নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বিকাশৰ বাবে এদিন কাৰ্যসূচীত মুখ্যমন্ত্রী

প্রধানমন্ত্রী মোদীৰ অসমৰ প্রতি থকা সদিচ্ছাৰ বাবে হৈছে নতুন কর্মযজ্ঞ : মুখ্যমন্ত্রী
অসমৰ যুৱপ্রজন্মৰ আশা-আকাংক্ষা পূৰণৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস কৰিছে : মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যেৰে বিকাশৰ বাবে এদিন কার্যসূচীৰ অধীনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জিলাখন ভ্রমণ কৰি আন্তঃগাঁথনি, ক্রীড়া, বাণিজ্য, দক্ষতা আদিকে ধৰি বিভিন্ন দিশত বিকাশৰ সহায়ক হোৱাকৈ একাধিক প্রকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে৷ মুখ্যমন্ত্রীয়ে আজি প্রথমে নগাঁও বিধানসভা সমষ্টিত উপস্থিত হৈ নগাঁও আৱর্ত ভৱনৰ সন্মুখত আত্মসহায়ক গোট হাট আৰু মুকলি নাট্যশালা উন্নয়ন প্রকল্প উদ্বোধন কৰে৷ প্রায় ২.২৪ কোটি টকা ব্যয় সাপেক্ষে ৰাজহুৱা বিনোদন আৰু আত্মসহায়ক গোটৰ সদস্যাসকলৰ আর্থিক সচ্ছলতাৰ কেন্দ্র হিচাপে এহ প্রকল্প নির্মাণ কৰা হৈছে৷ জিলাখনৰ উদীয়মান ক্রীড়াবিদসকলক উপযুক্ত ক্রীড়া আন্তঃগাঁথনি প্রদান কৰি আগুৱাই নিবলৈ ৰাজ্য চৰকাৰে নুৰুল আমিন ষ্টেডিয়ামৰ ইনডৰ ষ্টেডিয়ামৰ পুনৰ্নির্মাণৰ পদক্ষেপ লৈছিল৷ মুখ্যমন্ত্রীয়ে আজি ২০২০-২১ বর্ষৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে ৪.০৯ কোটি টকা ব্যয়েৰে নির্মিত এই প্রকল্পও উদ্বোধন কৰে৷ আনহাতে, নগাঁও আইন মহাবিদ্যালয়ৰ ওচৰৰ দলঙৰ পৰা আৰ কে বি দলঙলৈ নগাঁৱৰ প্রাণসদৃশ কলং নদীৰ পাৰ উন্নয়ন আৰু সৌন্দর্যৱর্ধনৰ পদক্ষেপৰ অধীনত ২০২০-২১ বর্ষৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে ২৪.৯২ কোটি টকা ব্যয়েৰে এক প্রকল্পৰ ৰূপায়ণ কৰি থকা হৈছে৷ ইয়াৰে নেহৰুবালি চাৰিসীমাৰ পদপথ আৰু উদ্যান আজি মুখ্যমন্ত্রীয়ে নগাঁওবাসীৰ সেৱাত উচর্গা কৰে৷ নলযোগে প্রায় ৯০০ পৰিয়াললৈ পানী যোগানৰ ৩খন আঁচনিও ড০ শর্মাই উদ্বোধন কৰে৷ ৪.৮৩ কোটি টকা ব্যয় সাপেক্ষে কছুৰীগুৰি, বগৰীগুৰি দলংঘাট আৰু বহুৱা চুকত এই আঁচনি ৩খন ৰূপায়ণ কৰা হৈছে৷ আনহাতে মুখ্যমন্ত্রীয়ে ১২.৪৯ কোটি টকা ব্যয়েৰে নগাঁও মহাবিদ্যালয় আৰক্ষী পইণ্ঢৰ পৰা ডিমৌ বাইপাছ শাখালৈ পথ উন্নয়ন আৰু সবলীকৰণ প্রকল্প, ২৫.৭৩ কোটি টকা ব্যয়েৰে নতুন অৱর্ত ভৱন নির্মাণ আৰু গৌৰৱ পথ হিচাপে নগাঁও আৱর্ত ভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ ৫.২১ কোটি টকা ব্যয়সাপেক্ষ পথ নির্মাণ প্রকল্পৰ আধাৰশিলাও স্থাপন কৰে৷ ড০ শর্মাই আজি ইয়াৰ পিছতে বঢ়মপুৰ বিধানসভা সমষ্টিত উপস্থিত হয় আৰু ১৬০.