব্রহ্মালৈ দিলে সাত্ত্বিকী শক্তিৰ অধিকর্ত্রী দেৱী মহাসৰস্বতীক, বিষ্ণুলৈ দিলে মহালক্ষ্মী ৰাজসীশক্তিক আৰু মহেশ্বৰলৈ দিলে তামসশক্তিৰ অধিষ্ঠাত্রী দেৱী মহাকালীক৷ সেয়েহে মহাশক্তিৰূপী আই সচ্চিদানন্দাময়ী পৰমা প্রকৃতি দেৱী ভগৱতী দুর্গাৰেই গুণ আৰু কর্মভেদে তিনিওটা ৰূপেই এক আৰু অভিন্ন৷
আই আদ্যাশক্তি মহামায়া যিদৰে সৃষ্টিৰ গৰাকী, ঠিক তেনেদৰে লয় বা ধ্বংসৰো অধিকাৰী৷ দেৱী শক্তি অবিহনে আসুৰিক শক্তিসমূহৰ বিনাশ অসম্ভৱ৷ বিষ্ণুৰ কর্ণমূলোদ্ভূত মধুকৈটভ অসুৰে যেতিয়া ব্রহ্মাক বধ কৰিবলৈ উদ্যত হৈছিল, তেতিয়া ব্রহ্মদেৱে ভয়ত আতুৰ হৈ দেৱী মহাকালীৰ স্তৱ কৰিছিল৷ ব্রহ্মাৰ স্তুতি–মিনতিত তুষ্ট হৈ তেওঁক ৰক্ষা কৰাৰ বাবে মহাকালীৰ শক্তিৰ বলত মধুকৈটভ বধ সম্ভৱ হৈছিল আৰু ব্রহ্মা ৰক্ষা পৰিছিল৷
শক্তিৰূপা আই দুর্গাৰেই তামসী মূর্তি দেৱী কালী৷ দেৱীৰ এই কালী মূর্তি ধাৰণৰ বর্ণনা পুৰাণ গ্রন্থত এইদৰে পোৱা যায়– পৰমেশ্বৰ শিৱই দেৱীৰ ৰূপ চাবলৈ ইচ্ছা কৰাত দেৱী দুর্গাই নিজৰ সুৱর্ণময় কান্তি ত্যাগ কৰি অন্ধকাৰ–কাজল সদৃশ বৰণ ধাৰণ কৰিলে৷ ৰোমাঞ্চিত শৰীৰৰ উন্নত স্তন যুগল, তীব্র যৌৱনৰ মাদকতাই যেন স্বয়ং স্বামী শিৱকো আওকাণ কৰি মুক্তকেশী দিগম্বৰী বেশেৰে চতুর্ভুজা–পদ্মলোচনা প্রজাপতি দক্ষৰ কনিষ্ঠা কন্যা মৰমৰ সতী স্বামীৰ সমুখত শ্যামা কালী হৈ পৰিল৷ শুম্ভ–নিশুম্ভৰ সেনাপতি চণ্ড–মুণ্ডৰ সৈতে যুদ্ধ কৰাৰ সময়তো দেৱী দুর্গাৰ ভ্রূকুটি কুটিল মুখমণ্ডলৰ পৰা আৱির্ভূত হৈছিল৷ অদ্ভুত ৰামায়ণ গ্রন্থখনিতো আমি এইদৰে পাওঁ যে সীতা দেৱীয়ে দশানন ৰাৱণক বধ কৰাৰ সময়ত ভয়ংকৰ ৰূপত কালী মূর্তি ধাৰণ কৰিছিল৷ অর্থাৎ ভগৱান ৰামচন্দ্রই ৰাৱণ বধৰ অন্তত সীতাক এই কালীৰ ৰূপতে দেখিবলৈ পাইছিল৷ তেতিয়া তেওঁৰ ৰূপ আছিল চতুর্ভুজা, শৱৰূপী মহাদেৱ শিৱৰ হূদয়ত দণ্ডায়মান হৈ ৰক্তপান কৰি থকা চকুহালি কোটৰলৈ সোমাই যোৱা নৰমুণ্ডৰ মালা ধাৰণ কৰি থকা অৱস্থাত, যেন সমগ্র বিশ্বব্রহ্মাণ্ডখনকে খাই গিলি পেলাব৷ কালিকাপুৰাণ মতে হিমালয় কন্যা পার্বতীও ক’লা বৰণ হৈ জন্মলাভ কৰিছিল বাবে এওঁৰ নাম কালী হৈছিল৷
