নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ মার্চ, চ’ত মাহৰ ৫ তাৰিখ
মঙলবাৰঃ তিথি– শুক্লা দশমী, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ নাই

মেষঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ কু–গ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷

বৃষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ কোনোধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব৷

মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৬৷ এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে৷ আনক উপদেশ দি নিজে সমস্যাত পৰিব৷

কর্কটঃ শুভ ৰং ৰঙা, সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ আর্থিক অনাতন দূৰ হ’ব৷ পাবলৈ থকা ধন হাতলৈ আহিব৷

সিংহঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ যান–বাহন দুর্ঘটনাত পতিত হ’ব পাৰে৷ শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷

কন্যাঃ শুভ ৰং নীলা, সংখ্যা ৫৷ কর্মস্থানৰ পৰিৱর্তন হ’ব পাৰে৷ পাৰিবাৰিক কন্দল হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷ ব্যৱসায়ত শুভ৷

তুলাঃ শুভ ৰং বগা, সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ যুটীয়া ব্যৱসায়ত হাত নিদিব৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷

বৃশ্চিকঃ শুভ ৰং হালধীয়া, সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব৷ আনে লোৱা টকা ঘূৰাই পাব৷

ধনুঃ শুভ ৰং গেৰুৱা, সংখ্যা ৭, ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ মূৰত আঘাত পাব পাৰে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷

মকৰঃ শুভ ৰং নীলা, সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্ত হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷

কুম্ভঃ শুভ ৰং হালধীয়া, সংখ্যা ৪৷ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷

মীনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৬, হাতলৈ টকা আহিব, কিন্তু জমা ৰাখিব নোৱাৰে৷ মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে৷ কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক৷

You might also like