৬২ কোটি টকা ব্যয়েৰে নির্মাণ সম্পূর্ণ হোৱা অথবা নির্মাণ কৰিবলগীয়া কেহবাটাও প্রকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত তেওঁ চামগুৰিত ১০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ২৫ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উল্লেখ্য যে নবীকৰণযোগ্য শক্তিৰ সামর্থ বৃদ্ধিৰ প্রচেষ্টাৰ অংশ হিচাপে শক্তি মন্ত্রণালয়ৰ নির্দেশনা অনুসৰি প্রতিযোগিতামূলক নিবিদাৰ জৰিয়তে অযুউৰ পাৱাৰ প্রাইভেট লিমিটেড আৰু আৰু মহেশ্বৰী মাইনিং এণ্ড এনার্জি প্রাহভেট লিমিটেডে এই প্রকল্প নির্মাণৰ দায়িত্ব লাভ কৰিছিল৷ অযুউৰ পাৱাৰ প্রাইভেট লিমিটেডে ১৫ মেগাৱাট আৰু মহেশ্বৰী মাইনিং এণ্ড এনার্জি প্রাহভেট লিমিটেডে ১০ মেগাৱাট সৌৰশক্তি, অর্থাৎ সর্বমুঠ ২৫ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে প্রকল্পটো নির্মাণ কৰিছে৷ আনহাতে ড০  শর্মাই এই অনুষ্ঠানতে প্রায় ১০ কোটি টকাৰে নির্মিত শ্বহীদ ঠগীৰাম সুত ক্রীড়া প্রকল্প, ১.৪০ কোটি টকাৰে নির্মিত সদ্ভাৱনা প্রকল্প আৰু ৩৭.২২ কোটি টকাৰে নির্মিত জল জীৱন মিছনৰ ৩১ খন পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে৷ তদুপৰি তেওঁ ৮টা জগন্নাথ সামূহিক আৰু দক্ষতা কেন্দ্রৰ শিলান্যাস কৰে৷ প্রায় ১২ কোটি টকা ব্যয়েৰে এই জগন্নাথ সামূহিক আৰু দক্ষতা কেন্দ্রকেহটা আমলখি চাহ বাগিচা, ৰঙামাটি চাহ বাগিচা, ননৈ চাহ বাগিচা, উদমাৰী চাহ বাগিচা, কন্দলি চাহ বাগিচা, জিয়াজুৰী চাহ বাগিচা, শগুণবাহী চাহ বাগিচা আৰু চাপানলা চাহ বাগিচাত নির্মাণ কৰা হব৷ আজিৰ এই নগাঁও ভ্রমণকালতে মুখ্যমন্ত্রীয়ে যশস্বী চিত্রশিল্পী প্রণৱ বৰুৱাৰ স্মৃতিত নির্মাণ কৰা প্রণৱ বৰুৱা কলাক্ষেত্রও শুভ উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে যশস্বী শিল্পী প্রণৱ বৰুৱা আছিল ভাৰতীয় পৰম্পৰা আৰু ঐতিহ্যৰ প্রেৰণাৰে উদ্বুদ্ধ এগৰাকী শিল্পীসত্তা৷ শিল্পীগৰাকীৰ সৃষ্টিকর্মত আধুনিক মূল্যবোধ আৰু পৰম্পৰাগত সংবেদনশীলতা প্রতিফলিত হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে তৈলচিত্রৰ ক্ষেত্রত প্রণৱ বৰুৱা নিঃসন্দেহে আছিল অন্যতম শ্রেষ্ঠ অসমীয়া চিত্রশিল্পী৷ শিল্পীগৰাকীয়ে প্রায় এককভাৱে সমগ্র নগাঁও জিলাখনত এক কলাত্মক পৰিৱেশ গিি তুলিছিল বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ তদুপৰি মুখ্যমন্ত্রীয়ে আজি একশৰণ ভাগৱতী সমাজ, অসমৰ বেবেজীয়া পালনাম থান দর্শন কৰি মূল কীর্তন ঘৰত সেৱা আগববায়৷ তেওঁ থানখনৰ প্রস্তাৱিত কেন্দ্রীয় প্রশাসনিক ভৱনটোৰ আধাৰশিলাও স্থাপন কৰে৷ এই উপলক্ষে উপস্থিতসকলক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে তিনি মহলীয়াকৈ নির্মাণ হবলগীয়া ভৱনটো সম্পূর্ণকৰণৰ দিশত ৰাজ্য চৰকাৰে সহায়–সহযোগিতা আগবঢ়াব৷ নগাঁও বিধানসভা সমষ্টিত আয়োজিত জনসভাখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ভূমিহীন লোকলৈ পট্টা প্রদান তথা বিভিন্ন বিকাশৰ কার্যসূচীসমূহ গ্রহণ কৰি বর্তমানৰ চৰকাৰখনে সমগ্র অসমতে জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ প্রয়াস কৰিছে৷ নগাঁও বিধানসভা