🔹 ওৰে নিশা পৃথকে পৃথকে জেৰা শ্যামকানু-সিদ্ধাৰ্থক
বিশেষ বাৰ্তা, ২ অক্টোবৰ : প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এটা নিশা কটালে চিআইডিৰ লকআপত। কালি দুয়োজনকে গ্ৰেপ্তাৰৰ পিছত মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰ পিছতে দুই অভিযুক্তক ১৪ দিনৰ চি আই ডিৰ জিম্মাত দিয়ে। তাৰ পিছতে দুয়োকে হেণ্ডকাফ লগাই চি আই ডিৰ কাৰ্যালয়লৈ অনা হয় আৰু তাতে তেওঁলোকক লগে লগে লকআপত ভৰাই থয়।
বিলাসী জীৱন কটোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এটা নিশা পাৰ কৰিলে চি আই ডিৰ লকআপত। দিল্লীত শ্যামকানু মহন্তক আৰু গুৰগাঁৱত সিদ্ধাৰ্থ শৰ্মাক আটক কৰি ১ অক্টোবৰৰ পুৱা গুৱাহাটীলৈ অনাৰ পিছতে চি আই ডিয়ে দুয়োকে ১৪ দিনৰ বাবে নিজৰ জিম্মাত লয়। সংস্কৃতিৰ বেপাৰী শ্যামকানু আৰু মেনেজাৰ সিদ্ধাৰ্থই সাধাৰণ অপৰাধীৰ দৰেই লকআপত নিশা পাৰ কৰে। জানিব পৰা মতে, দুই অভিযুক্তক ঘৰুৱা খাদ্যও খাবলৈ দিয়া হোৱা নাই। আৰক্ষীয়ে যি খাদ্য যোগান ধৰিছে, তাকেই খাবলৈ দিয়া হৈছে।
চি আই ডিৰ জিম্মাত থকা কালত কালি নিশা প্ৰাণৰ শিল্পী জুবিনক ছিংগাপুৰলৈ লৈ যোৱা সন্দৰ্ভত চি আই ডিয়ে শ্যামকানুক জেৰা চলায়। হিয়াৰ আমঠু জুবিনৰ দেহাৱসনাৰ পাছত পোহৰলৈ অহা সংস্কৃতিৰ বেপাৰী শ্যামকানুৰ অৰ্থনৈতিক অনিয়মৰ বিষয়বোৰো তদন্তৰ আওতালৈ আহিছে, এই সন্দৰ্ভতো চি আই ডিয়ে শ্যামকানুক জেৰা চলাইছে।
আনহাতে, জুবিনৰ মৃত্যুৰ সময়ত ছিংগাপুৰত উপস্থিত থকা সিদ্ধাৰ্থকো নিশা জেৰা চলায় এছ আই টিয়ে। জুবিনৰ মৃত্যুৰ সময়ত সেই স্থানত কি কি ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত জেৰা চলায় এছ আই টিয়ে।
জেৰাকালত এই দুই অভিযুক্তক পৃথকে পৃথকে বিভিন্ন বিষয় সন্দৰ্ভত সোধা-পোছা কৰা হয়। নিশা সুৰাৰ পাৰ্টী কৰাৰ পাছত ১৯ ছেপ্টোম্বৰত জুবিনক কিয় সাগৰৰ মাজলৈ লৈ যোৱা হৈছিল, ইতিমধ্যে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবলৈ ডক্টৰে জনোৱাৰ পিছতো জুবিনক কিয় সাগৰত নামিবলৈ দিয়া হৈছিল এনেকুৱা বিভিন্ন বিষয় সন্দৰ্ভত সোধা-পোছাৰ উপৰি অৰ্থনৈতিক দিশসমূহক লৈও শ্যামকানু আৰু সিদ্ধাৰ্থক পৃথকে পৃথকে জেৰা চলোৱা হয়।
উল্লেখ্য যে কালি নিশা শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই হাতত কেইবাটাও টোপোলা লৈ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল যদিও তেওঁ কোনো মন্তব্য কৰা নাছিল।