কিন্তু মহিষাসুৰক নিধন কৰাৰ সময়ত দুর্গাৰ ৰাজসীমূর্তি মহালক্ষ্মী নামেৰেহে প্রকাশিতা হৈছিল৷ দেৱী ভাগৱতত কোৱা আছে যে– মই আৰু ব্রহ্ম একে৷ যিগৰাকী ব্রহ্ম তেৱেঁই মই৷ মই য’ত তেৱোঁ ত’ত৷ ভুলবশতঃ এই ভেদৰ সৃষ্টি৷ বাস্তৱত নহয়৷ মার্কণ্ডেয় পুৰাণত বা চণ্ডীগ্রন্থত দেৱী দুর্গাৰ অলেখ নামৰ অলেক ৰূপ–মাহাত্ম্যৰ কথা আমি পঢ়িবলৈ পাওঁ৷ প্রতিটো নাম বা প্রতিটো ৰূপৰে অন্তর্নিহিত শক্তি আৰু মহিমাৰ ব্যুৎপত্তিগত অর্থ আৰু কাহিনী তথা মাহাত্ম্যৰ বর্ণনাও আমি গ্রন্থত পাই আহিছোঁ৷ মেধচ মুনিৰ মতে ত্রিগুণময়ী দেৱী দুর্গাৰ সত্ত্ব–ৰজঃ–তম এই তিনিওটা গুণেই তেওঁৰ দেহত নিহিত হৈ থকা বাবে তেওঁকেই শর্বা–চণ্ডিকা–দুর্গা– আৰু ভগৱতী বুলি আখ্যা দিয়া হৈছে৷ শ্রীশ্রীচণ্ডী গ্রন্থৰ একাদশ অধ্যায়ত যি নাৰায়ণী স্তুতি আছে, তাত দেৱতাসকলে দেৱী স্তুতিৰ মাধ্যমেৰে কৈছিল– ‘‘হে দেৱী, তুমি আমাৰ শত্রু বিনাশ কৰি জীৱজগতৰ বিপদ যিদৰে উপশম কৰিলা, ঠিক সেইদৰে ভৱিষ্যতেও যেন আমাৰ সকলো বিপদ–বিঘিনি আঁতৰাই আমাক ৰক্ষা কৰি থাকা৷’’ তেতিয়া দেৱীয়ে দেৱতাসকলক আশ্বাস দি কৈছিল এইদৰে– দুর্গম নামৰ মহা অসুৰজনক যেতিয়াই মই বধ কৰিম, তেতিয়া মোৰ নাম দুর্গা হ’ব৷ সেয়েহে শাকম্ভৰী অৱতাৰত দেৱীয়ে দুর্গম অসুৰক বধ কৰি দুর্গা নামে প্রখ্যাত হৈছিল৷ গতিকে এইগৰাকী দেৱী দুর্গাই হৈছে সমগ্র বিশ্বশক্তিৰ অধিষ্ঠাত্রী মাতৃস্বৰূপা আদ্যাশক্তি মহামায়া আৰু সৃষ্টিকর্ত্রী আই ভগৱতী দশভুজা৷ এওঁক স্মৰণ কৰিয়ে বিশ্ব সমাজে নিজৰ নিজৰ বিপদ–আপদ, দুখ–দুর্গতি সকলো খণ্ডন কৰি আহিছে৷
