বিশেষ বাৰ্তা, ২ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানত সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ থকাৰ মাজতে শাৰদীয় দুৰ্গোৎসৱ পাৰ হৈ গ’ল। এইবাৰ ৰাজ্যবাসীয়ে যেন বেদনাগধুৰ অন্তৰ লৈ দেৱী দুৰ্গাৰ আশিস লোৱা দেখা গ’ল। সকলোৱে পূজা মণ্ডপলৈ গৈ দেৱী দুৰ্গাৰ শ্ৰীচৰণত ৰাজ্যবাসীৰ মংগলৰ বাবে সেৱা জনোৱাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবেও প্ৰাৰ্থনা কৰে।
পাঁচদিনীয়া দুৰ্গোৎসৱৰ আজি বিজয়া দশমী। আজি প্ৰতিমা বিসৰ্জনেৰে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱৰ অন্ত পৰিব। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি যথাৰীতি পূজা–অৰ্চনাৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাব ভক্তসকলে।
আজি ৫ দিনে ধৰাত ভক্তগণে পূজা-অৰ্চনা কৰা দুৰ্গতিনাশিনী দেৱী দুৰ্গাক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাব ৰাজ্যবাসীয়ে। বিজয়া দশমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।
ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জনৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাট প্ৰশাসনে সাজু কৰি তুলিছে। প্ৰতিমা বিসৰ্জন যাতে সু-শৃংখলিতভাৱে সম্পন্ন হয়, তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।