সমষ্টিত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০২৬ চনৰ ভিতৰত দেশৰ স্বাধীনতা সংগ্রামৰ এক কেন্দ্র বিন্দু স্বৰূপ নগাঁৱৰ ৰূপ সম্পূর্ণ সলনি হৈ পৰিব৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে সমগ্র ৰাজ্যখনক এটা নতুন ৰূপ দিয়াৰ প্রচেষ্টা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এসময়ত ধর্ণা, পিকেটিং আদিৰে পৰিচিত অসমত এতিয়া শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে আৰু সকলো জাতি–জনগোষ্ঠী–ধর্মা লোকৰ মাজত সমন্বয়ৰ নতুন পৰিৱেশ গগ লৈ উঠিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতবর্ষই বিশ্বৰ পঞ্চম অর্থনীতিত পৰিণত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এনে বিকাশৰ ধাৰা অব্যাহত থাকিলে দেশে এটা সময়ত আমেৰিকা, চীনৰ দৰে দেশৰ অর্থনীতিকো পিছ পেলোৱাৰ সম্ভাৱনা আছে৷ দেশত এতিয়া আস্থা–বিশ্বাসৰ পৰিৱেশ নির্মাণ হৈছে  বুলিও তেওঁ মন্তব্য কৰে৷ নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ এটা এটাকৈ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে বর্তমানৰ চৰকাৰখনে চেষ্টা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমৰ প্রতি থকা সদিচ্ছাৰ বাবে অসমত প্রতিটো দিনতে একোটা নতুন কর্মযজ্ঞৰ আৰম্ভণি হব ধৰিছে৷ তেওঁ কয় যে ৰাজ্যখনৰ প্রতি থকা প্রধানমন্ত্রীৰ এনে সদিচ্ছাৰ বাবেই ব্রহ্মপুত্র নদীৰ ওপৰত একাধিক দলং, জিলা সদৰসমূহত চিকিৎসা মহাবিদ্যালয় স্থাপন, উন্নত বাট–পথ নির্মাণকে ধৰি বিভিন্ন আন্তঃগাঁথনিমূলক প্রকল্পৰ ৰূপায়ণ সম্ভৱপৰ হৈছে৷ বর্তমানে বিৰাজ কৰা শান্তিৰ পৰিৱেশ বাহাল থাকিলে ৰাজ্যখনে দ্রুততাৰে প্রগতিৰ শিখৰত উপনীত হবলৈ সক্ষম হব বুলিও তেওঁ কয়৷ ভাষণত মুখ্যমন্ত্রীয়ে স্বচ্ছতাই জীৱনক পৱিত্র কৰে বুলি মন্তব্য কৰি নগাঁও চহৰখনত স্বচ্ছতা বর্তাই ৰখাৰ বাবে সংকল্পবদ্ধ হবলৈ উপস্থিত সকলোকে আহবান জনায়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ সকলো অর্দ্ধনির্মিত কাম সম্পূর্ণ কৰি ষ্টেডিয়ামখন নান্দনিক ৰূপত সজাই তুলিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় পুঁজি যোগান ধৰিব৷ নগাঁৱত অনুষ্ঠিত এই সভাত জলসম্পদ আদি বিভাগৰ মন্ত্রী পীযুষ হাজৰীকা, বিধায়কদ্বয় ৰূপক শর্মা, শশীকান্ত দাস, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷  আনহাতে বঢ়মপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ কার্যকালত ববমপুৰ সমষ্টিত বহু সংখ্যক আঁচনি তথা প্রকল্প ৰূপায়ণ হৈছে আৰু সমষ্টিটোলৈ চকুত লগা পৰিৱর্তন আহি পৰি আহিছে৷ তেওঁ লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সৌৰশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদনত গুৰুত্ব আৰোপ কৰিছে আৰু প্রতিটো পৰিয়ালে যাতে নিজ গৃহত সৌৰশক্তি উৎপাদন কৰিব পাৰে সেই দিশত আঁচনি গ্রহণৰ কথাও বাজেটৰ জৰিয়তে ঘোষণা কৰিছে৷ প্রধানমন্ত্রীৰ আদর্শৰে অসমেও এই দিশত পদক্ষেপ গ্রহণ কৰি নিজ গৃহতে সৌৰশক্তি উৎপাদনৰ বাবে ইচ্ছুক সকললৈ ৰাজ্য চৰকাৰে ৰাজ সাহায্য আগবেোৱাৰ পৰিকল্পনা গ্রহণ কৰিছে বুলিও তেওঁ কয়৷ তেওঁ লগতে জানিবলৈ দিয়ে যে আগন্তুক পাঁচ  বছৰত অসমে তিনি হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সমর্থ হব৷ ২০২৬ চনৰ ভিতৰত বঢ়মপুৰ সমষ্টি ৰাজ্যখনৰ ভিতৰতে এটা অন্যতম বিকশিত সমষ্টি হব বুলি মন্তব্য কৰি তেওঁ কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে কম সময়ৰ ভিতৰতে সমগ্র ৰাজ্যখনতে যথেষ্ট পৰিৱর্তন সাধিবলৈ সক্ষম হৈছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ৰাজ্যৰ যুৱক-যুৱতীসলক এক লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ ব্যৱস্থা, আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক উদ্যমী হিচাপে গঢ়ি তোলাৰ প্রচেষ্টা, ৪২ লাখ লোকলৈ ৰেচন কার্ড বিতৰণ, মাইক্রফাইনেন্সৰ ঋণ ৰেহাই, ছাত্রীলৈ বিনামূলীয়া নামভর্তিৰ ব্যৱস্থা, মাহিলি ধনৰাশি প্রদান আদিৰ দৰে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে সমগ্র ৰাজ্যতে এতিয়া এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে আৰু অসমৰ যুৱ প্রজন্মৰ আশা-আকাংক্ষাসমূহ পূৰণৰ বাবে চৰকাৰ যত্নপৰ হৈছে৷ ড্রাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যত এতিয়া প্রতিবছৰে ১ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ ড্রাগছ জব্দ হৈছে৷ তেওঁ লগতে কয় যে সুদৰ ব্যৱসায় কৰা লোকসকলৰ বিৰুদ্ধেও চৰকাৰে অভিযান অব্যাহত ৰাখিব৷ ববমপুৰত নৱনির্মিত শ্বহীদ ঠগীৰাম সুত ক্রীড়া প্রকল্পত গেলেৰী নির্মাণৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি টকা প্রদান কৰিব বুলিও আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ তেওঁ লগতে এই ক্রীড়া প্রকল্পত বিভিন্ন খেলৰ প্রশিক্ষণৰ ব্যৱস্থা কৰিবলৈও পৰামর্শ আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্রতিটো বিধানসভা সমষ্টিৰে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উন্নত আন্তঃগাঁথনিৰে নির্মাণৰ পদক্ষেপ গ্রহণ কৰিছে আৰু ববমপুৰ বিধানসভা সমষ্টিত নতুনকৈ এনে ৮ খন শিক্ষানুষ্ঠান নির্মাণ কৰা হব৷ এনে একোখন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নির্মাণত ৮ কোটি টকা ব্যয় হব বুলিও তেওঁ সদৰি কৰে৷ সভাত মন্ত্রী পীযুষ হাজৰীকা, বিধায়কত্রয় ৰূপক শর্মা, শশীকান্ত দাস, বিশ্বজিৎ ফুকন, ৰাজ্য চৰকাৰৰ মহাধিবক্তা তথা বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ এদিনীয়া কার্যসূচীৰে আজি নগাঁও জিলা ভ্রমণকালতে মুখ্যমন্ত্রীয়ে ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মৰিকলঙত নগাঁও জিলা সমিতিৰ নৱনির্মিত স্থায়ী কার্যালয় ভৱনটোও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
You might also like