সম্পাদকীয় : গণতন্ত্রৰ উৎসৱ
সর্বকালৰ অভিলেখ গঢ়ি ৯ এপ্রিলত অসমবাসীয়ে উদযাপন কৰিলে গণতন্ত্রৰ উৎসৱ৷ এটা দিনতে অনুষ্ঠিত ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচনত ৮৫.৬১ শতাংশ ভোটদানেৰে অসমবাসীয়ে নিজস্ব মৌলিক অধিকাৰ প্রতিষ্ঠা কৰিলে৷ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ৭২২গৰাকী প্রার্থীৰ জয়–পৰাজয় নির্ণয় হ’ব ৪ মে’ৰ ভোটগণনাত৷ অভিলেখসংখ্যক ভোটদানক লৈ ৰাজ্যৰ শাসক আৰু বিৰোধী ৰাজনৈতিক দলসমূহে উৎসাহ ব্যক্ত কৰিছে৷ নিশ্চিতভাৱে এয়া গণতন্ত্রৰ বাবে শুভ লক্ষণ৷ যি সময়ত দেশৰ প্রচলিত শাসন ব্যৱস্থা আৰু ৰাজনৈতিক নেতাসকলৰ ওপৰত নৱপ্রজন্মৰ আস্থা আৰু বিশ্বাস হ্রাস পোৱা বুলি চর্চা চলিছে সেই সময়তে প্রায় ৮৬ শতাংশ ভোটদানে ইয়াৰ বিপৰীত ছবিখনহে গণতন্ত্রৰ উৎসৱত প্রতিফলন হৈছে৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্রতি নৱপ্রজন্মৰ আস্থা আৰু বিশ্বাস অবিহনে কোনো পৰিস্থিতিতে ভোটদানৰ উচ্চ হাৰে অভিলেখ স্থাপন নকৰিলেহেঁতেন৷ নির্বাচনক সংস্কাৰ সাধন কৰিবলৈ নির্বাচন আয়োগে বিগত চাৰি দশক ধৰি ধাৰাবাহিক প্রচেষ্টা চলাই আছে৷ স্বচ্ছ আৰু নিকা নির্বাচনৰ প্রতি সর্বশ্রেণীৰ লোকৰ আগ্রহ বৃদ্ধি হৈছে৷ ৰাজ্যখনৰ আঢ়ৈ কোটিৰো অধিক ভোটদাতাৰ বাবে এইবাৰ নির্বাচন আয়োগে ৩১,৪৪০টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰিছিল৷ ভোটগ্রহণ কেন্দ্রসমূহত ১,৫১,১৩২ প্রিজাইডিং আৰু প’লিং বিষয়া নিয়োগ কৰিছিল৷ পূর্বৰ লেখীয়া এইবাৰ নির্বাচনত বিশেষ নির্বাচনী হিংসা হোৱা নাই৷ ৰাজ্যখনৰ অধিকাংশ সমষ্টিতে শান্তিপূর্ণভাৱে সমাপন হৈছে নির্বাচন৷ বৰাক উপত্যকাৰ শ্রীভূমি জিলাৰ বেলিলেণ্ড স্কুল ভোটগ্রহণ কেন্দ্রৰ বাহিৰে ৰাজ্যখনৰ কোনো এটা ভোটগ্রহণ কেন্দ্রত পুনৰ ভোটগ্রহণ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই৷ প্রকৃততে অসমবাসীয়ে এইবাৰ বিধানসভা নির্বাচনক গণতন্ত্রৰ উৎসৱ হিচাপে উদ্যাপন কৰাৰ বাবেই ভোটদানৰ উচ্চ হাৰে অভিলেখ গঢ়িবলৈ সমর্থ হৈছে৷ পূর্বতে বাংলাদেশী মূলৰ মুছলমান আৰু চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত ভোটদানৰ উচ্চ হাৰ পৰিলক্ষিত হৈছিল যদিও