এইগৰাকী মহাশক্তিধাৰিণী বিশ্বজননী দেৱী দুর্গাৰ মুখমণ্ডল মহেশ্বৰ শিৱৰ তেজেৰে গঠিত হৈ দুর্গা নামেৰে অভিহিত হৈছিল দেৱ সমাজৰ মাজত৷ দুর্গা হৈ জন্ম লোৱাৰ পিছতেই মহাদেৱ শিৱই নিজৰ ত্রিশূলডালকে দেৱীক প্রদান কৰিছিল দুষ্ট দুর্জনসকলক দমন কৰাৰ বাবে৷ কাৰণ এই কাম সাধন কৰিবলৈ হ’লে শিৱৰ শক্তিৰো যে দৰকাৰ তাক দেৱীয়ে নিশ্চয়কৈ জানিছিল৷ কাৰণ শিৱ আৰু তেওঁ নিজে মিলিয়েই এইক্ষেত্রত মূল শক্তি৷ সেয়েহে বেদত অর্থাৎ দেৱীসুক্তত দেৱীয়ে নিজেই কৈছে এইদৰে– ‘‘অহং ৰূদ্রেভিঃ বসুভিঃ চৰামি’’৷ আকৌ তেওঁ কৈছে– ‘‘মই ৰুদ্রৰ হাতৰ ধনুৰে অসাধু অসতক নাশ কৰোঁ আৰু সন্তক পালন কৰোঁ৷ তাৰ উপৰি শুম্ভ–নিশুম্ভৰ ঘৰলৈ শিৱৰূপ ধাৰণ কৰি দূত হিচাপে তেওঁ নিজেই গৈছিল৷ তেতিয়াৰ পৰা দুর্গাৰ আন এটি নাম হয় দেৱী ‘শিৱ দূতি’৷ গতিকে শিৱ আৰু শক্তি অভিন্ন৷’’ দুয়ো মিলিয়েহ শিৱ–শক্তি নাম হৈছে৷ এটাই আনটোক এৰি সৃষ্টিকার্য সম্ভৱ কৰি তুলিব নোৱাৰে৷ সৃষ্টিৰ পৰম শক্তিটোৱেই হ’ল দেৱী দশভুজা যাক আমি বিশ্বশক্তি জগত ঈশ্বৰী, শিৱৰ পৰম প্রিয়া শিৱা বুলি মানি আহিছোঁ৷ কিন্তু এই শিৱা অর্থাৎ শক্তি অবিহনে মহাদেৱ শিৱও ‘শৱ’ৰূপে প্রকাশ পাইছে৷ তথাপি এই শিৱাৰে অর্থাৎ মহাকালীৰ বিশ্ব–সংহাৰ মহামূর্তিৰ কবলৰ পৰা বিশ্বব্রহ্মাণ্ডক ৰক্ষা কৰিবলৈ এই মহাদেৱ শিৱই নিজে মহাকাল ৰূপ ধাৰণ কৰি মহাকালী শিৱাৰ পদানত হৈ তেওঁক দক্ষিণা কালী ৰূপে প্রতিষ্ঠা কৰাৰ উপৰি ভয়াৱহ সংকটৰ পৰা বিশ্ববাসী জনগণক ৰক্ষা কৰিবলগীয়া অৱস্থা হৈছিল৷ আজিকোপতি ভাৰতবর্ষৰ জনগণে দেৱীৰ এই দক্ষিণা কালী ৰূপতে পূজা–সেৱা আগবঢ়াই আহিছে৷
