নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ তিনিটা নতুন কেন্দ্রত ক’ভিড–১৯ টিকাকৰণ অভিযান আৰম্ভ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ শুকুৰবাৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ তিনিটা নতুন কেন্দ্রত ক’ভিড টিকাকৰণ অভিযান আৰম্ভ হৈছে৷ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়, ডাউন টাউন চিকিৎসালয় আৰু নমাইলস্থিত চিআৰপিএফ কম্পজিট চিকিৎসালয়ত কালিৰ পৰা আৰম্ভ হয় ক’ভিড টিকাকৰণ অভিযান৷

মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ অতিৰিক্ত অধীক্ষক ডাঃ অনুপল শর্মাই প্রথমটো ভেকচিন লৈ এই অভিযানৰ শুভাৰম্ভ কৰে৷ তাৰ পিছতে ডাঃ মৃদুল দাস আৰু ডাঃ গৌতম শর্মাক প্রতিষেধক দিয়া হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিশেষ কর্তব্যৰত বিষয়া পমী বৰুৱা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধি ডাঃ অৰূপ ডেকাৰ উপস্থিতিত টিকাকৰণ কৰা হয়৷

ডাউন টাউন চিকিৎসালয় আৰু নমাইলস্থিত চিআৰপিএফ কম্পজিট চিকিৎসালয়তো পুৱাৰ পৰা টিকাকৰণ আৰম্ভ হয়৷ ডাউন টাউন চিকিৎসালয়ৰ ডাঃ উদয়ন বৰুৱা, জ্যোতিষ্মান দত্ত, ময়ূৰাক্ষী দত্ত আৰু ডাঃ ইন্দ্র কুলাধিপতিয়ে প্রথমে টিকা গ্রহণ কৰে৷ চিআৰপিএফ কম্পজিট চিকিৎসালয়ত ডাঃ অনুৰাগ, ডাঃ শৈলেন্দ্র, ডাঃ এছকেএল ভগত আৰু ডাঃ জিতেন্দ্রক প্রথম টিকা প্রদান কৰা হয়৷ জিলা টিকাকৰণ বিষয়া ডাঃ ভবেন্দ্র কুমাৰ দাস আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধি ডাঃ বিজিত গগৈয়ে ডাউন টাউন আৰু চিআৰপিএফ চিকিৎসালয়ৰ টিকাকৰণ কার্যসূচী তদাৰক কৰে৷

টিকাকৰণৰ প্রথম দিনা মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ ১০০জনৰ ৭৯জন, ডাউন টাউনৰ ১০০জনৰ ১০০জন আৰু চিআৰপিএফ চিকিৎসালয়ৰ ১০০জনৰ ৫৯জনক টিকা দিয়া হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী চিকিৎসালয়ত যোৱা ১৬ জানুৱাৰীৰ পৰা টিকাকৰণ অভিযান চলি আছে৷

You might also like