নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেৰেঙা পথাৰত মোদীয়ে আজি এক লাখক প্রদান কৰিব ভূমিপট্টা

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ জাতি–মাটি–ভেটিৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত খিলঞ্জীয়াৰ হাতত ১ ভূমিৰ স্বত্ব তুলি দিয়াৰ বাবে সাজু হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত আজিৰ শিৱসাগৰৰ জেৰেঙা পথাৰত এই প্রতিশ্রুতি পূৰণ কৰি এক লাখৰো অধিক ভূমিহীন খিলঞ্জীয়াৰ হাতত তুলি দিয়া হ’ব মাটিৰ পট্টা৷ ইয়াৰ বাবে সাজু হৈ উঠিছে জেৰেঙা পথাৰৰ সুবিশাল সভাস্থলী৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১,০৭,৮৭৫গৰাকী খিলঞ্জীয়া ভূমিহীনক প্রদান কৰিব মাটিৰ পট্টা৷ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুত কৰি তুলিছে সকলো ধৰণৰ নথিপত্র–তালিকা৷ প্রধানমন্ত্রী মোদীৰ আগমনৰ প্রাক্ক্ষণত সকলো নথিপত্র লৈ ইতিমধ্যে শিৱসাগৰত বাহৰ পতা ৰাজহ বিভাগৰ সকলো শীর্ষ বিষয়াই ভূমিৰ পট্টা লাভ কৰিব লগা প্রতিগৰাকী খিলঞ্জীয়া লোকৰ সৈতে যোগাযোগ কৰি তেওঁলোকক সভাস্থলীত উপস্থিত থকাৰ বাবে আমন্ত্রণ জনাইছে৷ ৰাজহ বিভাগৰ তথ্য অনুসৰি উজনি অসমৰ ১০খন জিলাৰ এক লাখৰো অধিক ভূমিহীনক আজি প্রদান কৰা হ’ব ভূমিৰ পট্টা৷ ডিব্রুগড় জিলাৰ ৮,২১৭গৰাকী, যোৰহাট জিলাৰ ৮,০১০গৰাকী, গোলাঘাট জিলাৰ ৭,১৭৩গৰাকী, লখিমপুৰ জিলাৰ ৭,১৫৩গৰাকী, ধেমাজি জিলাৰ ৬,৫০২গৰাকী, মাজুলী জিলাৰ ৬,৪৪৯গৰাকী, কার্বি আংলং জিলাৰ ৫,৭০০গৰাকী, শিৱসাগৰ জিলাৰ ৫,৫১৫গৰাকী, তিনিচুকীয়া জিলাৰ ৫,২৭৬গৰাকী আৰু শোণিতপুৰ জিলাৰ ৫,০০০গৰাকী ভূমিহীনক প্রদান কৰা হ’ব মাটিৰ পট্টা৷ ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন জিলাৰ ১,৪২৫গৰাকী ভূমিহীনকো আজি প্রদান কৰা হ’ব মাটিৰ পট্টা৷মন কৰিবলগীয়া যে ২০১৬ চনত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দায়িত্ব গ্রহণৰ পাছৰে পৰা এতিয়ালৈ ২.২৮ লাখ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰিছে৷ স্বাধীনতাৰ পাছত দেশৰ ইতিহাসত এয়াই প্রথম কার্যসূচী, যি কার্যসূচীৰ দ্বাৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক লাখক একেলগে মাটি প্রদান কৰিব৷

উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এই পদক্ষেপ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷ ৰাজ্য চৰকাৰৰ সমগ্র প্রশাসনিক যন্ত্র ব্যস্ত হৈ পৰিছে সভা সাফল্যমণ্ডিত কৰাৰ বাবে৷ সমান্তৰালভাৱে উজনিত ভিৰ কৰিছে শাসকীয় দলটোৰ নেতা–কর্মীয়ে৷ প্রধানমন্ত্রী মোদীৰ সভাস্থলীত চাৰে তিনি লাখ লোকক আদৰিবলৈ ইতিমধ্যে সম্পূর্ণ হৈছে প্রস্তুতি৷ প্রস্তুতিৰ বুজ ল’বলৈ আজি বিয়লি জেৰেঙা পথাৰত উপস্থিত হয় অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ শুকুৰবাৰে বিয়লি ২.