দেৱী দুর্গাৰেই আন এটি ৰূপ এই কালী দেৱী৷ আদ্যাশক্তি মহামায়া দেৱী দশভুজাৰেই এক বিশেষ অংশ হিচাপে দেখুওৱা হৈছে৷ এওঁ কমলালোচনা৷ শ্রীশ্রী দুর্গা–দশভুজা দেৱীৰ কপালৰ পৰা এই কালী দেৱীৰ আৱির্ভাৱ হৈছে৷ দেৱকুল অর্থাৎ স্বর্গৰাজ্য ৰক্ষাৰ বাবে শুম্ভ আৰু নিশুম্ভ অসুৰ দুগৰাকীক নিধনৰ বাবে দুর্গা দেৱীয়ে এওঁক জন্ম দিবলগীয়া হৈছিল৷ দুর্গা আৰু কালী এটি দেৱীৰেই অংশ মাথোন৷ ৰণ নিপুণা–ৰণমত্তা মহাশক্তিধাৰিণী দেৱীয়ে এক ভয়ানক উগ্রচণ্ডা ৰূপ ধৰি দেৱতাসকলে বলে নোৱৰা অপৰাজেয় এই দুই ভাতৃক নিধন কৰিবলৈ উদ্যত হৈছিল৷ ত্রিনয়না মহাদেৱী দুর্গাই অসুৰদ্বয়ৰ প্রতি ক্রুদ্ধ হৈ তেওঁৰ কপালত থকা চকুটিৰ পৰা এই মহাকালীক জন্ম দি দেৱ সমাজৰ কল্যাণ সাধন কৰিছিল৷ সর্বশক্তিৰ ভিতৰত অন্যতম এই কালী দেৱীক সকলো দেৱ–দেৱী, ঋষি–মুনি–গন্ধর্ব–কিন্নৰ-যক্ষ-ৰক্ষ আদিয়ে পূজা কৰাৰ উপৰি সমগ্র বিশ্বৰ মানৱ সমাজেও অতীত কালৰে পৰা অতি ভক্তিভাৱে পূজা–সেৱা আগবঢ়াই আহিছে৷ এওঁ সকলোৰে দুখ–দুর্গতি নাশ কৰি পৃথিৱীৰ মংগল সাধন কৰি আছে৷ এওঁৰ শৰীৰৰ বৰণ ঘন–ক’লা–শ্যামবৰণীয়া৷ মুক্তকেশী আৰু দিগম্বৰী৷ কোটি সূর্যৰ সমান উজ্জ্বল প্রভা দেহত বিৰাজ কৰি আছে৷ এইগৰাকী কৃষবর্ণা দেৱী মহাকালীয়ে সমগ্র বিশ্বজগতৰ সকলোৰে সর্বসিদ্ধিপ্রদায়িনী জননীৰূপে প্রকাশিতা হৈ আহিছে৷ শান্ত অৱস্থাত এওঁ অতি ধীৰ–স্থিৰ৷ ঈশ্বৰ–কৃষ্ণ ভগৱান পৰমব্রহ্মৰ চিন্তাই মনত সদায় বিৰাজ কৰি থাকে৷ এওঁ অসন্তুষ্ট হ’লে চকুৰ পলকতে এই বিশ্ব–চৰাচৰ ব্রহ্মাণ্ড সংহাৰ কৰিব পাৰে৷ কিন্তু এওঁ ভক্তসকলক সদায় শুভফল প্রদান কৰি ৰক্ষা কৰি আহিছে৷ ধর্ম–অর্থ–কাম–মোক্ষ্ এই চতুর্বর্গ সাধনৰ অধিষ্ঠাত্রী দেৱী হিচাপে জগতত অর্চিতা–পূজিতা আৰু বন্দিতা হৈ যুগে যুগে মানৱ জাতিৰ কল্যাণ সাধন কৰি মানৱৰ হূদয়ত আসনখনি অলংকৃত কৰি ৰাখিছে আৰু অদূৰ ভৱিষ্যতেও ই অটুট থাকিব বুলি আমাৰ বিশ্বাস৷
