নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মনোনয়ন দাখিল কৰিব সর্বানন্দ সোণোৱালে

ৰাজ্যসভা নির্বাচন

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কাইলৈ ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰিব৷ আজিৰ দিনৰ ১১ বজাৰ পূর্বেই সোণোৱালে মনোনয়ন–পত্র দাখিল কৰিব৷ অসম বিধানসভাৰ সচিব ৰাজ্যসভা নির্বাচনৰ ৰিটানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ লগতে বিজেপি মিত্রজোঁটৰ নেতৃবৃন্দ উপস্থিত থাকিব৷

উল্লেখ্য যে অহা ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বিৰোধী দল কংগ্রেছে এখন আসনৰ বাবে হ’বলগীয়া এই নির্বাচনত তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই আৰু প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত সোণোৱাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাটো নিশ্চিত হৈছে৷

আনহাতে, ৰাজ্যসভাত প্রতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ বাবে সোণোৱালে আজি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি ড০ জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে ৰাষ্ট্রীয় নেতৃবৃন্দ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ মনোনয়ন–পত্র দাখিলৰ প্রাকক্ষণত তেওঁ অসমৰ ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ আশীর্বাদ বিচাৰি কয় যে তেওঁলোকৰ আশীর্বাদৰ বাবেই আজি তেওঁ ভাৰতবর্ষৰ জনতাক সেৱা কৰাৰ সুযোগ লাভ কৰিছে৷

You might also like