৪০ বজাত হেলিকপ্টাৰ যোগে জেৰেঙা পথাৰৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰা মন্ত্রীগৰাকীৰ মন্তব্য– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণৰ প্রতিটো শব্দই অসমকে ধৰি সমগ্র দেশবাসীৰ বাবে এক আশাৰ বার্তা৷ সেয়েহে সকলো বর্ণ–ধর্ম–সম্প্রদা নির্বিশেষে কাইলৈ এই দিনটোত ইতিহাসপ্রসিদ্ধ জেৰেঙা পথাৰত উপস্থিত থাকি প্রধানমন্ত্রীৰ এই আশাৰ বার্তা সকলোৱে গ্রহণ কৰিব৷ মন্ত্রীগৰাকীয়ে জেৰেঙা পথাৰৰ বুকুত লুকাই থকা ১০০ বিঘা চৰকাৰী ভূমি সংৰক্ষণ কৰা হ’ব বুলিও আজি আশ্বাস প্রদান কৰে৷ আজি মন্ত্রী ড০ শর্মাই পোনে পোনে প্রধানমন্ত্রী মোদীয়ে অৱতৰণ কৰিবলগীয়া হেলিপেড পৰিদর্শন কৰে৷

ইতিমধ্যে উক্ত স্থানত সাজু হৈ থকা জামাৰ, বোমা প্রতিৰোধী বাহনকে ধৰি ২৪ ঘণ্টা পূর্বেই এছপিজিয়ে নিজৰ জিম্মাত লোৱা তিনিওখন অস্থায়ী হেলিপেড তেওঁ দূৰৈৰ পৰা পৰিদর্শন কৰে৷ ইয়াৰ পাছতেই ড০ শর্মাই প্রধানমন্ত্রীগৰাকীয়্ ভাষণৰ বাবে সাজু কৰি তোলা সুবিশাল মঞ্চ পৰিদর্শন কৰাৰ লগতে মঞ্চসজ্জাত নিয়োজিত কর্মচাৰীসকলকো পৰামর্শ প্রদান কৰে৷ মন্ত্রীগৰাকীয়ে নিজেই প্রধানমন্ত্রীগৰাকীয়্ ভাষণ দিবলগীয়া মাইক্র’ফোন সংযোজিত স্পীকাৰ ডাইজত থিয় হৈ পৰীক্ষা কৰাৰ লগতে শব্দৰ দায়িত্বত থকা কর্মচাৰীসকলক এই দিশত সতর্ক হৈ থকাৰ নির্দেশ দিয়াৰ লগতে এই দায়িত্ব সফলভাৱে ৰূপায়ণৰ বাবে পৰামর্শ দিয়ে৷ ইয়াৰ পাছতেই মন্ত্রী ড০ শর্মাই মঞ্চৰ পৰা নামি সভাস্থলীত উপস্থিত থাকিবলগীয়া ৰাইজৰ বাবে নির্মাণ সম্পূর্ণ কৰি তোলা তিনিওটা মণ্ডপত প্রৱেশ কৰি প্রস্তুতিৰ বুজ লয়৷ মন্ত্রীগৰাকীক সভামণ্ডপ পর্যবেক্ষণ কৰাৰ সময়ত সংগ দিয়ে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত সঞ্চালকপ্রধান জি পি সিং, শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিন্হা, সাংসদ তপন গগৈ, বিজেপি নেত্রী সুৰভি ৰাজকুমাৰীৰ লগতে কেইবাজনো বিজেপি নেতাই৷

ইফালে, আজিৰ প্রধানমন্ত্রীৰ আগমনৰ বাবে সভাস্থলীৰ কাষতে সাজু কৰি তোলা হৈছে চাৰিখনকৈ হেলিপেড৷ মূল মঞ্চৰ পৰা ২০০ মিটাৰ দূৰত্বত নির্মাণ কৰা হৈছে এই হেলিপেডকেইখন৷ ইয়াৰে তিনিখন হেলিপেড প্রধানমন্ত্রীৰ বাবে আৰু এখন মুখ্যমন্ত্রীৰ বাবে৷ হেলিপেডৰ পৰা মূল মঞ্চলৈ প্রস্তুত কৰি তোলা হৈছে পকী পথ৷ ইফালে ৰাজ্যিক বিজেপিৰ এক শীর্ষ সুত্রই জানিবলৈ দিয়া মতে প্রধানমন্ত্রী মোদীৰ আগমনৰ পূর্বে শুকুৰবাৰৰ নিশা পৃথক কার্যসূচীৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ নিশাটো কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আমিনগাঁওস্থিত লোকনির্মাণ বিভাগৰ অতিথিশালাত কটাই আজি পুৱা উত্তৰ–পূব পৰিষদ (এনইচি)ৰ বৈঠকত অংশগ্রহণ কৰাৰ বাবে শ্বিলঙলৈ ৰাওনা হ’ব৷ বিয়লি তেওঁ গুৱাহাটীৰ ন–মাইল আমৰিগোগস্থিত চিআৰপিএফৰ গ্রুপ চেণ্টাৰত পূর্ব নির্ধাৰিত এক চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰিব৷ উক্ত অনুষ্ঠানত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনেও অংশ ল’ব৷ ২৪ জানুৱাৰীৰ দিনা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কোকৰাঝাৰ আৰু নলবাৰীত দুখনকৈ ৰাজহুৱা সভা সম্বোধন কৰিব৷

জেৰেঙা পথাৰত উপস্থিত মুখ্যমন্ত্রী
শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হ’বলগীয়া প্রদানমন্ত্রী নৰেন্দ্র মোদীৰ সভাখনক লৈ ব্যাপক প্রস্তুতি চলাই থকাৰ মাজতে শুকুৰবাৰে জেৰেঙা পথাৰত উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ সভাস্থলীত উপস্থিত হৈয়ে মুখ্যমন্ত্রীগৰাকীয়ে প্রস্তুতিৰ বুজ লোৱাৰ লগতে শীর্ষ প্রশাসনিক বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ আজিৰ নিশাটো মুখ্যমন্ত্রীয়ে নাজিৰাৰ অ’ এন জি চি গেছ হাউছত কটাব৷
উদুলি–মুদুলি জয়াৰ পদূলি
শিৱসাগৰ চহৰৰ পৰা মাত্র ৪ কিঃমিঃৰ নিলগৰ জয়সাগৰৰ বুকুতেই মহাসতী জয়মতীৰ অমৰ ত্যাগেৰে জীপাল হৈ থকা জেৰেঙা পথাৰ৷ বছৰটোৰ ৮টা মাহেই নামদাঙৰ বানত বুৰ গৈ থকা জয়াৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত উদুলি–মুদুলি পৰিৱেশ৷ প্রধানমন্ত্রীৰ আগমন উপলক্ষে সমগ্র জেৰেঙা পথাৰতেই চলিছে ব্যাপক প্রস্তুতি৷ প্রায় কুৰিটা সংযোগী পথ, দুটা স্থানত সুবিশাল পার্কিং, চাৰিখন হেলিপেডেৰে জেৰেঙা যেন এতিয়া ন–ৰূপত উজলি উঠিছে৷ বছৰৰ প্রতিটো দিনেই ঘোপ মৰা আন্ধাৰত বুৰ গৈ থকা সমগ্র জেৰেঙা এতিয়া হেল’জেনৰ পোহৰত দগ্মগ্৷
লক্ষ লক্ষজনৰ বাবে জেৰেঙা পথাৰ আকর্ষণৰ কেন্দ্র
২৩ জানুৱাৰীৰ সভাৰ পূর্বেই আজিৰ দিনটোত জেৰেঙাত যেন বিৰ দি বাট পাবলৈ নাই৷ ৬০০ বছৰীয়া আহোম ৰাজশাসনত জেৰেঙা পথাৰৰ সৈতে এক জীৱন্ত বুৰঞ্জী নিহিত হৈ আছে৷ ১৬৯৬ চনৰ আগলৈকে জেৰেঙা পথাৰ জেৰেঙা হাবি হিচাবে পৰিচিত আছিল৷ আহোম স্বর্গদেউসকলে এই জেৰেঙাৰ বুকুতেই সেই সময়ত ভূমিহীনক ভূমি দান দি থাকিবলৈ দিছিল৷ পৰৱতী সময়ত জয়মতী কুঁৱৰীক জেৰেঙা পথাৰতেই কেট্কুৰা গছত বান্ধি চাউদাঙে নির্মম শাস্তি দি হত্যা কৰিছিল৷ সেই তেতিয়াৰ পৰাই জেৰেঙা হাবি জেৰেঙা পথাৰ নাম পাইছিল৷ এসময়ত ভূমিহীনক আহোম স্বর্গদেৱে ভূমিদান কৰা জেৰেঙাত ইতিহাসৰ পুনৰাবৃত্তি ঘটিব আজি৷ কাৰণ আজি এই জেৰেঙাতেই ১ লাখ ভূমিহীনক ভূমিপট্টা প্রদান কৰি ইতিহাস ৰচনা কৰিব প্রধানমন্ত্রীয়ে৷
মোদীয়ে আজি একাপ ৰঙা চাহ খাব
মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংসদ তপন গগৈক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে একাপ গৰম চাহ মঞ্চৰ কাষত সাজু কৰি ৰাখিবলৈ নির্দেশ দিলে৷ মঞ্চতউঠাৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়্ একাপ গৰম চাহ খাব বুলি তপন গগৈক জানিবলৈ দিয়ে ড০ শর্মাই৷
