নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৩ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা দ্বিতীয়া, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাক আজিৰ দিনটোত কৃতকার্যতাই মনত আনন্দ দিব৷ দিনৰ দুই বজাৰ পিছত যাত্রা নকৰাই ভাল৷ শৰীৰ মোটামুটি ভালেই যাব৷ শুভ ৰং ৰঙা৷
বৃষ : দিনটো ভালেই দেখা যায়৷ হনুমান মন্দিৰ দর্শন কৰিব৷ শৰীৰৰ প্রতি যত্ন ৰাখিব৷ প্রেমত সাফল্য আশা কৰিব পাৰে৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷ শুভ ৰং সেউজীয়া৷
মিথুন : কর্মক্ষেত্রত সহকর্মীৰ লগত বুজাপৰা ঠিক থাকিব৷ হাতত লোৱা কামবিলাক শেষ কৰাৰ চেষ্টা কৰক৷ ব্যৱসায়ত মধ্যম৷ প্রেমত বাধা নাই৷ শুভ ৰং মেৰুন৷
কর্কট : হাতত লোৱা কামবিলাক শেষ কৰাৰ চেষ্টা কৰক৷ ধনাগম মাধ্যম৷ ওচৰত থকা কোনো বন্ধুৰ লগত বহুদিনৰ পিছত আপোনাৰ সাক্ষাৎ হ’ব পাৰে৷ শুভ ৰং ক’লা৷
সিংহ : আজি পুৱা ঘৰৰ পৰা ওলাই আহোঁতে শনি মন্দিৰত আঠটা তিল তেলৰ প্রদীপ জ্বলাব৷ ৰাতি নিৰামিষ আহাৰ খাব আৰু শুভ কর্ম নকৰিব৷ শুভ ৰং গুলপীয়া৷
কন্যা : আপোনাৰ ব্যৱসায়ৰ ক্ষেত্রত আকস্মিক পৰিৱর্তন আহিব পাৰে৷ প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব৷ সন্তানৰ ক্ষেত্রত শুভ নহ’ব৷ বিদ্যার্থীসকলৰ দিনটো শুভ৷ শুভ ৰং গেৰুৱা৷
তুলা : আপোনাৰ মাটিৰ কামৰ সমস্যা সমাধান হ’ব পাৰে৷ ধনস্থান ভাল৷ প্রেমত সাফল্য আশা কৰিব পাৰে৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷ শুভ ৰং সোণালী৷
বৃশ্চিক : চাকৰি ক্ষেত্রত উন্নতিৰ অযথা পলম আৰু বাধা আহিব৷ স্থাৱৰ সম্পত্তি লাভৰ যোগ৷ ব্যৱসায়ত শুভ যদিও কোনো দিশৰ পৰা লোকচানৰ সম্ভাৱনা৷ শুভ ৰং সোণালী৷
ধনু : আপোনাৰ আর্থিক দিশত সচ্ছলতা আহিব৷ ব্যৱসায়তো শুভ ফল আশা কৰিব পাৰে৷ যান–বাহন, ভূমি লাভৰ সুযোগ৷ দুর্ঘটনাৰ পৰা সাৱধান হ’ব৷ শুভ ৰং ৰঙা৷
মকৰ : নিবনুৱা ব্যক্তিৰ কর্ম লাভৰ যোগ আছে৷ শৰীৰৰ ক্ষেত্রত শুভ ফল আশা কৰিব নোৱাৰে৷ ভ্রমণত সাৱধান হওক৷ প্রেমৰ ক্ষেত্রত বাধাসমূহ দূৰ হ’ব৷ শুভ ৰং কমলা৷
কুম্ভ : বিবাহৰ ক্ষেত্রত ওচৰ–চুবুৰীয়া তথা আত্মীয়ৰে শত্রুতা আহিব পাৰে৷ ভ্রমণত সাৱধান হ’ব৷ স্বাস্থ্য মাধ্যম৷ মামলা–মোকর্দমাৰ পৰা দূৰৈত থকা ভাল হ’ব৷ শুভ ৰং বগা৷
মীন : শিল্পী–সাহিত্যিকৰ বাবে শুভ সময়৷ আনৰ চেষ্টাত ভুল বুজাবুজি দূৰ হ’ব৷ দাম্পত্য জীৱন সুখকৰ হ’ব৷ সন্তানৰ যশ–কীর্তিয়ে আনন্দ দিব৷ শুভ ৰং গেৰুৱা৷

You might also like