আই দুর্গতিনাশিনী দুর্গা দেৱী দশভুজা পৰমেশ্বৰী হৈও এওঁ দহ ভাগত বিভক্ত হৈ দশ মহাবিদ্যাৰূপিণী দেৱী হিচাপেও বিশ্ব সমাজত ভক্তসকলৰ মনত স্থান দখল কৰিছে৷ ভয়ংকৰী কালী দেৱী শুভংকৰী মাতৃয়েই হৈছে আদ্যাশক্তি মহামায়া৷ এৱেঁই কালী মহাদেৱী৷ দশ মহাবিদ্যা ৰূপৰ অধিকাৰিণী৷ দশ মহাবিদ্যা দেৱীৰ দশদিকব্যাপিনী মহামূর্তি৷ প্রজাপতি দক্ষৰ যজ্ঞত বিনা নিমন্ত্রিত হৈ দেৱী যেতিয়া ক্রোধান্বিতা হৈ উঠিছিল আৰু বিনা নিমন্ত্রিত হ’লেও পিতৃগৃহৰ উৎসৱ–পার্বণলৈ যোৱাত একো দোষ নাই বুলি ভাবি স্বামী মহাদেৱক পিতৃগৃহলৈ যোৱাৰ বাবে অনুমতি খুজিছিল, তেতিয়া দেৱীয়ে স্বামী শিৱৰ পৰা যোৱাৰ বাবে অনুমতি নাপাই খঙতে অধীৰ হৈ উঠিছিল৷ তেওঁ বাৰে বাৰে পিতৃগৃহলৈ যাবৰ বাবে যিমান উত্রাবল হৈছিল, সিমানেই শিৱৰ পৰা বাধাপ্রাপ্ত হৈছিল৷ তেওঁৰ সর্বশৰীৰ খং আৰু ক্রোধত অতিশয় কঁপিছিল আৰু তেওঁৰ তৃতীয় নয়নৰ পৰা প্রচণ্ড একুৰা বহ্ণি নির্গত হ’বলৈ ধৰিছিল আৰু ৰূপৰ পৰিৱর্তন হৈ সমগ্র শৰীৰ শ্যাম বর্ণ হৈ পৰিছিল৷ দেৱীৰ এই অভূতপূর্ব ভয়ংকৰ ক্রোধান্বিত মূর্তি দেখি মহাদেৱ শিৱ অতি ভীতিগ্রস্ত হৈ পৰিছিল৷ চাৰিওফালে দেৱীৰ দশটি ভয়ংকৰ অদ্ভুত মূর্তিয়ে খেদি ফুৰিবলৈ ধৰিছিল৷ এই দশটিৰূপেই দশ মহাবিদ্যা নামেৰে শক্তি উপাসকসকলৰ মাজত অতি প্রসিদ্ধ হৈ আছে৷ শক্তিৰ তামসী মূর্তি মহাদেৱী কালী৷ এই কালীৰূপ ধাৰণৰ সম্পূর্ণ বিৱৰণ বৃহদ্ধর্মপুৰাণত যি ধৰণে দিয়া আছে তাৰ পৰা আমি এইখিনি কথাকেই বুজিব পাৰোঁ যে প্রজাপতি দক্ষই এটি বিৰাট বৃহস্পতি যজ্ঞ আৰম্ভ কৰিলে৷ সেই যজ্ঞত শিৱ আৰু সতীয়ে নিমন্ত্রণ নাপালে৷ ইয়াকে লৈ সতীৰ মনত বৰ দুখ৷ বহুত ভাবি–চিন্তি পিতৃগৃহত বিনা নিমন্ত্রিত হ’লেও জন্মদাতা পিতৃৰ ঘৰত বিয়া দিয়া কন্যা গ’লে একো দোষ নহয় বুলি পিতৃয়ে কৰা যজ্ঞত উপস্থিত হ’বলৈ মনত হাবিয়াস কৰি স্বামী শিৱক অনুমতি খুজিলে৷ শিৱৰ অনুমতি নাপাই সতী অতি ক্রোধান্বিত হৈ তেওঁক দহটি অদ্ভুত ভয়ংকৰ মূর্তি দেখুৱাবলৈ ধৰিলে৷ এই দহটি মূর্তিয়েই দশ–মহা–বিদ্যা নামেৰে বিশ্ব সমাজত আজিও বিৰাজ কৰি আছে৷