এইবাৰ ৰাজ্যখনৰ প্রতিটো প্রান্ততে উৎসাহজনকভাৱে ভোটদানৰ হাৰ বৃদ্ধি হৈছে৷ সাধাৰণতে দুই–তিনি কিলোমিটাৰ ব্যাসার্ধত ভোটকেন্দ্রসমূহ স্থাপন কৰা হয়৷ গ্রামাঞ্চলত ঠাইবিশেষে ইয়াৰ দূৰত্ব বৃদ্ধি হয়৷ ভোটদানৰ দিনা ঘৰৰ পৰা ওলাই গৈ ভোটগ্রহণ কেন্দ্রত শাৰী পাতি ভোটাধিকাৰ সাব্যস্তৰ জৰিয়তে পছন্দৰ প্রার্থীজনৰ সপক্ষে জনাদেশ আৰোপ কৰাটো এক গণতান্ত্রিক ব্যৱস্থা৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত ভোটদানৰ হাৰ ইমান বছৰে উৎসাহজনক নাছিল৷ বহুসংখ্যক ভোটদাতাই নির্বাচনৰ দিনটোত নিজৰ মৌলিক অধিকাৰ প্রতিষ্ঠা কৰাৰ বিপৰীতে এক বন্দৰ দিন হিচাপে ঘৰতে কটাইছিল৷ এতিয়া ভোটগ্রহণ কেন্দ্রলৈ গৈ শাৰীপাতি ভোটাধিকাৰ সাব্যস্তৰ জৰিয়তে যোগ্য জনপ্রতিনিধি বাছনিত সক্রিয় ভূমিকা লৈছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে নির্বাচনক গণতন্ত্রৰ উৎসৱত পৰিণত কৰাৰ বাবেই ভোটদানে এইবাৰ নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷
আঢ়ৈ দশক পূর্বে হিংসাজর্জৰ পৰিস্থিতিৰ বাবে অসমৰ নির্বাচনসমূহত খিলঞ্জীয়া লোকসকলৰ ভোটদানৰ হাৰ কম আছিল৷ এতিয়া ৰাজ্যখনৰ সামগ্রিক পৰিস্থিতিৰ পৰিৱর্তন হৈছে৷ আইন–শৃংখলা পৰিস্থিতিৰ দ্রুত পৰিৱর্তনৰ লগতে বিকাশ আৰু উন্নয়নৰ গতি দ্রুততৰ হৈছে৷ অসম বিধানসভাৰ নির্বাচনে এইবাৰ বিশ্বজুৰি বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচন আয়োগে এইবাৰ আন্তঃৰাষ্ট্রীয় নির্বাচন পৰিদর্শন কার্যসূচী (আইইভিপি)ৰ অধীনত বিশ্বৰ ৭খন দেশৰ প্রতিনিধিয়ে তদাৰক আৰু পৰিদর্শন কৰি অভিভূত হৈছে৷ ইজিপ্ত, মেক্সিকো, পর্তুগাল, শ্রীলংকা, এংগোলা, বেনিন আৰু ক্র’ৱেছিয়াৰ ১২গৰাকী আন্তঃৰাষ্ট্রীয় প্রতিনিধিয়ে অসমৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়া নিৰীক্ষণ কৰি গণতন্ত্র এক প্রকৃত উৎসৱ বুলি অভিহিত কৰিছে৷ কামৰূপ জিলাৰ এটা ভোটকেন্দ্রত গ্রামাঞ্চলৰ ভোটদাতাসকলৰ উৎসাহ আৰু গণতান্ত্রিক ব্যৱস্থাৰ প্রতি আস্থা দেখি ক্র’ৱেছিয়াৰ প্রতিনিধি ব্রানিমিৰ ফার্কাছে কয় যে ভাৰতৰ ভোটদান প্রক্রিয়া সমগ্র বিশ্বৰ বাবে এক প্রকৃত গণতন্ত্রৰ উৎসৱ৷ গ্রামাঞ্চলৰ লোকসকলৰ ভোটদানৰ প্রতি উৎসাহ আটাইতকৈ আকর্ষণীয় দিশ৷ এয়া গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্রতি শুভ লক্ষণ বুলি মন্তব্য কৰে ক্র’ৱেছিয়াৰ প্রতিনিধিগৰাকীয়ে৷ একেদৰে পর্তুগালৰ ড০ মিগুৱেল জেছাজ ফেৰেইনা আৰু ড০ ছিলভাই কামৰূপ জিলাৰ ভোটগ্রহণ কেন্দ্রত উপস্থিত হৈ অভিভূত হৈছে৷ পর্তুগালৰ প্রতিনিধি দুজনে সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰিছে এইদৰে– মই ইয়াত উপস্থিত হৈ ভোটদানৰ হাৰ আৰু সম্পূর্ণ প্রক্রিয়াটো দেখি অতি অভিভূত হৈছোঁ৷ সকলোবোৰ অতি সুসংগঠিত, শান্তিপূর্ণ আৰু মুক্ত–নিকা পৰিৱেশত সম্পন্ন হৈছে৷ গণতন্ত্রৰ উৎসৱত ৰাজ্যখনৰ সর্বশ্রেণীৰ লোকৰ অভিলেখসংখ্যক ভোটদানৰ সামগ্রিক জনাদেশ ৰাজ্যৰ ৰাজনীতিত স্থিতাৱস্থা বাহাল ৰখাৰ সম্ভাৱনাই অধিক৷ এইবাৰ নির্বাচনত খিলঞ্জীয়া লোকসকলৰ ভোটদানৰ উচ্চ হাৰত উৎফুল্লিত হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীগৰাকীয়ে দৃঢ়তাৰে কৈছে যে এইবাৰ অধিক শক্তিৰে এনডিএই বিজয়ৰ হেটট্রিক কৰিব৷ বিজেপি আৰু এনডিএৰ অংশীদাৰ দলসমূহে ৯০খনৰ পৰা ১০০খন আসন লাভ কৰিব বুলিও আশা কৰিছে মুখ্যমন্ত্রীয়ে৷ নির্বাচনৰ সাফল্যক লৈ কংগ্রেছকে ধৰি বিৰোধী শিবিৰ এতিয়া সন্দিহান হৈ আছে৷ কংগ্রেছৰ সহযোগী ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে দলগাঁৱকে ধৰি কেইবাটাও সমষ্টিত কংগ্রেছ নেতৃত্বৰ বাবে পৰাজয়ৰ আশংকা ব্যক্ত কৰিছে৷ অখিল গগৈয়ে এই কথাও কৈছে যে যদি ইভিএমত গণ্ডগোল হোৱা নাই তেন্তে বিৰোধীৰ চৰকাৰ নিশ্চিত৷ বিৰোধীয়ে ৭০–৮০খন আসন লাভ কৰিব বুলিও গগৈয়ে দাবী কৰে৷ নির্বাচনত পৰাজিত হোৱাৰ পাছত ইভিএমক অপযশ জাপি দিয়াটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে৷ সাংগঠনিক দুর্বলতা আৰু সর্বসাধাৰণ ৰাইজৰ আস্থাহীনতাক ঢ়াকি ৰখাৰ বাবে ৰাজনৈতিক দলসমূহে পৰাজয়ৰ গ্লানি ইভিএমৰ ওপৰত জাপি দিয়ে৷ কিন্তু প্রচলিত ভোটগ্রহণ পদ্ধতি গণতন্ত্রৰ উৎসৱৰ উত্তম ব্যৱস্থা সেয়া বিশ্বৰ সাতখন দেশৰ প্রতিনিধিয়ে মুকলিকৈ স্বীকাৰ কৰাটো সকলো ৰাজনৈতিক দলৰ নেতৃত্বই মনত ৰখা উচিত৷ জনাদেশক উপেক্ষা কৰি ইভিএমক অপযশ জাপি দি ৰাজ্যখনৰ সংখ্যাধিক্য ভোটদাতাক অপমান কৰাটো উচিত নহয়৷