নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ অক্টোবৰত গুৱাহাটীলৈ আহিব এম ভেংকায়া নাইডু

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ  অহা ৩ অক্টোবৰত গুৱাহাটীলৈ আহিব উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডু৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত নতুনকৈ স্থাপন কৰা বিশ্বমানৰ পেট এেম আৰ আই উয়িং মেচিন ব্লক উদ্বোধন কৰিব উপ–ৰাষ্ট্রপতিগৰাকী৷

ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্রীগৰাকীয়ে উপ–ৰাষ্ট্রপতিয়ে উদ্বোধন কৰিবলগীয়া ব্লকটি পৰিদর্শন কৰি পেট এম আৰ আই মেচিনৰ পৰিচালনা ব্যৱস্থাৰ লগতে প্রতিষ্ঠানখনৰ বিভিন্ন দিশৰ বুজ লয়৷ এই পৰিদর্শনকালত মন্ত্রীগৰাকীৰ সৈতে স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু ৰাজ্যিক কর্কট প্রতিষ্ঠানৰ সঞ্চালক ডাঃ বিভাস চন্দ্র গোস্বামী উপস্থিত থাকে৷

You might also like