আনহাতে শিৱয়ো নাৰী জাতিৰ প্রতীক অর্থাৎ শক্তিৰ প্রতিভূ দক্ষকন্যা সতীৰ মৃতদেহ কান্ধত ধাৰণ কৰি পৰিভ্রমণ কৰাটোত সমগ্র নাৰী জাতিৰ সতীত্ব তথা মাতৃত্বৰ চৰম গৌৰৱ ৰক্ষা কৰাৰ উপৰি সতীৰ পতিত বিভিন্ন অংগৰে গঠিত একাৱন্নখন পীঠৰ মাধ্যমেৰে সমগ্র বিশ্ব জনগণৰ আধ্যাত্মিক দিশটোৰ কল্যাণ সাধনৰ কথাই সূচাহছে৷ প্রতিখন পীঠৰ সৈতে মহাকাল–মহাদেৱ শিৱ বিদ্যমান হৈ আছে৷ উদাহৰণস্বৰূপে অসমৰ কামাখ্যাৰ যোনিপীঠেই ইয়াক প্রমাণ কৰে৷ এই মহিমাময়ী পৱিত্র পীঠতেই বিদ্যমান হৈ আছে উমানন্দৰূপে স্বয়ং মহাকাল–মহাদেৱ শিৱ৷
সতী আছিল প্রজাপতি দক্ষৰ কনিষ্ঠা কন্যা৷ এওঁক সকলো দেৱতাই মহামায়া বুলি জ্ঞান কৰিছিল৷ মহাদেৱী দুর্গা দশভুজাই পূর্বকালত অর্থাৎ সৃষ্টিৰ আদিতে ব্রহ্মাৰ মানসপুত্র প্রজাপতি দক্ষৰ প্রসূতি মাতৃৰ গর্ভত জন্মলাভ কৰা ষোড়শগৰাকী কন্যাৰ ভিতৰত সতী আছিল সর্বসুলক্ষণা অতি আদৰৰ কন্যা৷ এইগৰাকী কন্যা সন্তানক দক্ষৰাজে শিৱলৈ বিয়া দিছিল৷ সতী আছিল প্রকৃততে জগত ঈশ্বৰী দেৱী মহামায়া তথাপি তেওঁ নিজৰ দেহ ত্যাগ কৰিবলগীয়া হৈছিল তেওঁৰ প্রাণ প্রিয়তম–দেৱাদিদেৱ শিৱৰ প্রতি তেওঁৰ পিতৃ প্রজাপতি দক্ষই কৰা ঘোৰ বিৰোধিতা আৰু অপমানৰ বাবেই৷ কাৰণ কোনো পতিব্রতা নাৰীয়ে পত্নী হিচাপে স্বামীৰ অপমান সহ্য কৰিব নোৱাৰে, লাগিলে অপমান কৰোঁতাগৰাকী পিতৃয়েই হওক বা অন্য কোনোবাই হওক৷ ত্রিজগতৰ ঈশ্বৰ তেওঁৰ স্বামী শিৱ, যিয়ে নিমিষতে এই বিশ্বব্রহ্মাণ্ড ধ্বংস কৰি ছাৰখাৰ কৰিব পাৰে৷ সেইগৰাকী দেৱাদিদেৱ–মহেশ্বৰ শিৱক তেওঁৰ পিতৃ দক্ষই বিৰোধিতা কৰি সকলো দেৱতা গন্ধর্ব–কিন্নৰ–ৰজা-মহাৰজা-ঋষি-মুনিকে প্রমুখ্য কৰি নিজৰ বিয়া দিয়া সকলোটি বাই–ভনী–জোঁৱাইসকলক মঞ্চলৈ আমন্ত্রণ কৰি আনি স্বামী শিৱক যজ্ঞলৈ নিমন্ত্রণ নকৰা বা যজ্ঞৰ ভাগ নিদিয়াটো সতীৰ বাবে অতি বেদনাদায়ক কথা আছিল৷ হৰি আৰু হৰ একাত্ম বুলি জানিও, যোগীসকলৰ গুৰু আৰু দেৱী মহামায়া সতীৰ প্রিয়তম স্বামী হোৱা সত্ত্বেও পিতৃ দক্ষই তেওঁক এই ধৰণে অৱহেলা কৰাটো সতীৰ বাবে বৰ অসহনীয় কথা আছিল৷ শিৱই নানা ধৰণে তেওঁক পিতৃগৃহৰ যজ্ঞলৈ যোৱাটোত বাধা দিয়া সত্ত্বেও বা বিনা নিমন্ত্রণে গ’লে তাত সতীৰ কি অৱস্থা হ’ব সকলো কথা শিৱই তেওঁক কোৱা সত্ত্বেও সতীয়ে নিজৰ মতত পিতৃগৃহৰ যজ্ঞত গৈ যি অপমান সহ্য কৰিবলগীয়া হৈছিল, সি বৰ অসহনীয় হৈ পৰিছিল৷ সেয়েহে পিতৃৰ পৰা পোৱা দৃষ্টিকটু ব্যৱহাৰ আৰু স্বামীৰ নিন্দা পিতৃৰ মুখত শুনি সতীয়ে আৰু স্থিৰে থাকিব নোৱাৰি দক্ষৰ নন্দিনী বা দাক্ষয়িনী নাম লৈ এই পৃথিৱীত নথকাই ভাল বুলি স্বামীৰ মূর্তি হূদয়ত ধ্যান কৰি নিজ শৰীৰ ত্যাগ কৰিছিল সেই যজ্ঞস্থলীতে৷ পুনৰ তেওঁ হিমালয়লৈ গমন কৰি হিমালয় জায়া মেনকাৰ গর্ভত উমা তথা পার্বতীৰূপে জন্মগ্রহণ কৰিছিল৷ তাত তেওঁ বহু বছৰ ধৰি শিৱক আকৌ স্বামীৰূপে পাবৰ বাবে তপস্যা কৰিছিল৷ সেই তপস্যাৰ ফলতে পুনৰবাৰ শিৱক স্বামীৰূপে লাভ কৰিছিল৷
প্রজাপতি দক্ষই যজ্ঞ কৰি শিৱৰ লগত শত্রুতা আচৰণ কৰাৰ ফলত তেওঁৰ যজ্ঞ এইদৰে নিষ্ফল হৈছিল৷ কাৰণ শিৱবিহীন যজ্ঞ কেতিয়াও সফল নহয়৷ সেয়েহে পিতৃ দক্ষ ৰজাৰ এই যজ্ঞ সতী মহামায়াই নিজৰ দেহাকে ত্যাগ কৰি নিষ্ফল কৰিছিল৷ প্রজাপতি দক্ষ অনুতপ্ত হৈ পিছত তেওঁৰ ভুল বুজিব পাৰি শিৱৰ ওচৰত নত হৈছিল৷ শিৱয়ো ভক্তৰ অনুৰোধত সতীৰ অভিশাপত ছিঙি পৰি যোৱা মূৰ যজ্ঞকুণ্ডত বিচাৰি নাপাই ছাগলীৰ মূৰকে সংযোজন কৰি পুনৰ তেওঁক জীৱন দানেৰে ধন্য কৰি নতুনকৈ কৰা যজ্ঞ সফল কৰি তুলিছিল৷ এই আটাইবোৰ ঘটনাই পৰম ব্রহ্ম ভগৱানৰ ইচ্ছাতেই সাধিত হৈছিল যদিও ইয়াৰ মূল হোতা আছিল আই শিৱশক্তি দেৱী মহামায়া৷ এৱেঁই পিছৰ জন্মত মেনকাৰ গর্ভত জন্মলাভ কৰি পার্বতীৰূপে দুর্গতিনাশিনী দুর্গা নাম লৈ মানৱ জাতিৰ দুখ–দুর্গতি খণ্ডন