বিজেপিৰ ৰথী–মহাৰথীৰে ভৰি পৰিল জেৰেঙা পথাৰ
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে কেন্দ্রীয় মন্ত্রী, তিনিগৰাকীকৈ সাংসদ, উজনিৰ কুৰিজনতকৈ অধিক বিধায়ক, বিজেপিৰ একাধিক শীর্ষ নেতা, ৰথী–মহাৰথীৰে ভৰি পৰিল জেৰেঙা পথাৰ৷ কাইলৈৰ সভাত অংশগ্রহণ কৰিবৰ বাবে আজিয়েই আহি শিৱসাগৰত উপস্থিত হয় নেতাসকল৷
ড০ শর্মাৰ সৈতে ছেল্ফি তুলিবলৈ জনতাৰ ভিৰ
মন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক  জেৰেঙা পথাৰত দেখা গ’ল একেবাৰে সাধাৰণ পৰিৱেশত৷ অতি কঠোৰ নিৰাপত্তা আৱেষ্টনীত থকা মন্ত্রী ড০ শর্মাক  কাষত পাই অজস্রজনে আগুৱাই গ’ল মন্ত্রীগৰাকীৰ কাষলৈ৷ সকলোৰে লক্ষ্য এটাই মাত্র– মন্ত্রী ড০ হিমন্ত বিশ্বশর্মাৰ সৈতে এখন ছেল্ফি উঠাৰ৷ মন্ত্রী ড০ শর্মাই কোনো এগৰাকীক নিৰাশ নকৰিলে৷ সকলোৰে সৈতে হাঁহি হাঁহি ছেল্ফি উঠিল৷ ৰৈ নাথাকিল সাংবাদিক৷ মন্ত্রী শর্মায়ো অধিকাংশ সাংবাদিকৰ সৈতেই উঠিল ছেল্ফি৷ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকেও মন্ত্রী ড০ হিমন্ত বিশ্বশর্মাৰ সৈতে ছেল্ফিত প’জ দিলে৷
সমগ্র শিৱসাগৰেই ভৰি পৰিল বিজেপিৰ পতাকা, প্রধানমন্ত্রীৰ ফেষ্টুনেৰে
মাজত মাত্র কেইটামান ঘণ্টা৷ ইয়াৰ পাছতেই জেৰেঙাৰ বুকুত ৰচনা হ’ব এক নতুন ইতিহাস৷ শিৱসাগৰৰ বুকুত আৰম্ভ হ’বলগীয়া এই নতুন যাত্রাৰ প্রাক্ মুহূর্তত সমগ্র শিৱসাগৰখনেই যেন আজি প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ফটোসম্বলিত ফেষ্টুন আৰু দলীয় পতাকাৰে গেৰুৱা হৈ পৰিল সমগ্র শিৱসাগৰৰ বাট–পথ৷
তৃতীয়বাৰৰ বাবে শিৱসাগৰত মোদী
বিজেপিৰ প্রধানমন্ত্রী পদৰ প্রার্থিত্বপ্রত্যাশী হিচাপে মোদীয়ে ২০১৪ চনত শিৱসাগৰৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত এক নির্বাচনী সভাত অংশগ্রহণ কৰিছিল৷ ২০১৬ চনত প্রধানমন্ত্রী হিচাপে জেৰেঙা পথাৰৰ বিপৰীত দিশে থকা ৰূপহী পথাৰত শংকৰ সংঘৰ অধিৱেশনত অংশগ্রহণ কৰাৰ পাছত কাইলৈ জেৰেঙা পথাৰৰ সভাখনেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তৃতীয় শিৱসাগৰ ভ্রমণ৷
এখন আসনকে সফলতা বুলি কয় কংগ্রেছে
আজি জেৰেঙা পথাৰৰ পৰাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছলৈ এৰিলে তির্যক বাণ৷ ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে আজি গহপুৰত ৰিপুণ বৰাই চাইকেল চলোৱা সন্দর্ভত কৰা এক প্রশ্ণৰ উত্তৰত মন্ত্রী শর্মাই কয়– মই ৰিপুণ বৰাৰ প্রশ্ণৰ উত্তৰ দিয়াৰ পক্ষপাতী নহয়৷ বিটিএডিৰ নির্বাচনত মাত্র এখন আসন লাভ কৰিয়েই সেয়াও কংগ্রেছ দলৰ সফলতা বুলি দাবী কৰা এনে দলৰ এনে নেতাৰ বিৰুদ্ধে মই কি ক’ম বুলি তির্যক মন্তব্য কৰে৷

You might also like