কৰিছিল৷ এৱেঁই সৃষ্টিৰ মূলাধাৰ আদ্যাশক্তি–মহাশক্তি দেৱী মহামায়া, যিগৰাকী দেৱীয়ে এই ৰূপে স্থিতি লাভ কৰি ব্রহ্মা–বিষ্ণু–মহেশ্বৰ অর্থাৎ পৰম ব্রহ্ম বিষ্ণুত একাত্মতাৰ উপলব্ধি ঘটাই সৃষ্টি কর্ম অবিৰতভাৱে চলাই আহিছে৷ সংস্কৃত ‘শক’ শব্দৰ পৰা শক্তি হৈছে৷ শক ধাতুৰ অর্থ হ’ল সমর্থ৷ যিগৰাকী দেৱীয়ে এই বিশাল অপৰূপ সৃষ্টি বিশ্বব্রহ্মাণ্ডখন এইদৰে সুপৰিকল্পিতভাৱে প্রবাহিত কৰি ৰাখিছে তেওঁকেই আমি শক্তি বুলি কওঁ৷ গতিকে এই শক্তিৰ অধিষ্ঠাত্রী দেৱী হ’ল মহাকালী–মহামায়া দেৱী দুর্গা–দশভুজা, যাক আমি পৰম ব্রহ্মময়ী বা ব্রহ্মশক্তি বুলি কওঁ৷ ব্রহ্মৰ পৰাই ব্রহ্মাণ্ডৰ সৃষ্টি হৈছে৷ এই ব্রহ্মশক্তি বা শিৱশক্তিয়ে সকলোকে ধৰি ৰাখিছে আৰু শেষত এই ব্রহ্মশক্তিতেই সকলো বিলীন হৈছে৷ বিনাশকাৰী বোলা শক্তিটোৰ নাম হ’ল কাল৷ এই কালৰ উৎপত্তি ওঁকাৰ স্বৰূপ অর্থাৎ মহাকাল শিৱত৷ সকলো কালৰে আকৌ কাল হৈছে মহাকাল ব্রহ্ম বা পৰব্যোম৷ গতিকে এই পৰম ব্রহ্মৰ সকলো তত্ত্বকথা উপলব্ধি নহ’লে তাকেই কয় ঘোৰ মহামায়া আৰু উপলব্ধি হ’লেই অঘোৰ মহাবিদ্যা৷ পুৰাণসমূহত এই দহ প্রকাৰ মহাবিদ্যা ৰূপৰ দহটি দেৱীৰেই ৰূপ–মাহাত্ম্যৰ বিষয় বিশদভাৱে বর্ণনা আছে৷ শক্তি উপাসকসকলৰ মাজত এই দেৱীসকলৰ পূজা–সেৱাৰ নিয়ম–বিধিয়ে অতি তাৎপর্য বহন কৰা দেখা যায়৷ শক্তি বা দেৱী দুর্গাৰ তামসী মূর্তিটোকে মহাকালী আই জগতজননী হিচাপে আমাৰ সমাজত পূজা–সেৱাৰ মাধ্যমেৰে স্মৰণ কৰি অহা হৈছে৷ এইদৰে আই পৰমা প্রকৃতি দেৱী দুর্গা অর্থাৎ মহাকালী আদ্যাশক্তি মহামায়াই ভক্তসকলক আসুৰিক শক্তিৰ কবলৰ পৰা জগতৰ জীৱসমূহৰ ৰক্ষাৰ বাবে যুগে যুগে নানাভাৱে নানাৰূপে অলৌকিক প্রভাৱেৰে ৰূপৰ মহিমা তথা মাহাত্ম্য প্রকাশ কৰি আহিছে৷ এই দেৱী শক্তিৰ মহিমা স্বীকাৰ কৰি দেৱী পূজাই যাতে জগতত সমাদৰ লাভ কৰে, তাৰ বাবে যত্নপৰ হওঁ আহক৷